Close Menu
News HuntneNews Huntne

    Subscribe to Updates

    Get the latest creative news from FooBar about art, design and business.

    What's Hot

    ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়

    March 19, 2026

    নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল

    March 18, 2026

    নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ

    March 16, 2026
    Facebook X (Twitter) Instagram
    Breaking News
    • ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
    • নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
    • নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
    • असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
    • অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
    • নাজিৰা বিধানসভা সমষ্টিত ভূমি পট্টা বিতৰণ
    • অসম অৰুণাচল সীমান্তৰ্বতী সাপেখাতীৰ হোলোঙামৰা গাঁওত এটুপি পানীৰ বাবে হাহাঁকাৰ কৰিছে ৰাইজে
    • গাঁৱৰ প্ৰাকৃতিক পৰিবেশত আলি আই লৃগাঙ উদযাপনৰ আহ্বান জনালে অৱন্তী পামেগাম চেতিয়াই
    Facebook YouTube WhatsApp
    News HuntneNews Huntne
    • Home
    • State
      • Assam
      • Arunachal Pradesh
      • Nagaland
      • Manipur
      • Mizoram
      • Tripura
      • Meghalaya
      • Sikkim
    • National
    • Entertainment
    • Sports
    • Lifestyle
    • Environment
    • Education
    • More
      • Health
      • Videos
      • Photo
    News HuntneNews Huntne
    Home » নাজিৰাৰ নগা আলিৰ নিৰ্মাণ বিলম্বৰ বাবে পথৰ ধূলিত প্ৰদূষিত নাগৰিক জীৱন : মুখ্যমন্ত্ৰীৰ আগমণত একে নিশাৰ ভিতৰতে যুদ্ধকালীণ নিৰ্মাণৰ প্ৰস্ত্ততি
    Assam

    নাজিৰাৰ নগা আলিৰ নিৰ্মাণ বিলম্বৰ বাবে পথৰ ধূলিত প্ৰদূষিত নাগৰিক জীৱন : মুখ্যমন্ত্ৰীৰ আগমণত একে নিশাৰ ভিতৰতে যুদ্ধকালীণ নিৰ্মাণৰ প্ৰস্ত্ততি

    newshuntneBy newshuntneMarch 11, 2024No Comments
    Facebook Twitter Pinterest LinkedIn WhatsApp Reddit Tumblr Email
    Share
    Facebook Twitter LinkedIn Pinterest Email

    ভাস্কৰজ্যোতি বৰগোহাঁই,নাজিৰা ,১১ মাৰ্চ,২০২৪ : নাজিৰাৰ লোক নিৰ্মাণ পথ বিভাগৰ অধীনৰ ঐতিহাসিক নগা আলিৰ বিধ্বস্ত-প্ৰায় অৱস্থাৰ মাজতে পথটোৰ আধাৰশিলা স্থাপন নাজিৰাবাসীৰ বাবে এক আশীৰ্বাদ হৈ পৰিছিল । ৩ দশমিক ৩ কিঃমিঃ পথছোৱাৰ নাজিৰা কলেজ তিনিআলিত আধাৰশিলা স্থাপন কৰিছিল যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ আৰু নাজিৰা বিধান সভা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াই  । ২০২৩ চনৰ ৯ মে’ত হোৱা এই আধাৰশিলাৰ সময়ৰপৰাই কাম আৰম্ভ হ’ব বুলি ৰাইজে আশা কৰিলেও প্ৰায় ৬ মাহ পলমকৈ কাম আৰম্ভ কৰিছিল ঠিকাদাৰে । পলমকৈ আৰম্ভ কৰা এই কামৰ অগ্ৰগতিও মাথো ৰোলাৰে সমান কৰি যোৱাৰ পৰ্য্যায়তে কামৰ পৰা ঠিকাদাৰ আঁতৰি যোৱাৰ লগতে বিগত দুমাহ কাল ধৰি কৰ্মশূণ্য হৈ পৰি ৰোৱা পথটো প্ৰকৃততে কি পৰিস্থিতিত পৰি ৰৈছে এয়া ৰাইজৰ বাবে এক নুবুজা সাঁথৰ হৈ পৰে । ফাগুন মাহ পৰ্য্যন্ত শুকান পথটো ধূলিয়ৰি হোৱাৰ ফলত অঞ্চলটোৰ নাগৰিক আবাসী সকল উৎকট ধূলিৰ যন্ত্ৰণাত পৰিবলৈ ধৰে । ব্যৱসায় প্ৰতিষ্ঠানকে ধৰি, নাজিৰা কলেজ, পশু চিকিৎসালয়, নাজিৰা পৌৰসভা, ছানবছা বুদবাৰী পৰ্য্যন্ত কাষৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে তীব্ৰ জ্বালা – যন্ত্ৰণাত ভূগিবলৈ ধৰে । তৎ স্বত্বেও লোক নিৰ্মাণ বিভাগে কামটোৰ অগ্ৰগতিৰ সন্দৰ্ভত কোনো ব্যৱস্থা লোৱা দেখা নগৈছিল । মাজে সময়ে পথটোৰ ওপৰত পানী ছটিওৱা টেংকাৰ এখন দেখা পোৱা গৈছিল যদিও ধূলিৰ তীব্ৰতাৰ বিপৰীতে সেই পানীৰপৰা কোনো উপকাৰ লাভ কৰা নাছিল পথাচাৰীয়ে । শেহতীয়াকৈ জানিব পৰামতে নাজিৰা লোক নিৰ্মাণ পথ বিভাগৰ সৈতে খোদ ঠিকাদাৰেই সংযোগ বিচ্ছিন্ন হৈ ৰৈছে  ।  পথ নিৰ্মাণৰ কাম আৰম্ভ কৰিয়েই ঠিকাদাৰে কাম আধৰুৱা কৰি  বিভাগীয় অভিযন্তা বিষয়া সকলৰপৰা দূৰত অৱস্থান কৰাৰ কাৰণ কি  ? এনেদৰে আত্মগোপন কৰি ৰোৱা অৱস্থাত চৰকাৰী নীতি অনুসৰি কামৰ নিবিদা লাভ কৰা ঠিকাদাৰী প্ৰতিষ্ঠানে জনস্বাৰ্থ উপেক্ষা কৰাৰো অভিযোগ উঠিছে  ।  অতি সম্প্ৰতি নাজিৰালৈ ২৪ জানুৱাৰীৰ পিচত দ্বিতীয়বাৰলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাই নগা আলিয়েদি ৰপ্তানি -মুখী গাহৰি-মাংস সংসাধন প্ৰকল্প(EOPPP)লৈ কাৰ্য্যসূচী গ্ৰহণ কৰাত ঠিকাদাৰে পৰিত্যক্ত কৰা কাম নাজিৰাৰ লোক নিৰ্মাণ পথ বিভাগে বিভাগীয় উচ্চ পদস্থ বিষয়াৰ নিৰ্দ্দেশত নিজে সম্পূৰ্ণ কৰিবলৈ টঙালি বান্ধে  ।  ১২ মাৰ্চত মুখ্যমন্ত্ৰীয়ে প্ৰতিষ্ঠানটো উদ্বোধনৰ বাবে নাজিৰাত পদাৰ্পন কৰিবলৈ লোৱাৰ অৱস্থাত লোক নিৰ্মাণ বিভাগে ১১ মাৰ্চৰ পুৱাৰ ভাগৰপৰা ৩দশমিক ৩ কিঃমিঃ দৈৰ্ঘ্যৰ পথছোৱা নিৰ্মাণ কৰিবলৈ যুদ্ধকালীন ক্ষীপ্ৰতাৰে ব্যস্ত হৈ পৰা পৰিলক্ষিত হয়  । পথ পকীকৰণৰ সমূহ যন্ত্ৰ আৰু মেচিন আদিৰে তৎপৰ হৈ উঠাৰ সময়ত নাজিৰা কলেজ তিনিআলিত প্ৰৱেশত পথবন্ধ কৰি লোৱা হয় । কেৱল পথ নিৰ্মাণ নিশাটোৰ ভিতৰতে সম্পন্ন হৈ উঠিলেও সৰ্বমুঠ আঠটাকৈ পুল নিৰ্মাণৰ ক্ষেত্ৰত ই আধৰুৱা হৈ ৰ’ব  । বিশেষকৈ বেজবৰুৱা পথৰ সমীপত ভয়ানকভাৱে ঠেক কালভাৰ্টটো মসৃন আৰু পৰিকল্পিত ভাৱে নিৰ্মাণ কৰাত যাতে কৃপণালি কৰা নহয় তাৰ প্ৰতি ৰাইজে লোক নিৰ্মাণ পথ বিভাগলৈ আহ্বান জনাইছে  ।


    মুখ্যমন্ত্ৰীয়ে নাজিৰা হাতী সৰকা অভাৰ হেড ৰেলৱেৰ সংশোধনত সুদৃষ্টি দিবনে ?
    নাজিৰা মৌজাৰ প্ৰায় কুৰিখন গাঁৱৰ লগতে গুৰুত্বপূৰ্ণ গেলেকী অইল ফিল্ড, মহকুমা অসামৰিক চিকিৎসালয়, নাজিৰা মহকুমাধিপতিৰ কাৰ্য্যালয়,পৌৰসভাৰ কাৰ্য্যালয় , লোকনিৰ্মাণ বিভাগ, নাজিৰা কলেজ তথা ৬-৭ খন চাহ-বাগিচাৰ লগতে বৰশিল পৰ্য্যটন ক্ষেত্ৰলৈ সংযোগ সাধন কৰা গেলেকী নাজিৰা পথ আৰু নগা আলিৰ প্ৰতিখন যান বাহনেই ঠেক আৰু সৰকা অংশ চাপৰ হোৱাৰ বাবে তীব্ৰ সংকটৰ মুখামুখি হৈ আহিছে অভাৰ হেড হাতী সৰকা ৰেল পথৰ অংশত । পথছোৱাৰ চাপৰ আৰু সংকীৰ্ণ অংশই নিতৌ যান-জঁট সৃষ্টি কৰি অহাৰ লগতে বহুতেো দুৰ্ঘটনাৰ মুখামুখি কৰোৱাইছে  । কৰুণভাৱে নিহত হৈছে পৰ্য্যটন থলীলৈ যোৱা ভ্ৰমণকাৰী । দূৰণিৰ যাত্ৰী লৈ অহা মধ্যমীয়া উচ্চতাৰ বাছ ৰেলপথৰ তলত লাগি ধৰি বিধ্বস্ত হৈছে  । আনহাতে ট্ৰাক বাচ আদি পথটোৰ কাষৰ পানীৰে ওপচি ৰোৱা অংশইদি যাবলৈ ধৰোঁতেও পানীৰ মাজত লাগি ধৰি সৰ্বস্বান্ত হোৱাৰ পৰিস্থিতি নাজিৰা নগৰতে বিৰাজমান  । মুখ্যমন্ত্ৰী তথা ৰাজ্যৰ লোকনিৰ্মাণ বিভাগৰো দায়িত্বত থকা মন্ত্ৰী বিচাপে নাজিৰা নগৰ ৰাজপথৰ এই জৰাজীৰ্ণ আৰু বিপদ সংকুল পথটো ৰেল বিভাগৰ সৈতে আলোচনা কৰি এক মান সম্পন্ন পথ হিচাপে গঢ়ি তুলিবলৈ নাজিৰা বাসী ৰাইজে মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাক দাবী জনাইছে ।

    Share. Facebook Twitter Pinterest LinkedIn Tumblr Telegram Email
    newshuntne
    • Facebook
    • X (Twitter)
    • Instagram

    newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.

    Related Posts

    ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়

    March 19, 2026

    নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল

    March 18, 2026

    নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ

    March 16, 2026
    Leave A Reply Cancel Reply

    Top Posts

    ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়

    March 19, 2026

    নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল

    March 18, 2026

    নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ

    March 16, 2026
    Don't Miss

    ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়

    By newshuntneMarch 19, 2026

    নিউজডেক্স, ১৯ মাৰ্চ,২০২৬ :: অসমত আগন্তক বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি পূৰ্ণ গতিত আগবঢ়াৰ সময়তে এক…

    নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল

    March 18, 2026
    Stay In Touch
    • Facebook
    • YouTube
    • WhatsApp
    About Us
    About Us

    News Huntne is the best news website. It provides news from many areas.

    Facebook YouTube WhatsApp
    Our Picks

    ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়

    March 19, 2026

    নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল

    March 18, 2026

    নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ

    March 16, 2026
    Most Popular

    New pictures of Vicky Kaushal and Katrina Kaif with friends from their vacay will make you miss your BFFs

    July 20, 2022

    Gangster killed, 3 cops injured in encounter between police and criminals suspected in Sidhu Moose Wala’s killing | Amritsar News – Times of India

    July 20, 2022

    Coronavirus: Nasal vaccines may hold the promise to stop COVID infections. How soon will we get them? | The Times of India

    July 20, 2022
    © 2026 Newshuntne.com. Designed by Newsreach.in.
    • Contact Us
    • About Us
    • Disclaimer
    • Terms and Condition
    • Privacy Policy

    Type above and press Enter to search. Press Esc to cancel.