নিউজ ডেক্স, ১৮ জানুৱাৰী ২০২৩ : নাজিৰা লক্ষ্মীজানৰ ৰজাভেটাত সঘনে হৈ থকা অবৈধ শিল খনন কাৰ্য্যৰ তীব্ৰ বিৰুধিতা কৰি আজি আদিবাসী ছাত্ৰ-সন্ত্ৰা নাজিৰা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বিহুবৰ বাহবাৰী ৰাইজৰ সহযোগত অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়। প্ৰতিবাকাৰী সকলে লক্ষ্মীজান ৰজাভেটাৰ অবৈধ শিল খনন বন্ধ কৰাৰ লগতে দখলীকৃত ভূমিত পট্টা প্ৰদানৰ দাবীত প্লে কাৰ্ট হাতত লৈ ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে। অভিযোগ অনুসৰি জানুৱাৰি মাহৰ ৪ তাৰিখৰ পৰাই এই লক্ষ্মীজানৰ ৰজাভেটা স্থানত অবৈধ শিল খনন কাৰ্য্য চলি আহিছে, কিন্তু তাৎপৰ্য্যপূৰ্ণ বিষয় যে দিনে ৰাতিয়ে খনন কাৰ্য্য হৈ থকাৰ অভিযোগ পোৱাৰ পিছতো কিন্তু কুম্ভকৰ্ণ নিদ্ৰাত স্থানীয় মহকমু তথা জিলা প্ৰশাসন। ৰাইজৰ অভিযোগ অনুসৰি বৃহৎতৰ বিহুবৰ অঞ্চলত স্থানীয় ৰাইজৰ ভোগ দখলত থকা মাটিত খনন কাৰ্য্য চলাই থকা হৈছে যদিও আজিলৈকে ৰাইজে লাভ কৰা নাই ক্ষতিপূৰণ।
Breaking News
- নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ
- নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্যাপন
- প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ
- দিখৌ কন্যা এলি আহমেদৰ শাৰীৰিক অসুস্থতাত উদ্বিগ্ন নাজিৰা বাসী
- নাজিৰাত সমগ্ৰ শিক্ষা আঁচনিত ব্যাপক কেলেঙ্কাৰীৰ আশঙ্কা : সমগ্ৰ শিক্ষাৰ একো তথ্য নাই খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত
- যাত্ৰীৰ সুবিধাৰ্থে শিমলুগুৰি জংচনত অত্যাধুনিক অটমেটিক টিকট ভেণ্ডিং মেচিন ( এ টি ভি এম ) স্থাপন
- তিনিচুকীয়া ৰেল ষ্টেচন (পুৰণি)ত প্ৰস্ৰাৱাগাৰৰ দুৰাৱস্থাত যাত্ৰীৰ দুৰ্ভোগ : উদাসীন ৰেল বিভাগ
- চৰকাৰৰ অদূৰদৰ্শীতাৰ বাবেই প্ৰসহনত পৰিণত হ’ল নাজিৰাৰ বহুকোটি টকীয়া গাহৰিৰ মাংস প্ৰক্ৰিয়াকৰণ প্ৰকল্প :

