নিউজডেক্স,৩ মাৰ্চ,২০২৪ : আজি সমগ্ৰ বিশ্বতে উদযাপন কৰা হৈছে বিশ্ব বন্যপ্ৰাণী দিৱস ৷ ২০১৩ চনৰ ২০ ডিচেম্বৰত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৬৮ সংখ্যক অধিবেশনত থাইলেণ্ডে বন্যপ্ৰাণী আৰু উদ্ভিদৰ বিপন্ন প্ৰজাতিৰ বাণিজ্য সম্পৰ্কীয় আন্তৰাষ্ট্ৰীয় সন্মিলনত ৩ মাৰ্চক বিশ্ব বন্যপ্ৰাণীদিৱস হিচাপে ঘোষণা কৰিবলৈ আহ্বান জনোৱাৰ পিছৰ পৰা ৰাষ্ট্ৰসংঘই প্ৰতি বছৰে ৩ মাৰ্চ দিনটো বিশ্ব বন্যপ্ৰাণী দিৱস ৰূপে পালন কৰি আহিছে৷ ২০১৪ চনত প্ৰথম বিশ্ব বন্যপ্ৰাণী দিৱস পালন কৰা হৈছিল। এই দিৱস উদযাপনৰ উদ্দেশ্য হৈছে সমগ্ৰ বিশ্বৰ জীৱ-জন্তু সংৰক্ষণ কৰা। এইবাৰ ‘বিশ্ব বন্যপ্ৰাণী দিৱস’ৰ বিষয়বস্তু হৈছে ‘মানুহ আৰু গ্ৰহৰ সংযোগ : বন্যপ্ৰাণী সংৰক্ষণত ডিজিটেল উদ্ভাৱনৰ অন্বেষণ’।বিশ্ব বন্যপ্ৰাণী দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰচেষ্টাত আগৰণুৱা হৈ থকাসকলক প্ৰশংসা কৰে।
প্ৰতি বছৰে আজিৰ দিনটোত বন্যপ্ৰাণীৰ জীৱন আৰু গ্ৰহটোৰ অনন্য ভূমিকা আৰু অৱদানক স্বীকৃতি দিয়া হয়।প্ৰধানমন্ত্ৰী মোদীয়ে এই কথাৰ শলাগ লৈ ছচিয়েল মিডিয়া যোগে কয় যে আমাৰ গ্ৰহত জীৱৰ অবিশ্বাস্য বৈচিত্ৰ্যতাক উদযাপন কৰাৰ লগতে ইয়াক সুৰক্ষিত কৰাৰ প্ৰতি আমাৰ দায়বদ্ধতাক পুনৰবাৰ উল্লেখ কৰাৰ দিন ৰূপে এই বিশেষ দিনটোৰ গুৰুত্ব অপৰিসীম আৰু বহনক্ষম পদ্ধতিৰ ক্ষেত্ৰত আগৰণুৱা তথা বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰচেষ্টাত সহায় কৰা সকলোকে মই শলাগ লৈছো।

