Author: newshuntne

newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.

নিউজডেক্স,১১ফেব্ৰুৱাৰী,২০২৬: আজি সন্ধিয়া শিমলুগুৰিৰ লুথুৰী গাঁওৰ মাষ্টৰচুকৰ দিখৌ নদীৰ পাৰত থকা শিমলুগুৰি পৌৰসভাৰ ডাম্পিং গ্ৰাউণ্ডৰ জাবৰত পৌৰসভাই অবিবেচক ভাবে জুই লগাই দিয়াৰ ফলত সমগ্ৰ লুথুৰি গাঁওৰ লগতে নদীখনৰ সীপাৰত থকা নাজিৰা নগৰত ধোঁৱাই ছানি ধৰি জন জীবন বিপৰ্য্যস্ত কৰি তোলে৷ ডাম্পিং গ্ৰাউণ্ডৰ  এই  প্ৰদূষিত ধোৱাৰ ফলত বহু লোক শ্বাস কষ্টত ভোগাও পৰিলক্ষিত হয়৷ পৌৰসভাৰ এনে অবিবেচক কাৰ্যক সকলোৱে ধিক্কাৰ দিয়াৰ লগতে এই কাণ্ডৰ বাবে দোষী ব্যক্তিৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে ৰাইজে প্ৰশাসনক আহ্বান জনাইছে৷ স্হানীয় লোকৰ ভাষ্য অনুসৰি আজি দিনৰ ২-৩০ বজাত এই ডাম্পিং গ্ৰাউণ্ডৰ চকীদাৰে জাবৰ-জোঁথৰ নিস্কাষণৰ বাবে লগোৱা  জুই উমি উমি জ্বলি সন্ধিয়াৰ পৰা সমগ্ৰ অঞ্চলটো ধোঁৱাময় কৰি…

Read More

নিউজডেক্স,৫ফেব্ৰুৱাৰী,২০২৬ :   ৯৭ নং নাজিৰা বিধান সভা সমষ্টিৰ   চকিমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযান আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ অধীনৰ আত্মসহায়ক গোটৰ মহিলাসকললৈ অসমৰ  মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অভিলাসী আঁচনি “মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনি’ৰ অধীনত প্ৰথম পৰ্যায়ৰ ১০০০০ টকাৰ চেক বিতৰণ কাৰ্যসূচী আজি আনুষ্ঠানিকভাবে সম্পন্ন কৰা হয়। এই অনুষ্ঠানত নাজিৰা বিধানসভা সমষ্টিৰ অসম ৰাজ্যিক গ্রামীণ জীৱিকা জীৱিকা অভিযানৰ অধীনৰ ১৪৩ টা গ্রাম্য সংগঠনৰ অন্তৰ্গত ২৩৮৯  টা আত্মসহায়ক গোটৰ ২৩৬৪২ গৰাকী মহিলাই মুখ্যমন্ত্রী মহিলা উদ্যমিতা আচনিৰ পুঁজিৰ চেক লাভ কৰাৰ লগতে নাজিৰা বিধানসভা সমষ্টিৰ অধীনৰ ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ অন্তৰ্গত ২৪৯৯ গৰাকী মহিলাই মুখ্যমন্ত্রী মহিলা উদ্যমিতা…

Read More

নিউজডেক্স,২৮ জানুৱাৰী,২০২৬ : অসমৰ মৎস্য ক্ষেত্ৰ উন্নয়নৰ বাবে মীন বিভাগে বছৰি কোটি কোটি টকা ব্যয় কৰি আহিছে যদিও আজিও ৰাজ্য খনত বহিঃৰাজ্যৰ চালানী মাছেহে ৰাইজৰ চাহিদা পূৰণ কৰিবলগীয়া হোৱাটো দুৰ্ভাগ্যজনক কথা!  মীন বিভাগে মৎস্য উৎপাদনৰ ক্ষেত্ৰত ৰাজ্যখনে অগ্ৰগতি লাভ কৰাৰ কথা প্ৰকাশ কৰিলেও ৰাজ্যৰ প্ৰায়বোৰ বজাৰত আজিও থলুৱা মাছৰ অভাৱ পৰিলক্ষিত হোৱা কথাই মীন বিভাগে সদৰি কৰা তথ্যৰ এক বিপৰীত ছবিহে ডাঙি ধৰে ৷ ৰাজ্যৰ অন্যান্য স্থানৰ লগতে নাজিৰাটো মীন বিভাগে বিগত পাঁচ বছৰত মুঠ ২৫০ হেক্টৰ অৰ্থাৎ  প্ৰায় ৯৫৫বিঘা   ভূমিত ১৪৫৯২.২১ মেট্ৰিক টন অৰ্থাৎ এক কোটি পঞ্চলিশ লাখ বিৰান্নবৈ হাজাৰ দুশ দহ কেজি মাগুৰ,শিঙি,কাৱৈ,ভিয়েটনামী কাৱৈ,ৰূপচন্দা,ক’চ,শিঙৰা,গেদগদী,ৰৌ,বাহু,মিৰিকা,গ্ৰাছ কাপ,চিলভাৰ কাপ আদি  মাছ…

Read More

নিউজডেক্স,২৬জানুৱাৰী,২০২৬: সমগ্ৰ দেশৰ লগতে আজি নাজিৰা সমজিলাতো দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়। নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত নাজিৰা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত আয়োজিত গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি নাজিৰা সমজিলা আয়ুক্ত প্ৰতিভা মেশ্ৰামে আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। পতাকা উত্তোলনৰ পূৰ্বে  সমজিলা আয়ুক্তই বীৰ শ্বহীদ সকলক স্মৰণ কৰি নাজিৰা গান্ধী ময়দানত অনুষ্ঠিত শ্বহীদ তৰ্পণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পিছত কুচ-কাৱাজত অংশগ্ৰহণ কৰা আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ অভিবাদন গ্ৰহণ কৰে। এই কুচ – কাৱাজ কাৰ্যসূচীত নাজিৰা সমজিলাৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰী সকলে অংশগ্ৰহণ কৰে। নাজিৰা সমজিলা আৰক্ষী বিষয়া তুশাৰ দেশাইৰ উপস্থিতিত মুখ্য…

Read More

নিউজডেক্স,১৬জানুৱাৰী ২০২৬ :  বায়ু,পানী আৰু মাটিৰ প্ৰদূষণ ৰোধ বা নিয়ন্ত্ৰণৰ বাবে অসমৰ যিকোনো স্থানত সৰু বৰ বিভিন্ন উদ্যোগ স্থাপনৰ ক্ষেত্ৰত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে ক্ষেত্ৰ ভিত্তিক অনুসন্ধানৰ দ্বাৰা কোনো উদ্যোগ স্থাপনৰ সন্মতি(Consent to Establish চমুকৈ CTE) পত্ৰ প্ৰদান কৰাৰ পিছত পুনৰ পৰিদৰ্শন কৰি সংশ্লিষ্ট উদ্যোগটো চলাবৰ বাবে সন্মতি (Consent to Operate চমুকৈ CTO) প্ৰদান কৰে৷ এই চি টি অ’ পোৱাৰ পিছতহে যিকোনো উদ্যোগে নিজৰ ব্যৱসায়িক উৎপাদন আৰম্ভ কৰে৷উল্লেখ্য যে দেশৰ জল(সংৰক্ষণ আৰু প্ৰদূষণ নিয়ন্ত্ৰণ) আইন ১৯৭৪ৰ অধীনত গঠিত ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ ১৯৮১চনৰ বায়ু(সংৰক্ষণ আৰু প্ৰদূষণ নিয়ন্ত্ৰণ) আইনৰ দ্বাৰাও পৰিচালিত হয়৷ৰাজ্যৰ বায়ু,পানী আৰু শব্দ প্ৰদূষণৰ মান নিৰূপণ আৰু নিয়ন্ত্ৰণৰ বাবে…

Read More

 নিউজডেক্স,১১ জানুৱাৰী,২০২৬ : ৰাজ্যৰ বিশিষ্ট  শিশু সাহিত্যিক ,গীতিকাৰ,কবি ঔপন্যাসিক,চিত্ৰ-নাট্যৰ লেখক পদ্মশ্ৰী এলি আহমেদ যোৱা কিছুদিন ধৰি শাৰীৰিক অসুস্থতাত ভূগি থকাৰ লগতে আজি অৰ্থাৎ এঘাৰ জানুৱাৰীৰ দিনা চুবুৰীয়া তথা শুভাকাংক্ষী সকলে পুলিচৰ সহযোগত বন্ধ ঘৰৰ ভিতৰৰ পৰা অসুস্থ অৱস্থাত উদ্ধাৰ কৰি গুৱাহাটীৰ ৰহমান হস্পিতালত ভৰ্তি কৰে৷স্বাধীনচেতীয়া সাহসী মহিলা ৰূপে খ্যাত সাহিত্যিক এলি আহমেদৰ অসুস্থতাৰ বাতৰিত ৰাজ্য বাসীৰ লগতে তেখেতৰ পিতৃ গৃহ নাজিৰা বাসীও উদ্বিগ্ন হৈ পৰিছে৷ নাজিৰা বাসীয়ে তেখেতৰ আশু আৰোগ্য কামনা কৰাৰ লগতে ৰাজ্য চৰকাৰক তেখেতৰ স্বাস্থ্য সুৰক্ষাৰ বাবে যথোচিত পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে আহ্বান জনায়ছে৷ ডা০ বেজবৰুৱা, বৰুৱাৰ সংসাৰ, সোণমইনা, সাদৰী, বৰদৈচিলা, যখিনী আদি জনপ্ৰিয় ছবিৰ বহু জনপ্ৰিয় গীতৰ…

Read More

নিউজডেক্স,৯ জানুৱাৰী, ২০২৬: প্ৰাক-প্ৰাথমিকৰ পৰা দ্বাদশ শ্ৰেণীলৈ “সকলোৰ বাবে গুণগত শিক্ষা” নিশ্চিত কৰাৰ লক্ষ্যৰে ২০১৮ চনত  ৰাষ্ট্ৰীয়  পৰ্যায়ত প্ৰৱৰ্তন কৰা হয় সমগ্ৰ শিক্ষা আঁচনি ৷     শিক্ষাৰ মান উন্নত কৰাৰ লক্ষ্যৰে এই আঁচনিয়ে আগৰ তিনিখন আঁচনি যেনে —সৰ্ব শিক্ষা অভিযান (SSA) – প্ৰাথমিক শিক্ষা,ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান (RMSA) – মাধ্যমিক শিক্ষা আৰু শিক্ষক গুণগত উন্নয়ন আঁচনি (TE)ক একত্ৰিত কৰিছে৷ সকলো শিশুকে গুণগত শিক্ষা প্ৰদানৰ লগতে বিদ্যালয়ত নামভৰ্তিৰ সংখ্যা বৃদ্ধি আৰু ড্ৰপআউটৰ হ্ৰাস কৰা, দিব্যাংগ, অনুসূচিত জাতি/জনজাতি আৰু সংখ্যালঘু ছাত্ৰছাত্ৰীৰ মাজত শিক্ষাৰ সমতা স্থাপন, শিক্ষকসকলৰ প্ৰশিক্ষণ আৰু দক্ষতা বৃদ্ধি কৰা আৰু বিদ্যালয়ৰ পৰিকাঠামো উন্নত কৰাৰ উদ্দেশ্যৰে এই আঁচনিৰ দ্বাৰা নতুন বিদ্যালয়…

Read More

নিউজডেক্স,৭ জানুৱাৰী,২০২৬ : উত্তৰ পূব সীমান্ত ৰেলৱেৰ  আধুনিকীকৰণৰ অংশ স্বৰূপে  কিছুদিনৰ আগত শিমলুগুৰি ৰেল জংচনত  যাত্ৰীৰ সুবিধাৰ্থে দুটা অত্যাধুনিক অটমেটিক টিকট ভেণ্ডিং মেচিন ( এ টি ভি এম ) স্থাপন কৰা হয়৷ ইয়াৰে এটা মেচিনৰ দ্বাৰা যাত্ৰীয়ে নিজেই ইউ পি আই যোগেদি আৰু আনটোৰ দ্বাৰাএ টি এম কাৰ্ডৰ জৰিয়তে ৰেলৰ টিকট কাটি যাত্ৰা কৰিব পাৰিব৷ সাধাৰণতে ৰেল ষ্টেচনত ৰেলৰ টিকট কাটিবৰ বাবে টিকট কাউণ্টাৰত  যাত্ৰীৰ ভীৰ তথা থেলা হেঁচা হোৱা পৰিলক্ষিত হয় আৰু শিমলুগুৰি জংচনত যাত্ৰীয়ে নিজেই নিজৰ  টিকট কাটিব পৰা এই মেচিন স্থাপন কৰাৰ ফলত টিকট কাউণ্টাৰত যাত্ৰীয়ে দীঘলীয়া লাইন কৰাৰ পৰিৱৰ্তে কম সময়তে নিজৰ টিকট সংগ্ৰহ কৰিব পাৰিব৷উল্লেখ্য…

Read More

নিউজডেক্স,৫জানুৱাৰী,২০২৬ : উত্তৰ পূব সীমান্তৰ অন্তৰ্গত উজনি অসমৰ অন্যতম ব্যস্ত তথা পুৰণি ৰেল ষ্টেচন তিনিচুকীয়া নগৰস্থিত  পুৰণি ৰেল ষ্টেচনত নিতৌ সহস্ৰাধিক যাত্ৰীয়ে ভীৰ কৰে যদিও ইয়াত প্ৰস্ৰাৱাগাৰৰ অভাৱত যাত্ৰী সকলে জীয়াতু ভূগিবলগীয়া হয়৷ এই ষ্টেচনটোত পুুৰুষ আৰু মহিলাৰ বাবে ৰাইজক দেখুৱাই “নাম কে ৱাস্তে” দুটা প্ৰস্ৰাৱাগাৰ আছে যদিও উপযুক্ত পৰিস্কৰণ তথা চাফাই আৰু মেৰামতিৰ অভাৱত সেই প্ৰস্ৰাৱাগাৰ দুটা ব্যৱহাৰযোগ্য হৈ থকা নাই৷ ৰেল বিভাগে এই অঞ্চলৰ যাত্ৰীৰ পৰা বছৰি লাখ লাখ টকাৰ ৰাজহ  সংগ্ৰহ কৰে যদিও তিনিচুকীয়াৰ দৰে এটা পুৰণি ষ্টেচনত যাত্ৰীৰ মৌলিক প্ৰয়োজন পূৰণৰ সুবিধাৰ্থে প্ৰাথমিক সুবিধা নথকাটো অতি দুৰ্ভাগ্যজনক কথা৷ ৰেল বিভাগৰ অকৰ্মণ্যতা আৰু অৱহেলাৰ বাবে এই পুৰণি…

Read More

নিউজডেক্স, ৪ জানুৱাৰী, ২০২৬ : : বহু পৰিকল্পনা আৰু প্ৰত্যাশাৰ অন্তত   বিগত ২০২৪ চনৰ ১২ মাৰ্চত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই   নাজিৰাৰ চানবছা গাঁৱত  ভাৰতৰ সৰ্ববৃহৎ ৰপ্তানিমুখী গাহৰিৰ মাংস প্ৰক্ৰিয়াকৰণ প্ৰকল্পৰ শুভ  উদ্বোধন কৰিছিল যদিও আজিও সেই প্ৰকল্প কাৰ্যক্ষম নহল। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আৰ্থিক সাহায্যত আঠ বিঘা মাটিত অত্যাধুনিক প্ৰযুক্তিৰে এই গাহৰিৰ মাংস প্ৰক্ৰিয়াকৰণ প্ৰকল্প  স্থাপন কৰা হৈছিল  । ১১.৪৪ কোটি টকাৰ এই উদ্যোগটোৰ মূল উদ্দেশ্য আছিল মূলতঃ দক্ষিণ এছিয়াৰ দেশসমূহলৈ গাহৰিৰ মাংস ৰপ্তানি কৰা, উত্তৰ-পূবাঞ্চলত গাহৰিৰ মাংসৰ ক্ৰমবৰ্ধমান চাহিদা পূৰণ কৰা আৰু অসমৰ গাহৰি পালকসকলৰ বাবে আৰ্থিক লাভৰ সৃষ্টি কৰা।  বহু প্ৰত্যাশিত এই প্ৰকল্পটো উদ্ধোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত…

Read More