নিউজডেক্স, ৩১ মাৰ্চ ,২০২৪ : শাসনাধিষ্ঠিত বি জে পি মিত্ৰযোঁটৰ অংশীদাৰ দল অসম গণ পৰিষদৰ নাজিৰা বিধানসভা সমষ্টিৰ এক বুথ সন্মিলন নাজিৰাৰ এম চি ক্লাৱত আজি পুৱা ১১ বজাৰ পৰা দিনযোৰা কাৰ্যসুচীৰে অনুষ্ঠিত হয় ৷ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা উক্ত সন্মিলনত বিধায়কদ্বয় প্ৰদীপ হাজৰিকা আৰু ভৱেন্দ্ৰনাথ ভৰালী,দলৰ উপ সভাপতিদ্বয় তুলসী গগৈ, বলো কুৰ্মী, সাধাৰণ সম্পাদক নুৰুল চুলতান,জিলা সম্পাদক নিত্যা কলিতা, চৰাইদেউ জিলাৰ সভাপতি নাৰায়ণ লাহন,মহিলা পৰিষদৰ কেন্দ্ৰীয় সদস্যা কুঞ্জ গগৈ,অসম গণ পৰিষদৰ নাজিৰা বিধানসভা সমষ্টিৰ সভাপতি মৃদুল মহন্ত,যুৱ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সুদৰ্শন হাজৰিকা,যুৱ পৰিষদৰ নাজিৰা বিধানসভা সমষ্টিৰ সভাপতি পংকজ মহন্ত,মহিলা পৰিষদৰ নাজিৰাৰ সভাপতি অমিয়া গগৈকে ধৰি দলৰ বহু বিষয়ববীয়া উপস্থিত থাকে৷ উক্ত সভাত যোৰহাট লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈক জয়যুক্ত কৰাবৰ অ গ পৰ ফালৰ পৰা সকলোকে আহ্বান জনোৱা হয়৷ আনহাতে উক্ত সভাতেই সমষ্টিটোৰ কেইবা শতাধিক লোকে অসম গণ পৰিষদ দলত যোগদান কৰে৷
Breaking News
- নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ
- নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্যাপন
- প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ
- দিখৌ কন্যা এলি আহমেদৰ শাৰীৰিক অসুস্থতাত উদ্বিগ্ন নাজিৰা বাসী
- নাজিৰাত সমগ্ৰ শিক্ষা আঁচনিত ব্যাপক কেলেঙ্কাৰীৰ আশঙ্কা : সমগ্ৰ শিক্ষাৰ একো তথ্য নাই খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত
- যাত্ৰীৰ সুবিধাৰ্থে শিমলুগুৰি জংচনত অত্যাধুনিক অটমেটিক টিকট ভেণ্ডিং মেচিন ( এ টি ভি এম ) স্থাপন
- তিনিচুকীয়া ৰেল ষ্টেচন (পুৰণি)ত প্ৰস্ৰাৱাগাৰৰ দুৰাৱস্থাত যাত্ৰীৰ দুৰ্ভোগ : উদাসীন ৰেল বিভাগ
- চৰকাৰৰ অদূৰদৰ্শীতাৰ বাবেই প্ৰসহনত পৰিণত হ’ল নাজিৰাৰ বহুকোটি টকীয়া গাহৰিৰ মাংস প্ৰক্ৰিয়াকৰণ প্ৰকল্প :

