নিউজডেক্স,১৪ মাৰ্চ,২০২৪ : যোৱা ১১ মাৰ্চত নাগৰিকত্ব সংশোধনী আইন (CAA) কাৰ্যকৰী হোৱাৰ পিছত আজি গুজৰাটৰ মৰ্বিত থকা ১৩ জন পাকিস্তানী হিন্দু শৰণাৰ্থীক প্ৰথম ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হয়।এই উপলক্ষে আয়ুক্তৰ কার্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত স্থানীয় বিধায়ক কান্তি অমৃতিয়াৰো উপস্থিত থাকে ৷মৰ্বিত দীৰ্ঘদিন ধৰি ১০৯৫ জন পাকিস্তানী শৰণাৰ্থীৰ বসবাস কৰি আছে। ইয়াৰে ৯৫ জনেই ইতিমধ্যে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে আৰু বাকী শৰণাৰ্থীসকলে নিৰ্দিষ্ট নিয়ম মানি পৰৱৰ্তী সময়ত নাগৰিকত্ব লাভ কৰাৰ আশা আছে।২০২১ চনৰ ২৮ মে’ত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰা এক অধিসূচনাৰ অধীনত মৰবি, ৰাজকোট, পাতন, আৰু বদোদৰাৰ জিলা আয়ুক্তসকলক বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা অহা হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী, আৰু খ্ৰীষ্টান সম্প্ৰদায়ক নাগৰিকত্ব প্ৰদানৰ অনুমতি প্ৰদান কৰা হৈছে৷ মৰ্বি জিলা উপায়ুক্ত কে বি জাবেৰী আৰু বিধায়ক কান্তি অমৃতিয়াই অংশগ্ৰহণ কৰা এই অনুষ্ঠানত পাকিস্তানৰ পৰা পলায়ন কৰি মৰ্বিত বাস কৰা ১৩ জন হিন্দু লোকে আজি ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণ পত্ৰ লাভ কৰে।আনহাতে গৃহমন্ত্ৰী অমিত শ্বাহে দৃঢ়তাৰে কয় যে ভাৰতীয় মুছলমানক লক্ষ্য কৰি “কা” আইন প্ৰস্তুত কৰা হোৱা নাই ,বৰঞ্চ চুবুৰীয়া দেশৰ নিৰ্যাতিত অমুছলমান প্ৰব্ৰজনকাৰীক নাগৰিকত্ব প্ৰদানৰ লক্ষ্যৰে এই আইন প্ৰস্তুত কৰা হৈছে।কোনো কাৰণতেই এই আইনখন বাতিল নহ’ব বুলি জোৰ দি অমিত শ্বাহে বিৰোধীৰ এই দাবী খাৰিজ কৰে। শ্বাহে বিৰোধীসকলে ৰাজনৈতিক লাভালাভৰ বাবে ভুল তথ্য বিয়পোৱাৰ অভিযোগ উত্থাপন কৰি বিদেশত নিৰ্যাতনৰ সন্মুখীন হোৱা হিন্দু সংখ্যালঘুসকলক আশ্ৰয় দিয়াৰ প্ৰতি থকা বিজেপিৰ দায়বদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ সমালোচকসকলক প্ৰত্যাহ্বান জনায় কয় যে এই আইনখনত ভাৰতীয়ৰ নাগৰিকত্ব কাঢ়ি লোৱা যিকোনো বিধান আছে যদি প্ৰমাণ কৰক।

