নিউজডেক্স,১১ মাৰ্চ,২০২৪: ২০১৯ চনত সংসদৰ দুয়োটা সদনে CAA আইন গৃহীত কৰাৰ পিছত গৃহমন্ত্ৰী অমিত শ্বাহে একাধিকবাৰ কৈছে যে এপ্ৰিল-মে’ মাহত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ পূৰ্বেই CAAৰ নিয়মসমূহৰ বিষয়ে জাননী জাৰি কৰা হ’ব।সংবাদ মাধ্যমে লাভ কৰা খবৰ অনুসৰি আজি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে নাগৰিকত্ব সংশোধনী আইন (CAA)ৰ নিয়মৰ বিষয়ে জাননী জাৰি কৰাৰ সম্ভাৱনা আছে। ইতিপূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী শান্তনু ঠাকুৰে কৈছিল যে এসপ্তাহৰ ভিতৰত সমগ্ৰ দেশত CAA কাৰ্যকৰী হ’ব আৰু সাত দিনৰ ভিতৰত এই আইনখন ক্ষিপ্ৰতাৰে কাৰ্যকৰী কৰা হ’ব।বাংলাদেশ, পাকিস্তান, আৰু আফগানিস্তানৰ পৰা অহা ছটা সম্প্ৰদায় – হিন্দু, শিখ, জৈন, বৌদ্ধ, পাৰ্চী, আৰু খ্ৰীষ্টান -ৰ অন্তৰ্গত নিৰ্যাতিত প্ৰব্ৰজনকাৰীক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰাৰ লক্ষ্যৰে “কা” আইন প্ৰস্তুত কৰা হৈছিল।
কংগ্ৰেছ, টিএমচিকে ধৰি বিৰোধী দলসমূহে এই আইনখনৰ বিৰোধিতা কৰি আহিছে, বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৰাজ্যখনত এই আইনখন কাৰ্যকৰী হ’বলৈ অনুমতি নিদিয়ে বুলি ইতিমধ্যে ঘোষণা কৰিছে৷ চলিত বৰ্ষৰ জানুৱাৰী মাহত মমতা বেনাৰ্জীয়ে কৈছিল যে তেওঁ জীৱনকালত কেতিয়াও পশ্চিমবংগত “কা” আইন ৰূপায়ণৰ অনুমতি নিদিয়ে। নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে সুযোগ সন্ধানী মনোভাৱেৰে “কা”ৰ বিষয়টো উত্থাপন কৰিছে বুলিও তেওঁ কয়।বেনাৰ্জীয়ে কয় যে নিৰ্বাচনৰ সময় ওচৰ চাপি অহাৰ লগে লগে বিজেপিয়ে পুনৰ “কা” বিষয়টোক ৰাজনৈতিক লাভালাভৰ বাবে ব্যৱহাৰ কৰিছে।অসমতো বিভিন্ন ৰাজনৈতিক দল আৰু জাতিয়তাবদী সংগঠনে আজিও “কা” ৰ বিৰোধিতাৰে প্ৰতিবাদ কৰি আছে৷

