নিউজডেক্স, ৫ ফ্ৰেব্ৰুৱাৰী,২০২৪ : বহু প্ৰত্যাশিত লোকসভা ২০২৪ নিৰ্বাচনৰ তাৰিখ ১৪ বা ১৫ মাৰ্চত ঘোষণা হোৱাৰ সম্ভাৱনা আছে।২০১৯ চনৰ দৰে এইবাৰো সাতটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব পাৰে আৰু এপ্ৰিল মাহৰ দ্বিতীয় সপ্তাহত প্ৰথম পৰ্যায়ৰ ভোটদান হ’ব পাৰে বুলি এক বিশেষ সূত্ৰই দেশৰ আগশাৰীৰ এক সংবাদ প্ৰতিষ্ঠানক অৱগত কৰাৰ কথা প্ৰকাশিত হৈছে ৷ আনহাতে অহা ১৪ মাৰ্চৰ পৰা আদৰ্শ আচৰণ বিধি বলবৎ হোৱাৰ সম্ভাৱনা আছে।লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত শীঘ্ৰে সংবাদমেল অনুষ্ঠিত কৰিব পাৰে নিৰ্বাচন আয়োগে। সূত্ৰৰ তথ্য অনুসৰি অহা সপ্তাহৰ যিকোনো দিনতে নিৰ্বাচন আয়োগে লোকসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিব পাৰে। বৰ্তমান আয়োগে সাধাৰণ নিৰ্বাচনৰ প্ৰস্তুতিৰ মূল্যায়নৰ বাবে বহু ৰাজ্য ভ্ৰমণ কৰি আছে। আটাইকেইখন ৰাজ্যৰ প্রস্তুতিৰ মূল্যায়নৰ পাছতহে আয়োগে নির্বাচনৰ দিন ঘোষণা কৰিব৷বিশেষ সূত্ৰৰ তথ্যানুসৰি নিৰ্বাচন আয়োগৰ এটা দল বৰ্তমান পশ্চিমবংগত আছে। ইয়াৰ পিছত দলটোৱে ক্ৰমে উত্তৰ প্ৰদেশ আৰু জম্মু-কাশ্মীৰ ভ্ৰমণ কৰাৰ লগতে অহা ১৩ মাৰ্চৰ ভিতৰত নিৰ্বাচনী বিষয়া কেইগৰাকীয়ে ভ্ৰমণ সমাপ্ত কৰিব। ইফালে নিৰ্বাচন আয়োগে সকলো ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ সৈতে ধাৰাবাহিকভাৱে বৈঠকত মিলিত হৈ আছে।আগন্তুক লোকসভা নিৰ্বাচন মুক্ত আৰু স্বচ্ছতাৰে পৰিচালনাৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা (AI) প্ৰযুক্তি ব্যৱহাৰ কৰিব নিৰ্বাচন আয়োগে। ইয়াৰ বাবে আয়োগে এটা বিভাগো গঠন কৰিছে, যিয়ে ছ’চিয়েল মিডিয়া আৰু ডিজিটেল প্লেটফৰ্মৰ ভুল তথ্য চিনাক্ত কৰি আঁতৰাই পেলাব।নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সকলো ৰাজনৈতিক দল নিজ নিজ প্ৰস্তুতিত পূৰ্ণ ব্যস্ত হৈ পৰিছে। নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ পূৰ্বেও বহু দলে নিজৰ প্ৰাৰ্থী ঘোষণা কৰিছে।ইতিমধ্যে প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত এন-ডি- এ মিত্ৰযোঁটে তৃতীয়টো কাৰ্যকাল দখল কৰিবলৈ সাজু হোৱাৰ সময়তে বিজেপিয়ে ১৯৫ জন প্ৰাৰ্থীৰ প্ৰথম তালিকা প্ৰকাশ কৰিছে ৷ প্ৰথম তালিকাত বিজেপি দলে দুজন প্ৰাক্তন মুখ্যমন্ত্ৰীক ক্ৰমে শিৱৰাজ সিং চৌহান আৰু বিপ্লৱ কুমাৰ দেৱকো প্ৰাৰ্থীত্ব প্ৰদান কৰিছে৷ সমান্তৰালভাৱে আম আদমী পাৰ্টি, সমাজবাদী পাৰ্টি আৰু ৰাষ্ট্ৰীয় লোকদলেও প্ৰকাশ কৰিছে প্ৰাৰ্থীৰ তালিকা।ইফালে, কংগ্ৰেছে তেওঁলোকৰ I.N.D.I.A মিত্ৰজোঁটৰ সদস্যসকলৰ সৈতে আসন ভাগ-বতৰাৰ আলোচনা চলি থকাৰ বাবে এতিয়াও নিজৰ প্ৰাৰ্থীৰ সম্পৰ্কে আলোচনা কৰি আছে বুলি উল্লেখ কৰিছে আৰু প্ৰাৰ্থীৰ নাম ঘোষণা কৰিবলৈ কিছু সময়ৰ প্ৰয়োজন হোৱাৰ লগতে এইক্ষেত্ৰত বিজেপিৰ দৰে খৰখেদাকৈ সিদ্ধান্ত গ্ৰহণ কৰা নহ’ব বুলি দলীয় সূত্ৰই জনাইছে৷

