নিউজ ডেক্স, ১১ অক্টোবৰ,২০২৩ : অভাবেই আৱিষ্কাৰৰ মূল বোলা কথাষাৰৰ সত্যতা প্ৰমাণ কৰিলে কৰ্ণাটকৰ এজন কৃষকে নিজৰ অপূৰ্ব উদ্ভাৱনেৰে । কৰিবাছপ্পা এম জিয়ে তেওঁলোকৰ নিজৰেই সমস্যাৰ সমাধান বিচাৰি ফুৰাৰ সময়তে এনে এক আচৰিত যন্ত্ৰৰ সৃষ্টি কৰিছে, যিটোৱে আজি কেৱল দেশৰ ক্ষুদ্ৰ কৃষকেই নহয়, সমগ্ৰ বিশ্বকেই উপকৃত কৰিছে।
তেওঁৰ উদ্ভাৱনৰ নাম ‘সৌৰ পোক ফান্দ’, যিয়ে কোনো ঔষধ আৰু ব্যয়বহুল খৰচ নোহোৱাকৈ ফলমূল আৰু ফুলৰ পথাৰত পোক-পৰুৱা মাৰি পেলোৱাৰ কাম কৰে। ইয়াৰ আটাইতকৈ ভাল কথাটো হ’ল, বিদ্যুৎ আৰু ব্যয়বহুল ৰাসায়নিক পদাৰ্থৰ তুলনাত ই এক অতি কমব্যয়ী পদ্ধতি। এতিয়া তেওঁৰ দ্বাৰা নিৰ্মিত এই সৌৰ পোক-পৰুৱাৰ ফান্দটো বিশ্বৰ ১৮০০০ কৃষকে ব্যৱহাৰ কৰি আছে। খেতিয়কৰ পুত্ৰ কৰিবাছপ্পাই মাত্ৰ দশম মান সম্পূৰ্ণ কৰিয়েই পিতৃৰ খেতিৰ কামত যোগদান কৰে। সেই সময়ত তেওঁৰ পিতৃয়ে পৰম্পৰাগত খেতি কৰিছিল। সৰুৰে পৰাই কৃষিকৰ্মৰ সূক্ষ্মতা শিকিবলৈ আৰম্ভ কৰিছিল কাৰিবাছপ্পাই। সময়ৰ লগে লগে পৰম্পৰাগত শস্যৰ বাহিৰলৈ গৈ তেওঁ ২০১২ চনত ফলৰ খেতি আৰম্ভ কৰে।প্ৰথম বছৰতে তেওঁ ডালিমৰ খেতি আৰম্ভ কৰিছিল, দিনে-নিশাই কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ বাবে তেওঁ ভাল শস্য পাইছিল যদিও ফচল চপোৱাৰ আগতেই তেওঁৰ শস্যবোৰ পোক-পৰুৱাৰ দ্বাৰা আক্ৰান্ত হৈছিল।ইয়াৰ পিছত ওচৰৰ কৃষি বৈজ্ঞানিক কেন্দ্ৰৰ পৰা সহায় বিচৰাত তেওঁলোকে কীটনাশক স্প্ৰে কৰাৰ পৰামৰ্শ দিয়ে। প্ৰায় ৪ লাখ টকা খৰচ হোৱা পাঁচ একৰ মাটিত ঔষধ স্প্ৰে কৰিবলৈ পৰামৰ্শ দিছিল কৃষি বিশেষজ্ঞই। এই খৰচৰ চিন্তাই কৰিবাছপ্পাৰ টোপনি নোহোৱা কৰি তুলিছিল।এনে অৱস্থাত এবাৰ তেওঁ দেখিলে যে পথাৰখনৰ ওচৰতে এটা সৌৰ বাল্বৰ তলত বহুতো মৰা পোক পৰি আছে। ইয়াৰ পৰাই তেওঁ এটা আচৰিত ধাৰণা পাইছিল। ইয়াৰ পিছত কাৰিবাছপ্পাই এটা সাধাৰণ ডিচি সৌৰ বাল্ব আৰু পানীৰ টাবেৰে ষ্টেণ্ডৰ দৰে সৌৰ পোক মৰা ফান্দ সৃষ্টি কৰে।য’ত তেওঁ অটোমেটিক অন-অফ বুটামও ইনষ্টল কৰিছিল। যাতে নিশা প্ৰায় ১০ বজাত লাইট বন্ধ কৰি দিয়া হয় আৰু শস্যৰ বাবে ভাল বুলি বিবেচিত মৌমাখি আৰু পোক-পৰুৱাবোৰ মৰি নাযায়।তেওঁৰ সৰু কিন্তু অতি ফলপ্ৰসূ উদ্ভাৱনে কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা সেউজ সংকেত পোৱাৰ পিছত তেওঁ আন কৃষকৰ বাবেও এনে ফান্দ বনাবলৈ আৰম্ভ কৰে।আজি খেতিৰ লগতে তেওঁৰ নিজা কোম্পানী এম জি কেৰ জৰিয়তে সৌৰ পোক-পৰুৱাৰ ফান্দো তৈয়াৰ কৰি বিক্ৰী কৰি আছে।কাৰিবাছপ্পাই এই উদ্ভাৱনৰ বাবে ইনফ’ছিছ ফাউণ্ডেশ্যনৰ পৰা আৰোহন ছ’চিয়েল ইনোভেচন বঁটাও লাভ কৰিছে। ।


