
নিউজডেক্স, ৩ এপ্ৰিল,২০২৪ : ১৯৮১ চনৰ ১৬ ডিচেম্বৰত প্ৰতিষ্ঠা হোৱা নাজিৰা মহাবিদ্যালয়ৰ প্ৰাণ প্ৰতিষ্ঠাতা প্ৰাক্তন অধ্যক্ষ ,বিশিষ্ট চিন্তাবিদ অৱনী বৰঠাকুৰক সন্মান আৰু কৃতজ্ঞতা জ্ঞাপনৰ বাবে মহাবিদ্যালয় খনৰ চৌহদত নিৰ্মাণ কৰা তেখেতৰ পূৰ্ণাংগ প্ৰতিমূৰ্ত্তিৰ আজি পুৱা ১১-৩০ বজাত শুভ উন্মোচন কৰে সাহিত্য একাডেমিৰ বঁটা প্ৰাপক বিশিষ্ট কবি,সাহিত্যিক হৰেকৃষ্ণ ডেকাই৷ এই উপলক্ষে নাজিৰা মহাবিদ্যালয়ৰ পেক্ষাগৃহত মহাবিদ্যালয় খনৰ প্ৰাক্তন অধ্যক্ষ চৈয়দ মুবিদুল ইছলামৰ সভাপতিত্বত অনুষ্টিত হোৱা উন্মোচনী সভাত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে বিশিষ্ট সাংবাদিক,লেখক হাইদৰ হুছেইন ৷ শিক্ষাবিদ প্ৰভাত বৰঠাকুৰ, শিৱসাগৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি যোগ গগৈ, যুৱনেতা কনক গগৈকে ধৰি ভালেসংখ্যক লোকৰ উপস্থিতিত অনুষ্টিত হোৱা এই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে অধ্যাপক জীতেন ফুকনে৷
Breaking News
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
- নাজিৰা বিধানসভা সমষ্টিত ভূমি পট্টা বিতৰণ
- অসম অৰুণাচল সীমান্তৰ্বতী সাপেখাতীৰ হোলোঙামৰা গাঁওত এটুপি পানীৰ বাবে হাহাঁকাৰ কৰিছে ৰাইজে
- গাঁৱৰ প্ৰাকৃতিক পৰিবেশত আলি আই লৃগাঙ উদযাপনৰ আহ্বান জনালে অৱন্তী পামেগাম চেতিয়াই

