নিউজডেক্স,২২ ফ্ৰেব্ৰুৱাৰী,২০২৪: ভাৰতৰ কৃষি উৎপাদিত সামগ্ৰীৰ ৰপ্তানি প্ৰসাৰিত কৰা কৃষি আৰু প্ৰক্ৰিয়াকৃত খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন কৰ্তৃপক্ষই (এপিইডিএ) চলিত
বিত্তীয় বৰ্ষ ২০২৩-২৪ত ২৭ বাৰকৈ নতুন আৰু অন্য উৎপাদিত সামগ্ৰীৰ ৰাপ্তানি কৰে ৷ সংবাদ প্ৰতিষ্ঠান এ এন আই ৰ সূত্ৰ অনুসৰি কেন্দ্ৰীয় কৃষি বাণিজ্য প্ৰসাৰ সংস্থাটোৱে ইয়াৰ অধিক সংখ্যক “নিৰ্ধাৰিত” সামগ্ৰী নতুন গন্তব্যস্থানলৈ ৰপ্তানি কৰাটো নিশ্চিত কৰাৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে।এই সন্দৰ্ভত অ’ডিঅ’পি (এক জিলা এক সামগ্ৰী) আৰু জিআই টেগ (ভৌগোলিক সূচক) সামগ্ৰীৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়, লগতে অগতানুগতিক অঞ্চল বা ৰাজ্যৰ পৰা এই ৰপ্তানিৰ উৎস আহৰণ কৰা হয়।আজিলৈকে এপেডাৰ নিৰ্ধাৰিত সামগ্ৰীসমূহ বিশ্বৰ ভিন্ন প্ৰান্তৰ ২০৩খনতকৈও অধিক স্হানলৈ ৰপ্তানি কৰা হৈছে । কৃষক উৎপাদক সংস্থাসমূহৰ (এফ পি অ’) সামৰ্থ্য বিকাশৰ পদক্ষেপসমূহৰ সৈতেও এপেডা সক্ৰিয় ভাৱে জড়িত, কিয়নো ইয়াক কৃষিজাত উৎপাদিত সামগ্ৰীৰ অপৰিহাৰ্য সংগ্ৰাহক হিচাপে ক্ৰমান্বয়ে স্বীকৃতি দিয়া হৈছে, যোগান শৃংখল সুশৃংখলিত কৰাত আৰু কৃষকৰ বাবে দক্ষ বজাৰ প্ৰৱেশ নিশ্চিত কৰাত ইয়াৰ ভূমিকা গুৰুত্বপূৰ্ণ।প্ৰত্যক্ষ ৰপ্তানি সক্ষম কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এপেডাই পাঁচ বছৰৰ ভিতৰত ১১৯টা কৃষক উৎপাদক সংস্থাসমূহৰ তথা এফপিঅ’ বা কৃষক উৎপাদক কোম্পানী তথা এফপিচিক ৰপ্তানিকাৰকলৈ ৰূপান্তৰিত কৰিছে।নিৰ্দিষ্ট সমৰ্থন আৰু নিৰ্দেশনাৰ জৰিয়তে এই এফপিঅ’সমূহে বিশ্বৰ বজাৰত প্ৰবেশ কৰাৰ ক্ষমতা বৃদ্ধি কৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতীয় কৃষিজাত সামগ্ৰীৰ উপস্থিতি বৃদ্ধি কৰিছে।কৃষি ৰপ্তানি প্ৰসাৰ সংস্থাটোৱে চেণ্ট্ৰেল ইনষ্টিটিউট ফৰ চাবট্ৰপিকেল হাৰ্টিকালচাৰ (চিআইএছএইচ)ৰ সহযোগত দীৰ্ঘ দূৰত্বৰ বজাৰলৈ সতেজ উৎপাদিত সামগ্ৰী ৰপ্তানিৰ বাবে নিৰ্ধাৰিত সাগৰীয় প্ৰট’কল প্ৰস্তুত কৰাৰ বাবে এক সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰিছে। এই কৌশলগত প্ৰচেষ্টাৰ লক্ষ্য হৈছে আশাব্যঞ্জক সতেজ ফলৰ বাবে ৰপ্তানি প্ৰক্ৰিয়াক অনুকূল কৰি তোলা, দক্ষ পৰিবহণৰ সুবিধা প্ৰদান কৰা আৰু লজিষ্টিক খৰচ হ্ৰাস কৰা৷ এই পদক্ষেপৰ অংশ হিচাপে আমেৰিকা আৰু ইউৰোপীয় সংঘলৈ আম আৰু ডালিমৰ পৰীক্ষামূলক চালানৰ পৰিকল্পনা কৰা হৈছে।বিগত নৱেম্বৰ মাহত সাগৰীয় পথেৰে নেদাৰলেণ্ড আৰু জানুৱাৰী মাহত ৰাছিয়ালৈ সফলতাৰে ভাৰতীয় কল প্ৰেৰণ কৰা হয়। সাগৰীয় প্ৰট’কল ৰূপায়ণৰ ফলত কল, আম, ডালিম, আৰু অন্যান্য সতেজ ফল-মূল আৰু শাক-পাচলিৰ দৰে সামগ্ৰীৰ ৰপ্তানিৰ পৰিমাণ কোৱাণ্টাম বৃদ্ধি কৰিব পৰা যাব।