ভাস্কৰজ্যোতি বৰগোহাঞি ,১৯ ফেব্ৰুৱাৰীঃ
নাজিৰাৰ বাট-পথৰ ক্ৰমোন্নতিৰ পৰিৱেশৰ মাজতে ১৩ ফেব্ৰুৱাৰীত পথ নিৰ্মাণকাৰী লোকনিৰ্মাণ বিভাগৰ উদ্যোগত ৰাজপথৰ জনচক্ষুৰ আগত তুলি ধৰা বাটৰ নাটৰ দৃশ্যই ৰাইজ আৰু পথাচাৰীৰ দৃষ্টি আকৰ্ষণ কৰে । এগৰাকী বিধৱাৰ সাজত নাট্য-চৰিত্ৰই দাঙি ধৰা উক্তিত পথ দুৰ্ঘটনাত স্বামীৰ মূৰ ফাটি নিহত হোৱাৰ কৰুণ পৰিণতিত পৰিয়াললৈ নামি অহা কাল অমানিশাৰ মৰ্মন্তুদ বৰ্ণনাই দৰ্শকক শোকাচ্ছন্ন কৰি তুলে । পত্নীক এৰি যোৱা স্বামীয়েও পত্নীৰ বুজনিৰ উৰ্দ্ধত মদ খাই গাডী় চলাই হেলমেট নিপিন্ধাকৈ দুৰ্ঘটনা সংঘটিত কৰে । নাটখনিৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰে পথ সুৰক্ষাৰ শ্ল’গান দি অহা সমদলকাৰীৰ সমুখতে আঢ্যৱন্ত পৰিয়ালৰ যুৱ বাইক চালকে মূৰত পিন্ধাৰ পৰিৱৰ্ত্তে হাততহে হেলমেট ওলোমাই লৈ সমদলকাৰীৰ সঁকিয়নিক প্ৰত্যাহ্বান জনোৱাৰ দৃশ্য । এই দৃশ্যাংশৰ মাজতে সমাৱেশ ঘটে ৰাজপথত মদাহী বাইক চালকে ঘটোৱা দুৰ্ঘটনা । প্ৰায় পোন্ধৰ মিনিট ধৰি প্ৰদৰ্শিত বাটৰ নাট খন “যেতিয়াই চলাবা দুচকীয়া বাহন, হেলমেট মূৰত কৰিবা পৰিধান” “সুৰাপান কৰি চলালে বাহন, নিমিষতে হেৰাব পাৰে অমূল্য জীৱন” আদি শ্ল’গানেৰে ভৰপুৰ হোৱাৰ লগতে “সজাগতাই সুৰক্ষা” এই মূল বাৰ্তা দৰ্শক ৰাইজলৈ এৰি যায় । ঋতুপৰ্ণ বৰগোহাঁইৰ পৰিচালিত বাটৰ নাটত লোকনিৰ্মাণ বিভাগৰ শিৱসাগৰ আৰু ডিমৌ ক্ষেত্ৰীয় কাৰ্য্যালয়ৰ ৯ গৰাকী মহিলা কৰ্মচাৰী সহ মুঠ ১৬ জন কৰ্মচাৰীয়ে অভিনয় শিল্পী হিচাপেে অংশ গ্ৰহণ কৰে । ১৫ জানুৱাৰীৰপৰা আৰম্ভ হোৱা ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ শিৱসাগৰত যোৱা ১৪ ফেব্ৰুৱাৰীত সামৰণি পৰে । নাজিৰাৰ মহকুমাধিপতি আয়ুসী জৈনে দৰ্শকৰ শাৰীত বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰি দুৰ্ঘটনা প্ৰতিৰোধ তথা পথ সুৰক্ষাৰ বিষয়ে দুৱাষাৰ কয় । শিৱসাগৰ জিলা পথ সুৰক্ষা সমিতিৰ সদস্য সচিব তথা অধীক্ষক অভিযন্তা প্ৰকাশ পেগু, নাজিৰা সংমণ্ডলৰ সহকাৰী কাৰ্য্যবাহী অভিযন্তা মন্দীপ দিহিঙ্গীয়াই নাট্য দলটিৰ তত্বাৱধান লৈ আগুৱাই নিয়ে । নাটখনিৰ ব্যৱস্থাপনাত সহযোগ আগবঢ়ায় ৰছিদ আলী আৰু দয়াল কোঁৱৰে ।