Author: newshuntne

newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.

নিউজডেক্স,৭নৱেম্বৰ,২০২৫ :চৰাইদেউ জিলাৰ সাপেখাতী মৌজাৰ খেৰবাৰী সাপ্তাহিক বজাৰক লৈ অসম আৰু অৰুণাচল প্ৰদেশৰ জনসাধৰণৰ মাজত সংঘাট অব্যাহত আছে। জানিব পৰা মতে অৰুণাচল প্ৰদেশৰ কানুবাৰীত বছৰ বছৰ ধৰিপ্ৰতি বৃহস্পতি বজাৰ অনুষ্ঠিত হৈ আহিছিল। কিন্তু ৭ মাহৰ পূৰ্বে অৰুণাচল প্ৰশাসনে  অসমৰ পৰা যোৱা ব্যৱসায়ীৰ লগতে ক্ৰেতা বিক্ৰীতাৰ ইনাৰ প্ৰামিট বাধ্যতামূলক বুলি উল্লেখ কৰাত বৃহস্পতি বাৰে অনুষ্ঠিত হোৱা সাপ্তাহিক বজাৰ খনি বন্ধ হৈ পৰে।উপায়ন্তৰ হৈ অসমৰ ব্যৱসায়ী সকলে অৰুণাচল কানুবাৰীৰ গাতে লাগি থকা খেৰবাৰীত বৃহস্পতি বাৰে বজাৰ খন অনুষ্ঠিত কৰে। দুয়োখন ৰাজ্যৰ জনসাধৰণে সাত মাহ ধৰি সমিল মিলে ব্যৱসায় বাণিজ্য কৰি আহিছিল। হঠাৎ অৰুণাচল প্ৰদেশৰ প্ৰশাসনে যোৱা বৃহস্পতি বাৰে বজাৰ খনি মুকলি কৰা…

Read More

নিউজডেক্স,৫ নবেম্বৰ,২০২৫ :অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত তথা নাজিৰা সমজিলা প্ৰশাসনৰ সহযোগত আজি নাজিৰা মহাবিদ্যালয় খেলপথাৰত বিস্তৃত কাৰ্যসূচীৰে সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকী উদযাপন কৰা হয়।   আৰম্ভণিতে ড° ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ  অনুষ্ঠানটি শুভাৰম্ভ কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নাজিৰা সমজিলা আয়ুক্ত প্ৰতিভা মেশ্ৰাম, নাজিৰা সমজিলা আৰক্ষী বিষয়া তুষাৰ দেশাই, টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ুৰ বৰগোহাঁই,  নাজিৰা আৰু শিমলুগুৰি পৌৰসভাৰ সভানেত্ৰী ক্ৰমে বৰ্ণালী চেতিয়া আৰু কবিতা মেচৰ লগতে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ  আত্মীয় অজিৎ হাজৰিকাও আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে। ইয়াৰ পিছতে নাজিৰা সমজিলাৰ নবীন-প্ৰবীণ শিল্পী, ছাত্ৰ-ছাত্ৰী, বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীকে ধৰি   উপস্থিত প্ৰায়…

Read More

নিউজডেক্স, ৪ নবেম্বৰ,২০২৫ : নাজিৰা ৰাজহ চক্ৰৰ ধোপাবৰ মৌজাৰ লুথুৰী গাঁওৰ ৭১ নং ম্যাদী পট্টাৰ ৩৫৯ নং দাগৰ ৩ কঠা, ১২৫ নং ম্যাদী পট্টাৰ ৩৬০ নং দাগৰ ১ কঠা ১৯ লোচা আৰু ২০১ নং ম্যাদী পট্টাৰ তাবৎ ৩ বিঘা ১ কঠা ৮ লোচা, মুঠ ৪ বিঘা ১ কঠা ৭ লোচা ভূমিৰ মূল পট্টাদাৰ ঁ চৈয়দা সোণামাই বেগম তথা তেওঁৰ উত্তৰাধিকাৰীৰ অজ্ঞাতে জালিয়াতিৰে আন ব্যক্তিৰ নামত নামজাৰি কৰাৰ ভয়ঙ্কৰ অভিযোগ উণ্থাপিত হৈছে৷ এই সন্দৰ্ভত চৈয়দা সোণামাই বেগমৰ উত্তৰাধিকাৰীয়ে নাজিৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দাখিল কৰা এক আবেদনৰ প্ৰতুত্তৰত এই ভয়ঙ্কৰ অনিয়ম আৰু জালিয়াতিৰ তথ্যৰ লগতে এই বিষয়ত কাৰ্যালয়টোৰ  ‘হাতৰ জমাবন্দী’ আৰু …

Read More

নিউজডেক্স,২নবেম্বৰ,২০২৫: শিৱসাগৰ জিলাৰ বিভিন্ন অঞ্চলত আফ্ৰিকান ছোৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱে চিন্তিত কৰি তুলিছে থলুৱা গাহৰি পালক সকলক৷ ধিতাইপুখুৰীৰ কাকজানৰ জানমণি বুঢ়াগোহাঁইৰ গাহৰি ফাৰ্মত আফ্ৰিকান ছোৱাইন ফিভাৰত গাহৰি আক্ৰান্ত হোৱাত মূৰে কপালে হাত দিবলগীয়া হৈছে এই থলুৱা গাহৰি পালক জনে৷ বেঙ্কৰ পৰা প্ৰায় ৪২লাখ টকাৰ ঋণ লৈ  জানমণি বুঢ়াগোহাঁইয়ে সাতবছৰ ধৰি প্ৰায় বহু শতাধিক গাহৰি পালন কৰি উপাৰ্জনৰ পথ বাছি লৈছিল৷ দুদিনমান আগতে গাহৰিৰ গাত ছোৱাইন ফ্লুৰ    লক্ষণ দেখি গাহৰি ফাৰ্মখনৰ তিনিটা গাহৰিৰ তেজৰ নমুনা শিৱসাগৰ পশুপালন বিভাগে সংগ্ৰহ কৰি পৰীক্ষণ কৰাত আফ্ৰিকান ছোৱাইন ফিভাৰত গাহৰি আক্ৰান্ত হোৱাৰ বিষয়ে নিশ্চিত হৈ আজি শিৱসাগৰৰ জিলা পশুপালন বিভাগে এই গাহৰি ফাৰ্মৰ প্ৰায় দুই…

Read More

নিউজডেক্স,১১অক্টোবৰ,২০২৫ : সমাজ জীৱনলৈ বিশেষ বৰঙনি আগবঢ়োৱা বিশিষ্ট লোককলৰ সোঁৱৰণত ৰাইজ তথা সংশ্লিষ্ট কৰ্তৃপক্ষই কোনো ব্যক্তি বিশেষৰ নামত কোনো পথৰ নামাকৰণ কৰে৷ কালক্ৰমত এই পথৰ পৰিচিতিয়েই সংশ্লিষ্ট অঞ্চলৰ ৰাইজৰ ঠিকনা হৈ পৰে৷। নাজিৰাটো এনে বহু বিশিষ্ট ব্যক্তিৰ নামত বহুকেইটা পথ নামাকৰণ কৰা হৈছে৷ নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক তথা এসময়ত “হেডমাষ্টৰ আজিজুৰ ৰহমান” নামেৰে প্ৰখ্যাত ব্যক্তিজনাৰ স্মৃতি যুগমীয়া কৰাৰ অৰ্থে বহুবছৰ পূৰ্বে নাজিৰা পৌৰসভা  উক্ত বিদ্যালয়ৰ সন্মুখৰ “টকৌ আলি” নামেৰে পৰিচিত পথটো  “হেডমাষ্টৰ আজিজুৰ ৰহমান” পথ বুলি নামাকৰণ কৰি নামফলক লগাইছিল যদিও বৰ্তমান উক্ত পথত কোনো নামফলক নাই৷ সেইদৰে শতিকা পূৰ্বে নাজিৰাৰ জনজীৱনৰ সুবিধাৰ্থে নগৰখনৰ ৮ নং…

Read More

নিউজডেক্স,৭অক্টোবৰ,২০২৫ :আজি সমগ্ৰ ৰাজ্যৰ লগতে নাজিৰা বিধান সভা সমষ্টিতো অৰুণোদয় আঁচনিৰ যোগেদি বুনিয়াদী অৰ্থনীতি  সবলীকৰণ কৰাৰ উদ্দেশ্যেৰে অসম চৰকাৰৰ অৰুণোদয় আঁচনিৰ তৃতীয় সংস্কৰণ “অৰুণোদয় ৩.০” ৰ পুঁজি বিতৰণৰ শুভ উদ্বোধন কৰা হয়। নাজিৰা বৰতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা আজিৰ এই সভাত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে নাজিৰাৰ সমজিলা আয়ুক্ত প্ৰতিভা মেশ্ৰামৰ লগতে টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ুৰ বৰগোহাঁই, নাজিৰা পৌৰসভাৰ সভানেত্ৰী বৰ্ণালী চেতিয়া আৰু নাজিৰা পৌৰসভাৰ কাৰ্যবাহী বিষয়া দিব্যা সোনাৰ।উল্লেখযোগ্য যে, নাজিৰা বিধান সভা সমষ্টিৰ অন্তৰ্গত মুঠ ২৫৩টা ভোট গ্ৰহণ কেন্দ্ৰত আজি অৰুণোদয় ৩.০ ৰ পুঁজি বিতৰণৰ উদ্ধোধনী অনুষ্ঠান অনুষ্ঠিত কৰা হয়। উক্ত সভাতে গুৱাহাটীস্থ খানাপাৰা পশু চিকিৎসা বিজ্ঞান…

Read More

নিউজডেক্স, ৪ অক্টোবৰ, ২০২৫: অন্ন সেৱা দিন উদযাপনৰ অংশস্বৰূপে, নাজিৰাৰ সম-জিলা আয়ুক্ত প্ৰতিভা মেশ্ৰাম আৰু সহকাৰী আয়ুক্ত তথা খাদ্য ৰাজহুৱা বিতৰণ ও গ্ৰাহক পৰিক্ৰমা বিভাগৰ ভাৰপ্ৰাপ্ত সহকাৰী সঞ্চালক,কল্যাণজ্যোতি হাজৰিকাই আজি নাজিৰা সম-জিলাৰ বিভিন্ন সুলভ মূল্যৰ দোকান (FPS) পৰিদৰ্শন কৰে। এই পৰিদৰ্শন কালত কেইবাগৰাকী বিভাগীয় কৰ্মচাৰী উপস্থিত থাকে। পৰিদৰ্শনৰ সময়ত, সম-জিলা আয়ুক্ত গৰাকীয়ে দোকান সমূহৰ ষ্টক ৰেজিষ্টাৰ, বিতৰণ ৰেকৰ্ড আৰু আন প্ৰাসংগিক নথিপত্ৰসমূহ পৰীক্ষা কৰে। লগতে, হিতাধিকাৰীসকলক বিতৰণ কৰা চাউলৰ গুণগত মান আৰু পৰিমাণো পৰীক্ষা কৰে।তদুপৰি তেখেতে কেইবাজনো হিতাধিকাৰীৰ  সৈতে মত বিনিময় কৰে আৰু নিয়ম অনুসৰি নিজৰ প্ৰাপ্য অংশ লাভ কৰিছে নে নাই, সেইটো নিশ্চিত কৰে। লগতে সম-জিলা আয়ুক্ত গৰাকীয়ে,  বিতৰণ প্ৰক্ৰিয়াত…

Read More

নিউজডেক্স,২অক্টোবৰ,২০২৫ : আজি নাজিৰা  নগৰৰ মাজমজিয়াত থকা বশিষ্ট গংগা খ্যাত দিখৌনৈৰ ঘাটত  বিসৰ্জন দিয়া হয়  দেৱী দূৰ্গাৰ প্ৰতিমাৰ ।  প্ৰশাসনে প্ৰতিমা বিসৰ্জনৰ ক্ষেত্ৰত বান্ধি দিয়া  নিয়মাৱলী পালন কৰি সকলো আয়োজক সমিতিয়ে বিসৰ্জন  দিয়ে প্ৰতিমা সমুহ । প্ৰতিমা বিসৰ্জনৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি  প্ৰশাসনৰ তৰফৰ পৰা নাজিৰাৰ দিখৌ নৈৰ পাৰ ঘাটত যথেষ্ট সংখ্যক আৰক্ষী ,এছ ডি আৰ এফ, আৰু চিভিল ডিফেন্সৰ লোক  মোতায়ন কৰা হয় । বৃহত্তৰ নাজিৰা অঞ্চলৰ লিগিৰী পুখুৰী , ষ্টেচন তিনিআলি ,  কলেজ তিনিআলি , নাজিৰা মিলন মন্দিৰ , নাজিৰা পূজা মন্দিৰ , নাজিৰা চাৰিআলিকে ধৰি বিভিন্ন  স্থানৰ পৰা অহা…

Read More

নিউজডেক্স,২৯চেপ্তেম্বৰ,২০২৫: নাজিৰা আমোলাপট্টীবাসী ৰাইজৰ সহযোগত আজি আমোলাপট্টিত জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধৰ দিনটোতেই পালন কৰা হয় মহা নাম-প্ৰসঙ্গ৷অসম আৰু অসমীয়াৰ প্ৰাণৰ স্পন্দন – জনতাৰ শিল্পী জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ দিনৰে পৰা শোকস্তব্ধ হৈ পৰা জনতাই তেৰাৰ আত্মাৰ চিৰশান্তি কামনাৰে বিভিন্ন স্থানত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অব্যাহত থকাৰ লগতে মহান শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ ন্যায়িক তদন্তৰ দাবী সৰ্বস্তৰতে উত্থাপন হৈছে । শোকত ম্ৰিয়মান জনতাই শিল্পী জনাৰ বৈকুণ্ঠ গামী হোৱাৰ আজি একাদশ দিনা আদ্যশ্ৰাদ্ধৰ দিনটোতে নাজিৰা আমোলাপট্টী বাসী ৰাইজৰ সহযোগত আমোলাপট্টিত মহা নাম-প্ৰসঙ্গৰ আয়োজন কৰে৷ প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পমাল্য অৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ পিছতেই মহা নাম-প্ৰসঙ্গ অনুষ্ঠিত কৰি মহান শিল্পীগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা…

Read More

নিউজডেক্স,২৭চেপ্তেম্বৰ,২০২৫ : যোৱা শুক্ৰবাৰে পুৱা শিমলুগুৰি নগৰৰ বজাৰ তিনিআলিৰ বিকাশ কুমাৰ নামৰ এজন ব্যৱসায়ীৰ ঘৰৰ পৰা  ৪০ লাখ টকা হৰলুকি হয় । ব্যৱসায়ীজনৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ তেওঁৰ কৰ্মচাৰী বিক্ৰাণ জচোৱাল আৰু এজন অচিনাকি ব্যক্তিয়ে চোৰ কৰি নিছিল ৪০ লাখ টকা । পৰৰ্ৱতী সময়ত ব্যৱসায়ী বিকাশ কুমাৰে এই বিষয়ে শিমলুগুৰিৰ আৰক্ষীক অৱগত কৰিছিল ।  শিমলুগুৰি  থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোৰঞ্জন ৰাজখোৱা , উপ-পৰিদৰ্শক বেদান্ত বুঢ়াগোঁহাই আৰু  নাজিৰাৰ সমজিলা আৰক্ষী অধীক্ষক  তুষাৰ দেশায়ে অভিযান চলাই বিকাশ কুমাৰৰ গাড়ী চালক শিমলুগুৰিৰ অভয়পুৰীয়াৰ বিতু গগৈক আটক কৰাৰ পিছতেই সমগ্ৰ ঘটনাটো পোহৰলৈ আহে৷ব্যৱসায়ীজনৰ কৰ্মচাৰী বিক্ৰাণ জচোৱাল আৰু অচিনাকি ব্যক্তি এগৰাকীয়ে ৪০লাখ টকা চুৰ…

Read More