নিউজডেক্স,১৭ মাৰ্চ,২০২৪ : চৰাইদেউ জিলাত চৰাইদেউ মৈদাম অন্তৰ্ভুক্তিক লৈ বিগত সময়ত অব্যাহত থকা চাৰিসীমা কেন্দ্ৰিক সমস্যা সমাধানৰ বাবে শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী হস্তক্ষেপত চৰাইদেউ জিলা প্ৰশাসনে গোপনে প্ৰস্তুত কৰা চাৰিসীমাৰ মেপখনক লৈ মাহমৰা সমষ্টিৰ দুখন গাঁও পঞ্চায়তৰ জনসাধাৰণৰ মাজত ব্যাপক ক্ষোভৰ উদ্গীৰণ হৈছে । যোৱা ১২ মাৰ্চ তাৰিখে মাহমৰাৰ গৰৈমাৰীত অনুষ্ঠিত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাছত মন্ত্ৰী যোগেন মহনৰ উপস্থিতিত চৰাইদেউ জিলা সীমা নিদ্ধাৰণ দাবী সমিতিৰে হোৱা আলোচনা মৰ্মে মুখমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই তিনিদিনৰ ভিতৰত চৰাইদেউৰ জিলা আয়ুক্তক চাৰিসীমা সম্পৰ্কত এক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছিল । কিন্তু বিশেষ সূত্ৰে জানিব পৰা মতে উপায়ুক্তৰ প্ৰতিবেদনত চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত হলৌফুকন আৰু চৰাইদেউ গাঁও পঞ্চায়তৰ চাৰিখন ৰাজহ গাঁও নাজিৰা মহকুমাত অন্তৰ্ভুক্ত কৰাৰ বিপৰীতে নাজিৰা মহকুমাৰ লেঙীবৰ আৰু চ্যুকাফা গাঁও পঞ্চায়তক সামৰি চৰাইদেউ মৈদাম ক্ষেত্ৰক চৰাইদেউ জিলাত অন্তৰ্গত কৰাৰ ব্লুপ্ৰিণ্ট ৰচনা কৰি ইতিমধ্যে কেবিনেটৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হৈছে । ইফালে চৰাইদেউ জিলাৰ প্ৰস্তাৱিত মেপখন ৰাজহুৱা হৈ পৰাৰ লগে লগে হলৌফুকন পঞ্চায়ত আৰু চৰাইদেউ পঞ্চায়তৰ জনসাধাৰণৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হোৱাই নহয় হলৌফুকন আৰু চৰাইদেউ গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ সমূখত বিভিন্নজনে চৰকাৰৰ এনে প্ৰস্তাৱক গৰিহণা দিয়াৰ লগতে মুখ্যমন্ত্ৰী গৰাকীক এনে সিদ্ধান্ত গ্ৰহণ নকৰিবলৈ ৰাজহুৱাকৈ দাবী জনাইছে। অন্যথা আগন্তুক লোকসভাৰ নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ স্থানীয় ৰাইজৰ লগতে বিজেপি দলৰ কৰ্মীৰ ৷
Breaking News
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
- নাজিৰা বিধানসভা সমষ্টিত ভূমি পট্টা বিতৰণ
- অসম অৰুণাচল সীমান্তৰ্বতী সাপেখাতীৰ হোলোঙামৰা গাঁওত এটুপি পানীৰ বাবে হাহাঁকাৰ কৰিছে ৰাইজে
- গাঁৱৰ প্ৰাকৃতিক পৰিবেশত আলি আই লৃগাঙ উদযাপনৰ আহ্বান জনালে অৱন্তী পামেগাম চেতিয়াই

