নিউজডেক্স,২২ ফ্ৰেব্ৰুৱাৰী,২০২৪ :উত্তৰ প্ৰদেশৰ সমাজবাদী পাৰ্টিৰ সৈতে কংগ্ৰেছৰ আসন ভাগ-বতৰাৰ চুক্তিৰ পিছতে আম আদমী পাৰ্টিয়ে দিল্লী, গুজৰাট, অসম আৰু হাৰিয়ানাৰ আসনৰ ক্ষেত্ৰতো কংগ্ৰেছ দলৰ সৈতে সহমতত উপনীত হৈছে বুলি এক সূত্ৰই প্ৰকাশ কৰিছে।
দুয়োটা দলৰ নেতাৰ মাজত কেইবালানি আলোচনাৰ অন্তত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া আসনৰ সংখ্যাক লৈ চুক্তিবদ্ধ হোৱা বুলি উক্ত সূত্ৰই প্ৰকাশ কৰে৷চুক্তি অনুসৰি দিল্লীৰ চাৰিখন আসনত আপ আৰু তিনিখন আসনত কংগ্ৰেছে নিৰ্বাচনত অৱতীৰ্ণ হ’ব। আনহাতে গুজৰাটত কংগ্ৰেছে আপক দুখন আসন দিয়াৰ লগতে হাৰিয়ানা আৰু অসমত ১খনকৈ আসন আপক দিয়া হব যদিও পাঞ্জাৱক লৈ এতিয়াও দয়োদল ঐক্যমতত উপনীত হব পৰা নাই৷ আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে টুইটাৰত কয় যে মিত্ৰতাক লৈ আলোচনাত পলম হৈছে আৰু অহা এদিন বা দুদিনত নতুন বাৰ্তা পোৱা যাব | আনহাতে আই.এন.ডি.আই.এ ৰ অংশীদাৰ সমাজবাদী পাৰ্টি (এছ পি) আৰু কংগ্ৰেছে বুধবাৰে উত্তৰ প্ৰদেশত চলিত বৰ্ষৰ এপ্ৰিল-মে’ মাহত অনুষ্ঠিত হ’বলগীয়া আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে আসন ভাগ-বতৰা চূড়ান্ত কৰে। এই সন্দৰ্ভত পূৰ্বে কিছু মতানৈক্যৰ সৃষ্টি হৈছিল যদিও কংগ্ৰেছ নেত্ৰী প্ৰিয়ঙ্কা গান্ধীৰ মধ্যস্থতাত অৱশেষত দয়োদল ঐক্যমতত উপনীত হয়৷ মিত্ৰজোঁটৰ অন্যান্য অংশীদাৰৰ সৈতে সমাজবাদী পাৰ্টিয়ে উত্তৰ প্ৰদেশত ৬৩খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে কংগ্ৰেছক ১৭খন আসন দিয়া হৈছে।মধ্যপ্ৰদেশত কংগ্ৰেছে ২৯ খন আসনৰ ভিতৰত ২৮ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব, এখন আসন সমাজবাদী দলক দিয়া হৈছে । উত্তৰ প্ৰদেশত ৰায়েবাৰেলী আৰু আমেথিৰ (২০১৯ চনত বিজেপিৰ স্মৃতি ইৰাণীৰ হাতত পৰাস্ত হোৱা )ৰ বাহিৰেও কংগ্ৰেছে কানপুৰ নগৰ, ফাতেহপুৰ ছিক্ৰী, বাসগাঁও, চাহাৰনপুৰ, প্ৰয়াগৰাজ, মহাৰাজগঞ্জ, আমৰোহা, ঝান্সী, বুলন্দশহাৰ, গাজিয়াবাদ, মথুৰা, সীতাপুৰ,বাৰাবাংকি, আৰু দেওৰিয়া ৰ পৰা প্ৰাৰ্থী প্ৰক্ষেপ কৰিব ,ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী মোডীৰ সমষ্টি বাৰাণসীও কংগ্ৰেছক দিয়া হৈছে ।ইফালে সমাজবাদী পাৰ্টিয়ে নিজৰ অংশৰ পৰা আঞ্চলিক দলসমূহক আসন বিতৰণ কৰিব ৷

দুয়োটা দলৰ নেতাৰ মাজত কেইবালানি আলোচনাৰ অন্তত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া আসনৰ সংখ্যাক লৈ চুক্তিবদ্ধ হোৱা বুলি উক্ত সূত্ৰই প্ৰকাশ কৰে৷চুক্তি অনুসৰি দিল্লীৰ চাৰিখন আসনত আপ আৰু তিনিখন আসনত কংগ্ৰেছে নিৰ্বাচনত অৱতীৰ্ণ হ’ব। আনহাতে গুজৰাটত কংগ্ৰেছে আপক দুখন আসন দিয়াৰ লগতে হাৰিয়ানা আৰু অসমত ১খনকৈ আসন আপক দিয়া হব যদিও পাঞ্জাৱক লৈ এতিয়াও দয়োদল ঐক্যমতত উপনীত হব পৰা নাই৷ আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে টুইটাৰত কয় যে মিত্ৰতাক লৈ আলোচনাত পলম হৈছে আৰু অহা এদিন বা দুদিনত নতুন বাৰ্তা পোৱা যাব | আনহাতে আই.এন.ডি.আই.এ ৰ অংশীদাৰ সমাজবাদী পাৰ্টি (এছ পি) আৰু কংগ্ৰেছে বুধবাৰে উত্তৰ প্ৰদেশত চলিত বৰ্ষৰ এপ্ৰিল-মে’ মাহত অনুষ্ঠিত হ’বলগীয়া আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে আসন ভাগ-বতৰা চূড়ান্ত কৰে। এই সন্দৰ্ভত পূৰ্বে কিছু মতানৈক্যৰ সৃষ্টি হৈছিল যদিও কংগ্ৰেছ নেত্ৰী প্ৰিয়ঙ্কা গান্ধীৰ মধ্যস্থতাত অৱশেষত দয়োদল ঐক্যমতত উপনীত হয়৷ মিত্ৰজোঁটৰ অন্যান্য অংশীদাৰৰ সৈতে সমাজবাদী পাৰ্টিয়ে উত্তৰ প্ৰদেশত ৬৩খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে কংগ্ৰেছক ১৭খন আসন দিয়া হৈছে।মধ্যপ্ৰদেশত কংগ্ৰেছে ২৯ খন আসনৰ ভিতৰত ২৮ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব, এখন আসন সমাজবাদী দলক দিয়া হৈছে । উত্তৰ প্ৰদেশত ৰায়েবাৰেলী আৰু আমেথিৰ (২০১৯ চনত বিজেপিৰ স্মৃতি ইৰাণীৰ হাতত পৰাস্ত হোৱা )ৰ বাহিৰেও কংগ্ৰেছে কানপুৰ নগৰ, ফাতেহপুৰ ছিক্ৰী, বাসগাঁও, চাহাৰনপুৰ, প্ৰয়াগৰাজ, মহাৰাজগঞ্জ, আমৰোহা, ঝান্সী, বুলন্দশহাৰ, গাজিয়াবাদ, মথুৰা, সীতাপুৰ,বাৰাবাংকি, আৰু দেওৰিয়া ৰ পৰা প্ৰাৰ্থী প্ৰক্ষেপ কৰিব ,ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী মোডীৰ সমষ্টি বাৰাণসীও কংগ্ৰেছক দিয়া হৈছে ।ইফালে সমাজবাদী পাৰ্টিয়ে নিজৰ অংশৰ পৰা আঞ্চলিক দলসমূহক আসন বিতৰণ কৰিব ৷ যোৱা জুন মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰক আগন্তুক ২০২৪ ৰ লোকসভা নিৰ্বাচনত পৰাস্ত কৰিবৰ বাবে গঠিত বিৰোধী মিত্ৰজোঁটে ঘোষণা কৰা এইটোৱেই হৈছে প্ৰথমটো বৃহৎ আসন ভাগবাটোৱাৰা চুক্তি।

