
ভাস্কৰজ্যোতি বৰগোহাঁই,নাজিৰা ,১১ মাৰ্চ,২০২৪ : নাজিৰাৰ লোক নিৰ্মাণ পথ বিভাগৰ অধীনৰ ঐতিহাসিক নগা আলিৰ বিধ্বস্ত-প্ৰায় অৱস্থাৰ মাজতে পথটোৰ আধাৰশিলা স্থাপন নাজিৰাবাসীৰ বাবে এক আশীৰ্বাদ হৈ পৰিছিল । ৩ দশমিক ৩ কিঃমিঃ পথছোৱাৰ নাজিৰা কলেজ তিনিআলিত আধাৰশিলা স্থাপন কৰিছিল যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ আৰু নাজিৰা বিধান সভা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াই । ২০২৩ চনৰ ৯ মে’ত হোৱা এই আধাৰশিলাৰ সময়ৰপৰাই কাম আৰম্ভ হ’ব বুলি ৰাইজে আশা কৰিলেও প্ৰায় ৬ মাহ পলমকৈ কাম আৰম্ভ কৰিছিল ঠিকাদাৰে । পলমকৈ আৰম্ভ কৰা এই কামৰ অগ্ৰগতিও মাথো ৰোলাৰে সমান কৰি যোৱাৰ পৰ্য্যায়তে কামৰ পৰা ঠিকাদাৰ আঁতৰি যোৱাৰ লগতে বিগত দুমাহ কাল ধৰি কৰ্মশূণ্য হৈ পৰি ৰোৱা পথটো প্ৰকৃততে কি পৰিস্থিতিত পৰি ৰৈছে এয়া ৰাইজৰ বাবে এক নুবুজা সাঁথৰ হৈ পৰে । ফাগুন মাহ পৰ্য্যন্ত শুকান পথটো ধূলিয়ৰি হোৱাৰ ফলত অঞ্চলটোৰ নাগৰিক আবাসী সকল উৎকট ধূলিৰ যন্ত্ৰণাত পৰিবলৈ ধৰে । ব্যৱসায় প্ৰতিষ্ঠানকে ধৰি, নাজিৰা কলেজ, পশু চিকিৎসালয়, নাজিৰা পৌৰসভা, ছানবছা বুদবাৰী পৰ্য্যন্ত কাষৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে তীব্ৰ জ্বালা – যন্ত্ৰণাত ভূগিবলৈ ধৰে । তৎ স্বত্বেও লোক নিৰ্মাণ বিভাগে কামটোৰ অগ্ৰগতিৰ সন্দৰ্ভত কোনো ব্যৱস্থা লোৱা দেখা নগৈছিল । মাজে সময়ে পথটোৰ ওপৰত পানী ছটিওৱা টেংকাৰ এখন দেখা পোৱা গৈছিল যদিও ধূলিৰ তীব্ৰতাৰ বিপৰীতে সেই পানীৰপৰা কোনো উপকাৰ লাভ কৰা নাছিল পথাচাৰীয়ে । শেহতীয়াকৈ জানিব পৰামতে নাজিৰা লোক নিৰ্মাণ পথ বিভাগৰ সৈতে খোদ ঠিকাদাৰেই সংযোগ বিচ্ছিন্ন হৈ ৰৈছে । পথ নিৰ্মাণৰ কাম আৰম্ভ কৰিয়েই ঠিকাদাৰে কাম আধৰুৱা কৰি বিভাগীয় অভিযন্তা বিষয়া সকলৰপৰা দূৰত অৱস্থান কৰাৰ কাৰণ কি ? এনেদৰে আত্মগোপন কৰি ৰোৱা অৱস্থাত চৰকাৰী নীতি অনুসৰি কামৰ নিবিদা লাভ কৰা ঠিকাদাৰী প্ৰতিষ্ঠানে জনস্বাৰ্থ উপেক্ষা কৰাৰো অভিযোগ উঠিছে । অতি সম্প্ৰতি নাজিৰালৈ ২৪ জানুৱাৰীৰ পিচত দ্বিতীয়বাৰলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাই নগা আলিয়েদি ৰপ্তানি -মুখী গাহৰি-মাংস সংসাধন প্ৰকল্প(EOPPP)লৈ কাৰ্য্যসূচী গ্ৰহণ কৰাত ঠিকাদাৰে পৰিত্যক্ত কৰা কাম নাজিৰাৰ লোক নিৰ্মাণ পথ বিভাগে বিভাগীয় উচ্চ পদস্থ বিষয়াৰ নিৰ্দ্দেশত নিজে সম্পূৰ্ণ কৰিবলৈ টঙালি বান্ধে । ১২ মাৰ্চত মুখ্যমন্ত্ৰীয়ে প্ৰতিষ্ঠানটো উদ্বোধনৰ বাবে নাজিৰাত পদাৰ্পন কৰিবলৈ লোৱাৰ অৱস্থাত লোক নিৰ্মাণ বিভাগে ১১ মাৰ্চৰ পুৱাৰ ভাগৰপৰা ৩দশমিক ৩ কিঃমিঃ দৈৰ্ঘ্যৰ পথছোৱা নিৰ্মাণ কৰিবলৈ যুদ্ধকালীন ক্ষীপ্ৰতাৰে ব্যস্ত হৈ পৰা পৰিলক্ষিত হয় । পথ পকীকৰণৰ সমূহ যন্ত্ৰ আৰু মেচিন আদিৰে তৎপৰ হৈ উঠাৰ সময়ত নাজিৰা কলেজ তিনিআলিত প্ৰৱেশত পথবন্ধ কৰি লোৱা হয় । কেৱল পথ নিৰ্মাণ নিশাটোৰ ভিতৰতে সম্পন্ন হৈ উঠিলেও সৰ্বমুঠ আঠটাকৈ পুল নিৰ্মাণৰ ক্ষেত্ৰত ই আধৰুৱা হৈ ৰ’ব । বিশেষকৈ বেজবৰুৱা পথৰ সমীপত ভয়ানকভাৱে ঠেক কালভাৰ্টটো মসৃন আৰু পৰিকল্পিত ভাৱে নিৰ্মাণ কৰাত যাতে কৃপণালি কৰা নহয় তাৰ প্ৰতি ৰাইজে লোক নিৰ্মাণ পথ বিভাগলৈ আহ্বান জনাইছে ।
মুখ্যমন্ত্ৰীয়ে নাজিৰা হাতী সৰকা অভাৰ হেড ৰেলৱেৰ সংশোধনত সুদৃষ্টি দিবনে ?
নাজিৰা মৌজাৰ প্ৰায় কুৰিখন গাঁৱৰ লগতে গুৰুত্বপূৰ্ণ গেলেকী অইল ফিল্ড, মহকুমা অসামৰিক চিকিৎসালয়, নাজিৰা মহকুমাধিপতিৰ কাৰ্য্যালয়,পৌৰসভাৰ কাৰ্য্যালয় , লোকনিৰ্মাণ বিভাগ, নাজিৰা কলেজ তথা ৬-৭ খন চাহ-বাগিচাৰ লগতে বৰশিল পৰ্য্যটন ক্ষেত্ৰলৈ সংযোগ সাধন কৰা গেলেকী নাজিৰা পথ আৰু নগা আলিৰ প্ৰতিখন যান বাহনেই ঠেক আৰু সৰকা অংশ চাপৰ হোৱাৰ বাবে তীব্ৰ সংকটৰ মুখামুখি হৈ আহিছে অভাৰ হেড হাতী সৰকা ৰেল পথৰ অংশত । পথছোৱাৰ চাপৰ আৰু সংকীৰ্ণ অংশই নিতৌ যান-জঁট সৃষ্টি কৰি অহাৰ লগতে বহুতেো দুৰ্ঘটনাৰ মুখামুখি কৰোৱাইছে । কৰুণভাৱে নিহত হৈছে পৰ্য্যটন থলীলৈ যোৱা ভ্ৰমণকাৰী । দূৰণিৰ যাত্ৰী লৈ অহা মধ্যমীয়া উচ্চতাৰ বাছ ৰেলপথৰ তলত লাগি ধৰি বিধ্বস্ত হৈছে । আনহাতে ট্ৰাক বাচ আদি পথটোৰ কাষৰ পানীৰে ওপচি ৰোৱা অংশইদি যাবলৈ ধৰোঁতেও পানীৰ মাজত লাগি ধৰি সৰ্বস্বান্ত হোৱাৰ পৰিস্থিতি নাজিৰা নগৰতে বিৰাজমান । মুখ্যমন্ত্ৰী তথা ৰাজ্যৰ লোকনিৰ্মাণ বিভাগৰো দায়িত্বত থকা মন্ত্ৰী বিচাপে নাজিৰা নগৰ ৰাজপথৰ এই জৰাজীৰ্ণ আৰু বিপদ সংকুল পথটো ৰেল বিভাগৰ সৈতে আলোচনা কৰি এক মান সম্পন্ন পথ হিচাপে গঢ়ি তুলিবলৈ নাজিৰা বাসী ৰাইজে মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাক দাবী জনাইছে ।

