নিউজডেক্স,২১ ফেব্ৰুৱাৰী,২০২৪: আগন্তুক লোক সভা নিৰ্বাচন, সন্দৰ্ভত আজি নাজিৰা মহকুমা অন্তৰ্গত শিঙিবিল বি.অ.পি’ত নাগালেণ্ডৰ লংলেং জিলাৰ জিলা প্ৰশাসন আৰু শিৱসাগৰ জিলাৰ জিলা প্ৰশাসনৰ এক বৈঠক অনুষ্ঠিত হয়। উক্ত বৈঠকত আগন্তুক লোক সভা নিৰ্বাচন দুইখন ৰাজ্যত যাতে শান্তিপূৰ্ণভাৱে নিয়াৰিকৈ অনুষ্ঠিত কৰিব পাৰি সেই সন্দৰ্ভত আলোচনা কৰা হয় । শিৱসাগৰ জিলাৰ জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱ, আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰা, অতিৰিক্ত জিলা আয়ুক্ত জাভেদ অৰ্মান , নাজিৰা মহকুমাৰ মহকুমাধিপাতি আয়ুষী জৈন, নাজিৰা নিৰ্বাচনী বিষয়া গায়ত্ৰী পাতিৰ, নাজিৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া জাহ্নৱী গোস্বামী, সহকাৰী আয়ুক্ত কল্যাণ জ্যোতি হাজৰিকা, নাজিৰা মহকুমাৰ আৰক্ষী বিষয়া তপন চন্দ্ৰ কলিতা, গেলেকী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অভিজিৎ কোঁৱৰ আৰু লংলেং জিলাৰ জিলা আয়ুক্ত ধৰম ৰাজৰ লগতে লংলেং জিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ বিষয়া সকল উক্ত বৈঠকত উপস্থিত থাকে।
Breaking News
- নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ
- নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্যাপন
- প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ
- দিখৌ কন্যা এলি আহমেদৰ শাৰীৰিক অসুস্থতাত উদ্বিগ্ন নাজিৰা বাসী
- নাজিৰাত সমগ্ৰ শিক্ষা আঁচনিত ব্যাপক কেলেঙ্কাৰীৰ আশঙ্কা : সমগ্ৰ শিক্ষাৰ একো তথ্য নাই খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত
- যাত্ৰীৰ সুবিধাৰ্থে শিমলুগুৰি জংচনত অত্যাধুনিক অটমেটিক টিকট ভেণ্ডিং মেচিন ( এ টি ভি এম ) স্থাপন
- তিনিচুকীয়া ৰেল ষ্টেচন (পুৰণি)ত প্ৰস্ৰাৱাগাৰৰ দুৰাৱস্থাত যাত্ৰীৰ দুৰ্ভোগ : উদাসীন ৰেল বিভাগ
- চৰকাৰৰ অদূৰদৰ্শীতাৰ বাবেই প্ৰসহনত পৰিণত হ’ল নাজিৰাৰ বহুকোটি টকীয়া গাহৰিৰ মাংস প্ৰক্ৰিয়াকৰণ প্ৰকল্প :


নিউজডেক্স,২১ ফেব্ৰুৱাৰী,২০২৪: আগন্তুক লোক সভা নিৰ্বাচন, সন্দৰ্ভত