নিউজডেক্স,১২ মে’,২০২৪ :নামতিৰ চাৰিআলি খনিকৰ গাঁৱৰ নিপেন চেতিয়াৰ কন্যা এথেনাই ৫ বছৰ বয়সৰ পৰাই বিভিন্ন খেলৰ লগত জড়িত।উশ্বু, কিক বস্কিং আৰু কুংফু খেলুৱৈ এথেনা চেতিয়াই ইতিমধ্যে ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত বহুকেইটা সোনৰ পদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।সদ্যঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ৫ টা বিষয়ত লেটাৰ মাৰ্কসহ ষ্টাৰ মাৰ্ক লাভ কৰিবলৈ সক্ষম হোৱা এথেনা চেতিয়াই ২০১৫ চনত উশ্বু-কুংফুত গ’ল্ড মডেল, ২০১৬ চনত কিক বস্কিংত গ’ল্ড মডেল,২০১৭ চনতো গ’ল্ড মডেল লাভ কৰিবলৈ সক্ষম হৈছিল।ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ সপোন পুহি ৰখা এথেনা চেতীয়াই সমৰ কলাতো নিজকে প্ৰতিষ্ঠা কৰাৰ আশা পুহি ৰাখিছে।

