দিলীপ হাজৰিকা; ২৪ ফেব্ৰুৱাৰী,২০২৪ : ৰাজ্য চৰকাৰ তথা আৰক্ষী প্ৰশাসনে সুদখোৰৰ বিৰুদ্ধে বিভিন্ন ঠাইত অভিযান চলাই থকাৰ সময়তে আজি নাজিৰা মহকুমাৰ বিহুবৰত আৰক্ষীৰ জালত পৰে এজন সুদখোৰ ।উল্লেখ্য যে ,চণ্টক চাহ বাগিচাৰ ঋতুপন কোঁৱৰ নামৰ ব্যক্তিজনে গত ২০২২বৰ্ষৰ ২৬ অক্টোবৰত চণ্টকৰ নিবাসী বিজু আহমেদৰ পৰা ২০ হাজাৰ টকা ধাৰে বিচৰাত আহমেদে আমানত হিচাপে নিজা মূল্যৱান সম্পদ দিব লাগিব বুলি কোৱাত উপায়ন্তৰ হৈ কোঁৱৰে তেখেতে পিন্ধি থকা প্ৰায় ৫০ হাজাৰ টকাৰ মূল্যৰ সোণৰ আঙঠিটো দি ২০ হাজাৰ টকা লয় । অতি বুদ্ধিমত্তাৰে বিজু আহমেদে এখন কাগজত কোঁৱৰৰ পৰা স্বাক্ষৰ কৰাই লৈ পিছত ৪০ শতাংশ সুদৰ বিনিময়ত ২০ হাজাৰ টকা ঋতুপন কোঁৱৰে ধাৰে লোৱা বুলি লিখি ৰাখে । এই পত্ৰখনকে লৈ আহমেদে কোঁৱৰৰ পৰা মাহে মাহে সুদৰ ধন সংগ্ৰহ কৰি থাকে । সোণৰ আঙঠি আৰু ধাৰে লোৱা ধনৰ পৰিমাণতকৈ অধিক ধন ঘূৰাই দিয়াৰ পিছতো আহমেদে কোঁৱৰক সুদৰ ধন দিবলৈ নানা ধৰণৰ আতিশৰ্য্য চলায়। উপায়ন্তৰ হৈ ঋতুপন কোঁৱৰে ২৩ ফেব্ৰুৱাৰীত সমস্ত বিষয় উল্লেখ কৰি বিজু আহমেদৰ বিৰুদ্ধে বিহুবৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে । এই এজাহাৰৰ ভিত্তিত আজি বিহুবৰ আৰক্ষীয়ে সুদখোৰ বিজু আহমেদক আটক কৰিবলৈ সক্ষম হয় । ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনা অনুসৰি সমগ্ৰ ৰাজ্যতে চলি আছে সুদখোৰক বিৰুদ্ধে অভিযান চলি থকাৰ সময়তে নাজিৰাতো চলিছে সুদখোৰৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান৷ চণ্টকৰ এই বিজু আহমেদ নামৰ সুদখোৰ জনক বিহুবৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আজি নাজিৰা মহকুমাৰ ন্যায়িক দণ্ডাধীশ আদালতৰ জৰিয়তে ন্যায়িক জ্জিম্মালৈ প্ৰেৰণ কৰে ।বিহুবৰ আৰক্ষীয়ে ধন ধাৰে লোৱাৰ সময়ত বিজু আহমেদে আমানত হিচাপে লোৱা সোণৰ আঙঠিটো জব্দ কৰে ৷
Breaking News
- নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ
- নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্যাপন
- প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ
- দিখৌ কন্যা এলি আহমেদৰ শাৰীৰিক অসুস্থতাত উদ্বিগ্ন নাজিৰা বাসী
- নাজিৰাত সমগ্ৰ শিক্ষা আঁচনিত ব্যাপক কেলেঙ্কাৰীৰ আশঙ্কা : সমগ্ৰ শিক্ষাৰ একো তথ্য নাই খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত
- যাত্ৰীৰ সুবিধাৰ্থে শিমলুগুৰি জংচনত অত্যাধুনিক অটমেটিক টিকট ভেণ্ডিং মেচিন ( এ টি ভি এম ) স্থাপন
- তিনিচুকীয়া ৰেল ষ্টেচন (পুৰণি)ত প্ৰস্ৰাৱাগাৰৰ দুৰাৱস্থাত যাত্ৰীৰ দুৰ্ভোগ : উদাসীন ৰেল বিভাগ
- চৰকাৰৰ অদূৰদৰ্শীতাৰ বাবেই প্ৰসহনত পৰিণত হ’ল নাজিৰাৰ বহুকোটি টকীয়া গাহৰিৰ মাংস প্ৰক্ৰিয়াকৰণ প্ৰকল্প :

