
নিউজডেক্স, ৩ এপ্ৰিল,২০২৪ : ১৯৮১ চনৰ ১৬ ডিচেম্বৰত প্ৰতিষ্ঠা হোৱা নাজিৰা মহাবিদ্যালয়ৰ প্ৰাণ প্ৰতিষ্ঠাতা প্ৰাক্তন অধ্যক্ষ ,বিশিষ্ট চিন্তাবিদ অৱনী বৰঠাকুৰক সন্মান আৰু কৃতজ্ঞতা জ্ঞাপনৰ বাবে মহাবিদ্যালয় খনৰ চৌহদত নিৰ্মাণ কৰা তেখেতৰ পূৰ্ণাংগ প্ৰতিমূৰ্ত্তিৰ আজি পুৱা ১১-৩০ বজাত শুভ উন্মোচন কৰে সাহিত্য একাডেমিৰ বঁটা প্ৰাপক বিশিষ্ট কবি,সাহিত্যিক হৰেকৃষ্ণ ডেকাই৷ এই উপলক্ষে নাজিৰা মহাবিদ্যালয়ৰ পেক্ষাগৃহত মহাবিদ্যালয় খনৰ প্ৰাক্তন অধ্যক্ষ চৈয়দ মুবিদুল ইছলামৰ সভাপতিত্বত অনুষ্টিত হোৱা উন্মোচনী সভাত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে বিশিষ্ট সাংবাদিক,লেখক হাইদৰ হুছেইন ৷ শিক্ষাবিদ প্ৰভাত বৰঠাকুৰ, শিৱসাগৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি যোগ গগৈ, যুৱনেতা কনক গগৈকে ধৰি ভালেসংখ্যক লোকৰ উপস্থিতিত অনুষ্টিত হোৱা এই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে অধ্যাপক জীতেন ফুকনে৷
Breaking News
- নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ
- নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্যাপন
- প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ
- দিখৌ কন্যা এলি আহমেদৰ শাৰীৰিক অসুস্থতাত উদ্বিগ্ন নাজিৰা বাসী
- নাজিৰাত সমগ্ৰ শিক্ষা আঁচনিত ব্যাপক কেলেঙ্কাৰীৰ আশঙ্কা : সমগ্ৰ শিক্ষাৰ একো তথ্য নাই খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত
- যাত্ৰীৰ সুবিধাৰ্থে শিমলুগুৰি জংচনত অত্যাধুনিক অটমেটিক টিকট ভেণ্ডিং মেচিন ( এ টি ভি এম ) স্থাপন
- তিনিচুকীয়া ৰেল ষ্টেচন (পুৰণি)ত প্ৰস্ৰাৱাগাৰৰ দুৰাৱস্থাত যাত্ৰীৰ দুৰ্ভোগ : উদাসীন ৰেল বিভাগ
- চৰকাৰৰ অদূৰদৰ্শীতাৰ বাবেই প্ৰসহনত পৰিণত হ’ল নাজিৰাৰ বহুকোটি টকীয়া গাহৰিৰ মাংস প্ৰক্ৰিয়াকৰণ প্ৰকল্প :

