দিলীপ হাজৰিকা; ২৪ ফেব্ৰুৱাৰী,২০২৪ : ৰাজ্য চৰকাৰ তথা আৰক্ষী প্ৰশাসনে সুদখোৰৰ বিৰুদ্ধে বিভিন্ন ঠাইত অভিযান চলাই থকাৰ সময়তে আজি নাজিৰা মহকুমাৰ বিহুবৰত আৰক্ষীৰ জালত পৰে এজন সুদখোৰ ।উল্লেখ্য যে ,চণ্টক চাহ বাগিচাৰ ঋতুপন কোঁৱৰ নামৰ ব্যক্তিজনে গত ২০২২বৰ্ষৰ ২৬ অক্টোবৰত চণ্টকৰ নিবাসী বিজু আহমেদৰ পৰা ২০ হাজাৰ টকা ধাৰে বিচৰাত আহমেদে আমানত হিচাপে নিজা মূল্যৱান সম্পদ দিব লাগিব বুলি কোৱাত উপায়ন্তৰ হৈ কোঁৱৰে তেখেতে পিন্ধি থকা প্ৰায় ৫০ হাজাৰ টকাৰ মূল্যৰ সোণৰ আঙঠিটো দি ২০ হাজাৰ টকা লয় । অতি বুদ্ধিমত্তাৰে বিজু আহমেদে এখন কাগজত কোঁৱৰৰ পৰা স্বাক্ষৰ কৰাই লৈ পিছত ৪০ শতাংশ সুদৰ বিনিময়ত ২০ হাজাৰ টকা ঋতুপন কোঁৱৰে ধাৰে লোৱা বুলি লিখি ৰাখে । এই পত্ৰখনকে লৈ আহমেদে কোঁৱৰৰ পৰা মাহে মাহে সুদৰ ধন সংগ্ৰহ কৰি থাকে । সোণৰ আঙঠি আৰু ধাৰে লোৱা ধনৰ পৰিমাণতকৈ অধিক ধন ঘূৰাই দিয়াৰ পিছতো আহমেদে কোঁৱৰক সুদৰ ধন দিবলৈ নানা ধৰণৰ আতিশৰ্য্য চলায়। উপায়ন্তৰ হৈ ঋতুপন কোঁৱৰে ২৩ ফেব্ৰুৱাৰীত সমস্ত বিষয় উল্লেখ কৰি বিজু আহমেদৰ বিৰুদ্ধে বিহুবৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে । এই এজাহাৰৰ ভিত্তিত আজি বিহুবৰ আৰক্ষীয়ে সুদখোৰ বিজু আহমেদক আটক কৰিবলৈ সক্ষম হয় । ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনা অনুসৰি সমগ্ৰ ৰাজ্যতে চলি আছে সুদখোৰক বিৰুদ্ধে অভিযান চলি থকাৰ সময়তে নাজিৰাতো চলিছে সুদখোৰৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান৷ চণ্টকৰ এই বিজু আহমেদ নামৰ সুদখোৰ জনক বিহুবৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আজি নাজিৰা মহকুমাৰ ন্যায়িক দণ্ডাধীশ আদালতৰ জৰিয়তে ন্যায়িক জ্জিম্মালৈ প্ৰেৰণ কৰে ।বিহুবৰ আৰক্ষীয়ে ধন ধাৰে লোৱাৰ সময়ত বিজু আহমেদে আমানত হিচাপে লোৱা সোণৰ আঙঠিটো জব্দ কৰে ৷
Breaking News
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
- নাজিৰা বিধানসভা সমষ্টিত ভূমি পট্টা বিতৰণ
- অসম অৰুণাচল সীমান্তৰ্বতী সাপেখাতীৰ হোলোঙামৰা গাঁওত এটুপি পানীৰ বাবে হাহাঁকাৰ কৰিছে ৰাইজে
- গাঁৱৰ প্ৰাকৃতিক পৰিবেশত আলি আই লৃগাঙ উদযাপনৰ আহ্বান জনালে অৱন্তী পামেগাম চেতিয়াই

