
নিউজডেক্স, ২৯ ফেব্ৰুৱাৰী ২০২৪ : : অসম চৰকাৰৰ “মিছন বসুন্ধৰা” অভিযানৰ অধীনত ভূমিহীন খিলঞ্জীয়া লোকক সবলীকৰণৰ উদ্দেশ্যেৰে বিতৰণ কৰা ভূমিৰ পট্টা প্ৰদানৰ অংশ স্বৰূপে আজি নাজিৰা মহকুমা অন্তৰ্গত মেকিপুৰ পূজা ফিল্ডত নাজিৰা বিধান সভা সমষ্টিৰ অধীনত মুঠ ১১২৬ টা পৰিয়ালৰ মাজত অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান তথা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াই ভূমি পট্টা প্ৰদান কৰে। এই অনুষ্ঠানত ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি তথা নাজিৰা বিধান সভা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া, শিৱসাগৰ জিলাৰ জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱ, জিলা উন্নয়ন আয়ুক্ত পৱিত্ৰ কুমাৰ দাস, নাজিৰা মহকুমাৰ মহকুমাধিপতি আয়ুষী জৈন, টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ুৰ বৰগোহাঁই, নাজিৰা পৌৰসভাৰ পৌৰপতি বৰ্ণালী চেতিয়া, আমগুৰি পৌৰ সভাৰ পৌৰপতি অনামিকা নেওঁগ, নাজিৰা ৰাজহ চক্ৰ বিষয়া জাহ্নৱী গোস্বামীৰ লগতে শিৱসাগৰ আৰু নাজিৰা প্ৰশাসনৰ অন্যান্য উচ্চ পদস্থ বিষয়া আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ৷ আনহাতে এই কাৰ্যসূচীৰ বাবে নাজিৰা প্ৰশাসনৰ দ্বাৰা নিমন্ত্ৰিত স্থানীয় সংবাদসেৱী সকলৰ বাবে আসনৰ ব্যৱস্থা নকৰাত নাজিৰাৰ সংবাদ কৰ্মী সকল ক্ষোভিত হোৱা পৰিলক্ষিত হৈছে৷