নিউজডেক্স,২৩ ফ্ৰেব্ৰুৱাৰী,২০২৪: যি সময়ত ছাত্ৰ-ছাত্ৰীৰ অভাৱত বহু চৰকাৰী বিদ্যালয় বন্ধ হোৱাৰ উপক্ৰম ঘটিছে তেনে সময়তে ছাত্ৰ-ছাত্ৰীৰে ভৰি থকা এখন প্ৰাথমিক বিদ্যালয়ৰ অৱস্থা দেখি সকলো হতবাক হব । শিৱসাগৰ জিলাৰ নাজিৰা শিক্ষা খণ্ডৰ অধীনৰ পহুসিং প্ৰাথমিক বিদ্যালয়ৰ জৰাজীৰ্ণ অৱস্থাই ৰাজহুৱা শিক্ষাখণ্ডৰ প্ৰতি চৰকাৰী অৱহেলাকেই প্ৰতিফলিত কৰিছে ৷ ৬৫ জন ছাত্ৰ-ছাত্ৰী অধ্যয়নৰত এই বিদ্যালয় খনৰ অধিকাংশ ছাত্ৰ-ছাত্ৰীয়ে প্ৰায় দুমাহ ধৰি মুকলি আকাশৰ তলত গ্ৰহণ কৰিব লগা হৈছে শিক্ষাৰ আদিপাঠ৷ ২০২৩ বৰ্ষৰ ১৩ ডিচেম্বৰত অঞ্চলটোত হোৱা প্ৰবল শিলাবৃষ্টিৰ ফলত ক্ষতি সাধন হয় নাজিৰা শিক্ষাখণ্ডৰ অন্তৰ্গত এই পহুসিং প্ৰাথমিক বিদ্যালয় গৃহৰ টিনপাট৷ কিন্তু প্ৰায় ২ মাহ উকলি যোৱাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষই বিদ্যালয়খনৰ মেৰামতিৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। যাৰফলত এতিয়া সামান্য এজাক বৰষুণৰ পিছতেই দুৰ্ভোগ ভুগিবলগীয়া হৈছে শিক্ষক শিক্ষয়িত্ৰী সকলৰ লগতে বিদ্যলয় খনৰ কণ কণ ছাত্ৰ-ছাত্ৰী সকল।
বিদ্যালয়ৰ প্ৰধান শিক্ষকে বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ পিছতো বিভাগৰ সুদৃষ্টি নপৰিল বিদ্যালয়খনত। বিদ্যালয়খন অতিশীঘ্ৰে মেৰামতি কৰি পাঠদানৰ উপযোগী কৰি তুলিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ লগতে চৰকাৰলৈ অনুৰোধ জনাইছে শিক্ষক শিক্ষয়িত্ৰী অভিভাৱক সকলৰ লগতে ছাত্ৰ ছাত্ৰী সকলে।