দিলিপ হাজৰিকা :নাজিৰা:১৬ ফেব্ৰুৱাৰী :- নাজিৰাৰ সমাজ জীৱনৰ অভিভাৱক স্বৰপ,ৰাজ্যখনৰ বিশিষ্ট চিন্তাবিদ ,শিক্ষাবিদ তথা সাম্যবাদৰ অক্লান্ত সেনানী শ্ৰীযুত অৱণী বৰঠাকুৰ বৰ্তমান বাৰ্দ্ধক্যজনিত অসুখত ভূগি গুৱাহাটীত চিকিৎসাধীন হৈ আছে৷নাজিৰা মহাবিদ্যালয়ৰ অন্যতম প্ৰতিষ্ঠাপক অধ্যক্ষ অন্যায়- অনীতিৰ বিৰুদ্ধে সদা সৰৱ ৯০ উৰ্দ্ধৰ চিৰ তৰুণ অৱনী বৰঠাকুৰে নাজিৰাৰ লগতে গুৱাহাটীৰ ৰাজপথটো দ্ৰুত খোজেৰে সমাজ পৰিৱৰ্তনৰ গভীৰ আশাৰে বিভিন্ন সভা সমিতি আৰু সমদলত যোগদান কৰি নিজৰ যুক্তিপূৰ্ণ বলীষ্ঠ ভাষণেৰে ৰাইজক উৎসাহিত কৰি আহিছিল৷ নাজিৰাবাসীৰ অতি মৰমৰ “অৱনী ছাৰ”ৰ অসুস্থতাত উদ্বিগ্ন নাজিৰাবাসীয়ে তেখেতৰ আশু আৰোগ্য কামনা কৰাৰ লগতে আজি নাজিৰা নগৰৰ মছজিদ সমূহত জুম্মা নামাজৰ পিছত তেখেতৰ আৰোগ্য কামনাৰে পৰমপিতাৰ ওচৰত প্ৰাৰ্থনা কৰা হয় ৷বিয়লি নাজিৰা নাট্য মন্দিৰত অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ তথা নাজিৰা জ্যেষ্ঠ নাগৰিক সমিতিৰ সভাপতি প্ৰভাত বৰঠাকুৰৰ পৰিচালনাত আৰু সংবাদসেৱী চৈয়দ খাইৰুল হাচানে আতঁধৰা এক অনুষ্ঠানত সনাতন , ঈছলাম আৰু খ্ৰীষ্টান ধৰ্মীয় প্ৰাৰ্থনাৰে নাজিৰাৰ সমাজ জীৱনৰ অভিভাৱক স্বৰূপ , মানৱদৰদী চিন্তাবিদ , সাম্যবাদৰ অক্লান্ত সেনানী , বিশিষ্ট শিক্ষাবিদ – লেখক তথা নাজিৰা মহাবিদ্যালয়ৰ অন্যতম প্ৰতিষ্ঠাপক প্ৰাক্তন অধ্যক্ষ অৱনী বৰঠাকুৰৰ আশু আৰোগ্য কামনা কৰে । প্ৰভাত বৰঠাকুৰে সংস্কৃত, , অৱসৰপ্ৰাপ্ত অধ্যক্ষ চৈয়দ মবিদুল ইছলামে ঈছলাম , নাগালেণ্ডৰ মন জিলাৰ নিবাসী নাংফা কন্যাকে খ্ৰীষ্টধৰ্মীয় প্ৰাৰ্থনাৰ লগতে অৱসৰপ্ৰাপ্ত শিক্ষক বিজয় চন্দ্ৰ বৰাই সনাতন ধৰ্মৰ প্ৰাৰ্থনাৰে তেখেতৰ আশু আৰোগ্য কামনা কৰে । অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা বিশিষ্ট সমাজ সংগঠক যোগ গগৈ ,নাজিৰা-শিমলুগুৰি উন্নয়ন প্ৰাধিকৰণৰ সভাপতি ডঃ অজয় লাল বৰুৱা, অধ্যাপক জীতেন ফুকন , চি পি আইৰ অসম ৰাজ্য পৰিষদৰ সম্পাদক কনক গগৈ, সংবাদসেৱী ভাস্কৰ জ্যোতি বৰগোহাঞিয়ে অৱনী বৰঠাকুৰৰ সমাজ জীৱনৰ ওপৰত আলোকপাত কৰি বক্তব্য দাঙি ধৰাৰ লগতে আলতাফ আহমেদ , ডঃ জীৱন কলিতা , ৰাজীৱ বৰা , দিলীপ ফুকন , জয়ন্ত চেতিয়া , ধ্ৰুৱজ্যোতি গগৈ, দিলীপ হাজৰিকা, প্ৰশান্ত বৰঠাকুৰ, ভাস্কৰ মহন্ত , গোপাল বৰুৱা, সৌৰভ কোঁচ, প্ৰাৰ্থ প্ৰতিম বৰুৱা,
বিমান বৰুৱা , জীনামণি বৰগোহাঁই দুৱৰা, নিৰুপমা দত্ত, প্ৰিঞ্চিপ্ৰীয়া দত্ত , সুপ্ৰতীম ফুকন , মৌচুমী মাউৎ , আদিকে ধৰি অৰ্ধশতাধিক ৰাইজ তথা শুভাকাংক্ষী জনগণে মৌন প্ৰাৰ্থনাৰে অৱনী বৰঠাকুৰৰ আশু আৰোগ্য কামনাৰে ভগৱন্তৰ ওচৰত প্ৰণিপাত জনায়৷ সন্ধিয়া নাজিৰাৰ ভালেকেইটা নামঘৰ আৰু মন্দিৰত তেখেতৰ আশু আৰোগ্য আৰু দীৰ্ঘ্ৰায়ু কামনাৰে বন্তি প্ৰজ্বলনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷


