নিউজডেক্স,৯এপ্ৰিল,২০২৪ : জ্যেষ্ঠ সাংবাদিক তথা সমালোচক হাইদৰ হুচেইনৰ সৈতে হোৱা আমাৰ এক আছুতীয়া সাক্ষাৎকাৰত সাম্প্ৰতিক সময়ত সাংবাদ জগতৰ অৱক্ষয় সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত তেখেতে ইয়াক সমাজৰ সামগ্ৰিক অৱক্ষয়ৰ প্ৰতিফলন বুলি কয়৷ তেখেতৰ মতে সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয় যদিও বৰ্তমান গণতন্ত্ৰৰ আন তিনিওটা স্তম্ভতে অৱক্ষয় পৰিলক্ষিত হৈছে৷ সাধাৰণতে দেশৰ প্ৰচলিত আইন আৰু শাসন ব্যৱস্থাৰ পৰা সাংবাদিকতা বিচ্ছিন্ন হ’ব নোৱাৰে আৰু সমাজৰ সামগ্ৰিক স্খলনৰ প্ৰভাৱৰ হেতু আজি দেশৰ তদন্তকাৰী সংস্থা ই-ডি, চি-বি-আই আদিও পথচ্যুত হোৱাৰ বাতৰি ওলাইছে৷ সাংবাদিক সকলো আজি বহু বাধ্য বাধকতাৰ মাজত সোমাই পৰিছে ৷ শেষতীয়াভাবে বিভিন্ন কাৰণত দেশৰ মূল সুতিৰ সংবাদ মাধ্যম চৰকাৰ নিৰ্ভৰশীল হ’বলগীয়া হৈছে৷ ইয়াৰ বাবে কেৱল প্ৰচাৰ মাধ্যমৰ মালিক কৰ্তৃপক্ষক দোষ দি লাভ নাই৷ সামগ্ৰিক ভাবে আজি দেশত সংবিধান মানি চলাৰ প্ৰৱণতা হ্ৰাস পাইছে ৷সেয়েহে সাংবাদিকতাও বহুক্ষেত্ৰত পথচ্যুত হৈছে৷ সাম্প্ৰতিক সময়ৰ ৰাজনীতি হ’ল ক্ষমতা সৰ্বস্ব ৰাজনীতি ,ইয়াত মূল্যবোধ বা ত্যাগৰ কথা নাই আৰু ৰাজনীতিয়েই সমাজৰ মূল চালিকাশক্তি ৷সেয়েহে বৰ্তমান সময়ত ৰাজনীতিৰ লগতে সংবাদ মাধ্যমৰো অৱক্ষয় পৰিলক্ষিত হৈছে আৰু মানুহৰ মাজত অসন্তুষ্টি বাঢ়িছে৷ বৰ্তমানৰ এই হতাশজনক পৰিস্থিতিৰ পৰা মুক্তি পাবৰ বাবে সমাজ সচেতন ৰাইজে বিবেক বিবেচনাৰ দ্বাৰা মানুহ আৰু জাতিৰ প্ৰতি থকা দায়বদ্ধতাৰ প্ৰতি সচেতন হ’লে নিৰাশাৰ মাজতো আশাৰ সঞ্চাৰ হোৱাৰ এক বাতাবৰণ সৃষ্টি হ’ব বুলি কয় বিশিষ্ট সাংবাদিক গৰাকীয়ে ৷
Breaking News
- নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ
- নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্যাপন
- প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ
- দিখৌ কন্যা এলি আহমেদৰ শাৰীৰিক অসুস্থতাত উদ্বিগ্ন নাজিৰা বাসী
- নাজিৰাত সমগ্ৰ শিক্ষা আঁচনিত ব্যাপক কেলেঙ্কাৰীৰ আশঙ্কা : সমগ্ৰ শিক্ষাৰ একো তথ্য নাই খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত
- যাত্ৰীৰ সুবিধাৰ্থে শিমলুগুৰি জংচনত অত্যাধুনিক অটমেটিক টিকট ভেণ্ডিং মেচিন ( এ টি ভি এম ) স্থাপন
- তিনিচুকীয়া ৰেল ষ্টেচন (পুৰণি)ত প্ৰস্ৰাৱাগাৰৰ দুৰাৱস্থাত যাত্ৰীৰ দুৰ্ভোগ : উদাসীন ৰেল বিভাগ
- চৰকাৰৰ অদূৰদৰ্শীতাৰ বাবেই প্ৰসহনত পৰিণত হ’ল নাজিৰাৰ বহুকোটি টকীয়া গাহৰিৰ মাংস প্ৰক্ৰিয়াকৰণ প্ৰকল্প :

