নিউজডেক্স,১৭ মাৰ্চ,২০২৪ : চৰাইদেউ জিলাত চৰাইদেউ মৈদাম অন্তৰ্ভুক্তিক লৈ বিগত সময়ত অব্যাহত থকা চাৰিসীমা কেন্দ্ৰিক সমস্যা সমাধানৰ বাবে শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী হস্তক্ষেপত চৰাইদেউ জিলা প্ৰশাসনে গোপনে প্ৰস্তুত কৰা চাৰিসীমাৰ মেপখনক লৈ মাহমৰা সমষ্টিৰ দুখন গাঁও পঞ্চায়তৰ জনসাধাৰণৰ মাজত ব্যাপক ক্ষোভৰ উদ্গীৰণ হৈছে । যোৱা ১২ মাৰ্চ তাৰিখে মাহমৰাৰ গৰৈমাৰীত অনুষ্ঠিত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাছত মন্ত্ৰী যোগেন মহনৰ উপস্থিতিত চৰাইদেউ জিলা সীমা নিদ্ধাৰণ দাবী সমিতিৰে হোৱা আলোচনা মৰ্মে মুখমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই তিনিদিনৰ ভিতৰত চৰাইদেউৰ জিলা আয়ুক্তক চাৰিসীমা সম্পৰ্কত এক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছিল । কিন্তু বিশেষ সূত্ৰে জানিব পৰা মতে উপায়ুক্তৰ প্ৰতিবেদনত চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত হলৌফুকন আৰু চৰাইদেউ গাঁও পঞ্চায়তৰ চাৰিখন ৰাজহ গাঁও নাজিৰা মহকুমাত অন্তৰ্ভুক্ত কৰাৰ বিপৰীতে নাজিৰা মহকুমাৰ লেঙীবৰ আৰু চ্যুকাফা গাঁও পঞ্চায়তক সামৰি চৰাইদেউ মৈদাম ক্ষেত্ৰক চৰাইদেউ জিলাত অন্তৰ্গত কৰাৰ ব্লুপ্ৰিণ্ট ৰচনা কৰি ইতিমধ্যে কেবিনেটৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হৈছে । ইফালে চৰাইদেউ জিলাৰ প্ৰস্তাৱিত মেপখন ৰাজহুৱা হৈ পৰাৰ লগে লগে হলৌফুকন পঞ্চায়ত আৰু চৰাইদেউ পঞ্চায়তৰ জনসাধাৰণৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হোৱাই নহয় হলৌফুকন আৰু চৰাইদেউ গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ সমূখত বিভিন্নজনে চৰকাৰৰ এনে প্ৰস্তাৱক গৰিহণা দিয়াৰ লগতে মুখ্যমন্ত্ৰী গৰাকীক এনে সিদ্ধান্ত গ্ৰহণ নকৰিবলৈ ৰাজহুৱাকৈ দাবী জনাইছে। অন্যথা আগন্তুক লোকসভাৰ নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ স্থানীয় ৰাইজৰ লগতে বিজেপি দলৰ কৰ্মীৰ ৷
Breaking News
- নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ
- নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্যাপন
- প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ
- দিখৌ কন্যা এলি আহমেদৰ শাৰীৰিক অসুস্থতাত উদ্বিগ্ন নাজিৰা বাসী
- নাজিৰাত সমগ্ৰ শিক্ষা আঁচনিত ব্যাপক কেলেঙ্কাৰীৰ আশঙ্কা : সমগ্ৰ শিক্ষাৰ একো তথ্য নাই খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত
- যাত্ৰীৰ সুবিধাৰ্থে শিমলুগুৰি জংচনত অত্যাধুনিক অটমেটিক টিকট ভেণ্ডিং মেচিন ( এ টি ভি এম ) স্থাপন
- তিনিচুকীয়া ৰেল ষ্টেচন (পুৰণি)ত প্ৰস্ৰাৱাগাৰৰ দুৰাৱস্থাত যাত্ৰীৰ দুৰ্ভোগ : উদাসীন ৰেল বিভাগ
- চৰকাৰৰ অদূৰদৰ্শীতাৰ বাবেই প্ৰসহনত পৰিণত হ’ল নাজিৰাৰ বহুকোটি টকীয়া গাহৰিৰ মাংস প্ৰক্ৰিয়াকৰণ প্ৰকল্প :

