নিউজডেক্স,১৯ মাৰ্চ,২০২৪: বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰতৰ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে দেশত মুঠ ভোটাৰৰ সংখ্যা হৈছে ৯৬.৮ কোটি। ইয়াৰ পূৰ্বে ২০১৯ চনত দেশত ভোটাৰৰ সংখ্যা আছিল ৮৯ কোটি ৭৮ লাখ।এইবাৰ মুঠ ভোটাৰৰ ভিতৰত মহিলা ভোটাৰৰ সংখ্যা ৪৭.১ কোটি, পুৰুষ ভোটাৰৰ সংখ্যা ৪৯.৭ কোটি আৰু প্ৰায় ৪৮ হাজাৰ তৃতীয় লিংগৰ ভোটাৰ। একে সময়তে প্ৰথমবাৰৰ বাবে ভোটদান কৰা লোকৰ সংখ্যা হ’ল ১.৮২ কোটি।নিৰ্বাচন আয়োগে ভোটাৰৰ বাবে এইবাৰবিশেষ প্ৰস্তুতি চলাইছে। নিৰ্বাচনৰ সমগ্ৰ দেশত ১.৪৮ লাখ ভোটগ্ৰহণ কেন্দ্ৰ নিৰ্মাণ কৰা হ’ব আৰু এই সকলোবোৰ ভোটকেন্দ্ৰতে ভোটাৰৰ বাবে সকলো ধৰণৰ সা-সুবিধাৰ ব্যৱস্থা থাকিব।ইয়াৰ উপৰিও ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ভোটাৰৰ বাবে ৫৫ লাখ ইভিএম (ইলেক্ট্ৰনিক ভোটিং মেচিন) ব্যৱহাৰ কৰা হ’ব।ইয়াৰ লগতে এইবাৰ নিৰ্বাচনী কৰ্তব্যত নিয়োজিত হ’বলগীয়া ১৯.১ লাখ সেৱা কৰ্মী আৰু অন্যান্য ভোটাৰে ডাক বেলটৰ জৰিয়তে ভোটদান কৰিব পাৰিব।আনহাতে নিৰ্বাচন আয়োগে ভোটাৰৰ অংশগ্ৰহণ বৃদ্ধিৰ বাবে কৰা বিশেষ ব্যৱস্থা অনুসৰি নিৰ্বাচনী কৰ্তব্যত নিয়োজিত কৰ্মীসকলে ৮৫ বছৰৰ ওপৰৰ বৃদ্ধ আৰু ৪০ শতাংশতকৈ অধিক প্ৰতিবন্ধী ভোটাৰৰ বাবে ভোটাৰৰ ঘৰলৈ গৈ ভোট সংগ্ৰহৰ ব্যৱস্থা কৰিব।

