নিউজডেক্স, ১০এপ্ৰিল,২০২৪ : অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ ২২তম প্ৰতিষ্ঠা দিৱস আজি দিনযোৰা কাৰ্যসূচীৰে নাজিৰা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ পুৰুষ আৰু মহিলা শাখাই একত্ৰিত ভাবে উদযাপন কৰে৷ নাজিৰা নগৰস্থ সন্মিলনৰ কাৰ্যালয়ত পুৱা পতাকা উত্তোলন কৰে সন্মলনৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক বিজয় চন্দ্ৰ বৰাই৷ পৰৱৰ্তী পৰ্যায়ত দুপৰীয়া ডেৰ বজাত নাজিৰাৰ চলিহা বাৰেঘৰ সত্ৰৰ সত্ৰাধিকাৰ তথা বিশিষ্ট শিক্ষাবিদ আৰু সমাজসেৱী ইন্দুভূষণ মহন্তৰ বাসগৃহত তেখেতক ৰাজহুৱা ভাবে সম্বৰ্দ্ধনা জনোৱা হয়৷ এই উপলক্ষে জাজী মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ প্ৰভাত বৰঠাকুৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এক মুকলি সভাত নাজিৰা-শিমলুগুৰি উন্নয়ন প্ৰাধিকৰণৰ সভাপতি তথা নাজিৰা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সম্পাদক অজয়লাল বৰুৱা, কাৰ্যকৰী সভাপতি বিজয় চন্দ্ৰ বৰা,অৱসৰী অধ্যাপক তথা প্ৰবন্ধাকাৰ উমা কোঁৱৰ,ইন্দুভূষণ মহন্তৰ সহকৰ্মী তথা প্ৰাক্তন শিক্ষক যদু দত্ত, শিক্ষয়িত্ৰী অঞ্জনা বৰগোহাঁই,সাংবাদিক চৈয়দ খাইৰুল হাচান,শিৱ গগৈ, যদুমণি হাজৰিকা, ভাস্কৰজ্যোতি মহন্ত,জ্যেষ্ঠ নাগৰিক অৰুণ কোঁৱৰ,জৱাহৰলাল লাচিত,মানসী বৈৰাগী,সমাজ সংগঠক গোপাল বৰুৱাকে ধৰি বহুসংখ্যক লোক উপস্থিত থাকে৷ বঁটা গ্ৰহণ কৰি সত্ৰাধিকাৰ ইন্দুভূষণ মহন্তই হেডমাষ্টৰ আজিজুৰ ৰহমান ঋষিতুল্য ব্যক্তি আছিল বুলি কৈ তেখেতৰ সোঁৱৰণত বঁটা প্ৰদান কৰাৰ বাবে নাজিৰাৰ জ্যেষ্ঠ নাগৰিক সন্মিলনক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ৷
Breaking News
- নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ
- নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্যাপন
- প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ
- দিখৌ কন্যা এলি আহমেদৰ শাৰীৰিক অসুস্থতাত উদ্বিগ্ন নাজিৰা বাসী
- নাজিৰাত সমগ্ৰ শিক্ষা আঁচনিত ব্যাপক কেলেঙ্কাৰীৰ আশঙ্কা : সমগ্ৰ শিক্ষাৰ একো তথ্য নাই খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত
- যাত্ৰীৰ সুবিধাৰ্থে শিমলুগুৰি জংচনত অত্যাধুনিক অটমেটিক টিকট ভেণ্ডিং মেচিন ( এ টি ভি এম ) স্থাপন
- তিনিচুকীয়া ৰেল ষ্টেচন (পুৰণি)ত প্ৰস্ৰাৱাগাৰৰ দুৰাৱস্থাত যাত্ৰীৰ দুৰ্ভোগ : উদাসীন ৰেল বিভাগ
- চৰকাৰৰ অদূৰদৰ্শীতাৰ বাবেই প্ৰসহনত পৰিণত হ’ল নাজিৰাৰ বহুকোটি টকীয়া গাহৰিৰ মাংস প্ৰক্ৰিয়াকৰণ প্ৰকল্প :

