নিউজডেক্স,১২ মাৰ্চ,২০২৪ : “ৰাজ্যৰ সৰ্বাংগীণ উন্নয়নৰ অবিৰত প্ৰয়াস – বিকাশ যাত্ৰা”ৰ অংশ স্বৰূপে আজি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নাজিৰাৰ ছানবছাস্থিত গাহৰি সংসাধন প্ৰকল্পৰ গাহৰি সংসাধন প্ৰকল্পৰ শুভ উদ্ধোধন কৰে।১৯৯৩চনৰ ২৩জুলাইত নাজিৰাৰ ছানবছা স্থিত অসম হাঁহকুকুৰা আৰু পশুধন নিগমৰ সংহত গাহৰি উন্নয়ন আঁচনি আৰু পৰিশোধিত মাংস প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল অসমৰ প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই। নাজিৰা মৌজাৰ চানবছাত অসম পশুধন আৰু হাঁহ কুকুৰা নিগম লিমিটেডৰ দ্বাৰা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ অধীনত নিৰ্মাণ হৈ উঠা এই ৰপ্তানিমুখী গাহৰি-মাংস সংসাধন (Export Oriented Pork Processing Plant – EOPPP) প্ৰকল্পৰ দুৱাৰ মুকলি কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ইয়াক এক অভিলাষী পদক্ষেপ বুলি অভিহিত কৰে৷ ভাৰত চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ “TIES” আঁচনি আৰু অসম চৰকাৰৰ যুটীয়া সহযোগত স্থাপিত প্ৰকল্পটোৰ আনুষ্ঠানিকভাৱে দুৱাৰ মুকলি কৰি সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয় “ৰপ্তানি বাণিজ্য সম্প্ৰতি” চুৱাইন ফ্লু”ৰ বাবে বন্ধ হৈ থাকিলেও বজাৰত গাহৰি মাংস বিক্ৰী কৰাত কোনো বাধা নাই । কিছু নিয়ন্ত্ৰিত ৰূপত ইয়াক চলাই নি ভৱিষ্যতে এক উৎকৃষ্ট ব্ৰেণ্ড তৈয়াৰ কৰাৰ পৰিকল্পনা এই প্ৰকল্পত কৰা হৈছে ।” পশু পালন মন্ত্ৰী অতুল বৰা আৰু শিক্ষা মন্ত্ৰী তথা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ উপস্থিতিত মুখ্যমন্ত্ৰীজনে কয় যে উৎপাদন আৰু ৰপ্তানিৰ জড়িয়তে যাতে অৰ্থনৈতিকভাৱে লাভান্বিত হ’ব পৰা যায় সেই উদ্দেশ্যত এই প্ৰকল্প গঢ়ি তোলা হৈছে । সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে গাহৰিৰ উৎপাদনৰ এক প্ৰত্যাহ্বান আছে । এই প্ৰকল্পতে নিতৌ ২শৰপৰা ৩ শ গাহৰিৰ চাহিদা হ’ব । সেই সূত্ৰে প্ৰতিমাহে ৬ হাজাৰৰপৰা ৯ হাজাৰটাকৈ গাহৰিৰ যোগান প্ৰয়োজন হ’ব । শিৱসাগৰ জিলাত মাহে উৎপাদন হয় ৬০ হাজাৰ গাহৰি । ব্যৱসায়িক সফলতাৰ দিশত আগুৱাই যাবলৈ গাহৰি পালক সকলক উপযুক্ত সঁচ যোগান দি উৎপাদন বৃদ্ধিৰ পদক্ষেপ লোৱা হ’ব বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে । প্ৰায় ১২ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা প্ৰকল্পটোৰ ভিতৰত বাতানুকুলীন পৰিৱেশত জীয়া গাহৰি সংগ্ৰহ কৰাৰপৰা আধুনিক কাৰিকৰী প্ৰয়োগেৰে ৯টা প্ৰক্ৰিয়াৰ মাজেৰে পেকেট প্ৰস্ত্তত আৰু বিপনন ঘটোৱাৰ সকলো দিশতে ইউৰোপীয় প্ৰায়োগিক পদ্ধতি অৱলম্বন কৰা হৈছে ।
প্ৰায় ১০ বিঘা মাটিত স্থাপন কৰা এই প্ৰকল্পটোক অসমৰ কৃষি,পশুপালন মন্ত্ৰী অতুল বৰাই ২০২১চনত মৃতপ্ৰায় অৱস্থাৰ পৰা পুনৰোজ্জ্বীৱিত কৰে ।অত্যাধুনিক প্ৰযুক্তিৰে সম্বলিত নাজিৰা ছানবছাৰ গাহৰি সংসাধন প্ৰকল্পত একেলগে ৪০০টাকৈ গাহৰী সংসাধন কৰিব পৰা ক্ষমতা আছে আৰু ১১.৪৪কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী অতুল বৰা,ৰণোজ পেগুকে ধৰি আন বহুসংখ্যক লোক উপস্থিত থাকে ৷

প্ৰায় ১০ বিঘা মাটিত স্থাপন কৰা এই প্ৰকল্পটোক অসমৰ কৃষি,পশুপালন মন্ত্ৰী অতুল বৰাই ২০২১চনত মৃতপ্ৰায় অৱস্থাৰ পৰা পুনৰোজ্জ্বীৱিত কৰে ।অত্যাধুনিক প্ৰযুক্তিৰে সম্বলিত নাজিৰা ছানবছাৰ গাহৰি সংসাধন প্ৰকল্পত একেলগে ৪০০টাকৈ গাহৰী সংসাধন কৰিব পৰা ক্ষমতা আছে আৰু ১১.৪৪কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী অতুল বৰা,ৰণোজ পেগুকে ধৰি আন বহুসংখ্যক লোক উপস্থিত থাকে ৷
