নিউজডেক্স,১এপ্ৰিল,২০২৪ : আজি দিনযোৰা কাৰ্যসূচীৰে শিৱসাগৰ আৰু ডিমৌ সমষ্টিৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছ-মিত্ৰযোঁটৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে। শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ আৰু মণ্ডল কংগ্ৰেছৰ কৰ্মী সকলৰ সহযোগত আজি শিৱসাগৰৰ বিভিন্ন অঞ্চলত দেখা পোৱা গ’ল যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈক। শিৱসাগৰ আৰু ডিমৌ সমষ্টিৰ অন্তৰ্গত ১৪খনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি নিৰ্বাচনী সভাত ৰাইজৰ বিপুল সঁহাৰিৰ লগতে তেওঁৰ সৈতে ৰাইজৰ চেলফি তোলাৰ আগ্ৰহ দেখি আহ্লাদিত হোৱা বুলি কয় গৌৰৱ গগৈয়ে। “আজি মই চিলফি ডে উদযাপনৰ বাবে আপোনালোকৰ মাজলৈ আহিছো”— গৌৰৱ গগৈ :
শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ লগত নিৰ্বাচনী প্ৰচাৰ চলাই থকা কংগ্ৰেছ মিত্ৰযোটৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে ৰাইজৰ তেওঁৰ লগত চেলফি তোলাৰ আগ্ৰহ দেখি খুহুটীয়া ভাবে কয় যে আজি মই চিলফি ডে উদযাপনৰ বাবে আপোনালোকৰ মাজলৈ আহিছো ৷
আনহাতে আজি নিৰ্বাচনী প্ৰচাৰ সভাত তপন গগৈক নীৰৱ আৰু “তোলনী বিয়া খোৱা সাংসদ” বুলি আখ্যা অখিল গগৈৰ :
শিৱসাগৰ আৰু ডিমৌত কংগ্ৰেছ মিত্ৰযোঁটৰ প্ৰাৰ্থী গগৈৰ সৈতে নিৰ্বাচনী প্ৰচাৰ চলাই শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে গৌৰৱ গগৈক এজন সৰৱ আৰু সক্ৰিয় সাংসদ ৰূপে বুলি কৈ যোৰহাটৰ বৰ্তমানৰ সাংসদ তপন গগৈক নীৰব আৰু “তোলনী বিয়া খাই ফুৰা সাংসদ” বুলি অভিহিত কৰাৰ লগতে গৌৰৱ গগৈ জিকিলে প্ৰধানমন্ত্ৰীৰ চকুত চকু থৈ অসমীয়া এজনে সংসদত কথা ক’ব বুলি কয়৷

