নিউজডেক্স, ৩১ মাৰ্চ ,২০২৪ : শাসনাধিষ্ঠিত বি জে পি মিত্ৰযোঁটৰ অংশীদাৰ দল অসম গণ পৰিষদৰ নাজিৰা বিধানসভা সমষ্টিৰ এক বুথ সন্মিলন নাজিৰাৰ এম চি ক্লাৱত আজি পুৱা ১১ বজাৰ পৰা দিনযোৰা কাৰ্যসুচীৰে অনুষ্ঠিত হয় ৷ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা উক্ত সন্মিলনত বিধায়কদ্বয় প্ৰদীপ হাজৰিকা আৰু ভৱেন্দ্ৰনাথ ভৰালী,দলৰ উপ সভাপতিদ্বয় তুলসী গগৈ, বলো কুৰ্মী, সাধাৰণ সম্পাদক নুৰুল চুলতান,জিলা সম্পাদক নিত্যা কলিতা, চৰাইদেউ জিলাৰ সভাপতি নাৰায়ণ লাহন,মহিলা পৰিষদৰ কেন্দ্ৰীয় সদস্যা কুঞ্জ গগৈ,অসম গণ পৰিষদৰ নাজিৰা বিধানসভা সমষ্টিৰ সভাপতি মৃদুল মহন্ত,যুৱ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সুদৰ্শন হাজৰিকা,যুৱ পৰিষদৰ নাজিৰা বিধানসভা সমষ্টিৰ সভাপতি পংকজ মহন্ত,মহিলা পৰিষদৰ নাজিৰাৰ সভাপতি অমিয়া গগৈকে ধৰি দলৰ বহু বিষয়ববীয়া উপস্থিত থাকে৷ উক্ত সভাত যোৰহাট লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈক জয়যুক্ত কৰাবৰ অ গ পৰ ফালৰ পৰা সকলোকে আহ্বান জনোৱা হয়৷ আনহাতে উক্ত সভাতেই সমষ্টিটোৰ কেইবা শতাধিক লোকে অসম গণ পৰিষদ দলত যোগদান কৰে৷
Breaking News
- অসমৰ চেইল গেছ সন্দৰ্ভত আজিও ৰহস্যজনক ভাবে নিমাত অ এন জি চি: তথ্য গোপনৰ প্ৰচেষ্টাৰে নিদিয়ে আৰ টি আইৰ উত্তৰ
- আদালতৰ নিৰ্দেশ উপেক্ষা কৰি নাজিৰা চিকিৎসালয়ত বেদখল অব্যাহত: নীৰৱ প্ৰশাসন
- নাজিৰা নগৰৰ ঐতিহ্যমণ্ডিত চৰকাৰী সহাৰ্যপ্ৰাপ্ত চিকিৎসালয়খন চৰকাৰে বন্ধ কৰিব খোজাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া: মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী স্থানীয় ৰাইজৰ
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ

