নিউজডেক্স,৫ মাৰ্চ,২০২৪ : অসম চৰকাৰৰ “বিকাশ যাত্ৰা”ৰ অংশ স্বৰূপে আজি নাজিৰা বিধান সভা সমষ্টিৰ অন্তৰ্গত চৰাইদেউ মৈদাম ক্ষেত্ৰ আৰু মেকিপুৰ পূজা ফিল্ডত অসম চৰকাৰৰ শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যান বিভাগৰ মন্ত্ৰী ডা: ৰনোজ পেগু ডাঙৰীয়া উপস্থিত থাকি কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ শিলান্যাস কৰে। এই প্ৰকল্প সমূহে শিক্ষাৰ ক্ষেত্রত নতুন বাট মুকলি কৰাৰ লগতে বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নত কৰাত সহায় কৰিব বুলি মন্ত্ৰী গৰাকীয়ে নিজৰ ভাষণত উল্লেখ কৰে।
প্ৰকল্পসমূহ হৈছে:-
লেঙিবৰ চাহ বাগিচা বিদ্যালয়ৰ নতুন ভৱনৰ শিলান্যাস, দ’লবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱনৰ শিলান্যাস ,
লক্ষ্মীজান চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ নতুন ভৱনৰ শিলান্যাস,
হাতীপট্টি উচ্চ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱনৰ আৰু
নাজিৰা উচ্চতৰ মাধ্যমিক ও বহুমুখী বিদ্যালয়ৰ নতুন ভৱনৰ শিলান্যাস ৷নাজিৰা বিধান সভা সমষ্টিৰ বিধায়ক দেৱব্রত শইকীয়া, সোণাৰি বিধান সভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, শিৱসাগৰ জিলাৰ জিলা আয়ুক্ত আদিত্য বিক্ৰম য়াদৱ, টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ুৰ বৰগোহাঁই, অসম চৰকাৰৰ আৰ্টফেডৰ উপাধ্যক্ষ প্ৰহ্লাদ গোৱালা, নাজিৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া জাহ্নৱী গোস্বামীকে ধৰি বহু সংখ্যক স্থানীয় ৰাইজ আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে ৷

