দিলিপ হাজৰিকা, ৫ ফ্ৰেব্ৰুৱাৰী,২০২৪ : কা'(CAA) বিৰোধী প্ৰতিবাদেৰে পুনৰ উত্তাল হ’ল নাজিৰা মহকুমাধিপতি কাৰ্যালয়ৰ চৌহদ। “কা”ৰ বিৰোধীতাৰে নাজিৰা মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত আজি ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ শিৱসাগৰ জিলা সমিতিয়ে।
অৰ্ধ শতাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে প্লেকাৰ্ড লৈ বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে নাজিৰা মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখ উত্তাল কৰি তোলে । ধৰ্ণাস্থলীৰ পৰাই কা'(CAA) বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ শিৱসাগৰ জিলা সমিতিয়ে নাজিৰা মহকুমাধিপতিৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতি লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷