নিউজ ডেক্স,১৯ ফ্ৰেব্ৰুৱাৰী,২০২৩ : নাজিৰাৰ প্ৰদীপ চন্দ্ৰ গগৈ নামৰ এজন চিকিৎসকে চিকিৎসা বিজ্ঞানলৈ আনিছে আশাৰ বতৰা। চেপন চূণপুৰা পথত অৱস্থিত গগৈ চেম্বাৰ এণ্ড ৰিচাৰ্চ চেণ্টাৰত চিকিৎসা সেৱা আগবঢ়াই অহা প্ৰদীপ চন্দ্ৰ গগৈয়ে বৃক্ক ৰোগত আক্ৰান্ত ৰোগীক সম্পূৰ্ণৰূপে ৰোগ মুক্ত কৰি সুস্থ কৰি তুলিছে বুলি আৰোগ্য হোৱা ব্যক্তি সকলে জানিবলৈ দিয়ে। বিগত বহু বছৰ ধৰি স্থানীয় ৰাইজক চিকিৎসা সেৱা আগবঢ়াই অহা লগতে চিকিৎসা বিজ্ঞানৰ বিভিন্ন বিষয়ৰ ওপৰত গৱেষণা কৰি অহা চিকিৎসক প্ৰদীপ গগৈৰ ঘৰ নাজিৰাৰ গড়গাঁৱত । দীৰ্ঘদিন ধৰি বৃক্ক ৰোগত ভোগি থকা লক্ষিমপুৰৰ বিহপুৰীয়াৰ এজন ব্যক্তিয়ে চিকিৎসক প্ৰদিপ চন্দ্ৰ গগৈৰ চেম্বাৰত চিকিৎসা কৰি সম্পূৰ্ণ ৰূপে সুস্থ সৈ উঠিছে বুলি জানিবলৈ দিয়ে। সুদূৰ লক্ষীমপুৰৰ পৰা আহি শিৱসাগৰ জিলাৰ নাজিৰাত আশাসুলভ চিকিৎসা লাভ কৰাত স্বাভাৱিকতে আনন্দিত হৈ উঠিছে ৰোগীৰ লগতে পৰিয়াল তথা অভিভাৱক সকল । ডাক্তৰ প্ৰদীপ চন্দ্ৰ গগৈয়ে তেখেতৰ গৱেষনাৰে চিকিৎসা বিজ্ঞানত লাভ কৰা এই বিশেষ সফলতাই সম্প্ৰতি মানৱ সমাজলৈ কঢ়িয়াই আনিছে আশাৰ বতৰা ।
Breaking News
- নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ
- নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্যাপন
- প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ
- দিখৌ কন্যা এলি আহমেদৰ শাৰীৰিক অসুস্থতাত উদ্বিগ্ন নাজিৰা বাসী
- নাজিৰাত সমগ্ৰ শিক্ষা আঁচনিত ব্যাপক কেলেঙ্কাৰীৰ আশঙ্কা : সমগ্ৰ শিক্ষাৰ একো তথ্য নাই খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত
- যাত্ৰীৰ সুবিধাৰ্থে শিমলুগুৰি জংচনত অত্যাধুনিক অটমেটিক টিকট ভেণ্ডিং মেচিন ( এ টি ভি এম ) স্থাপন
- তিনিচুকীয়া ৰেল ষ্টেচন (পুৰণি)ত প্ৰস্ৰাৱাগাৰৰ দুৰাৱস্থাত যাত্ৰীৰ দুৰ্ভোগ : উদাসীন ৰেল বিভাগ
- চৰকাৰৰ অদূৰদৰ্শীতাৰ বাবেই প্ৰসহনত পৰিণত হ’ল নাজিৰাৰ বহুকোটি টকীয়া গাহৰিৰ মাংস প্ৰক্ৰিয়াকৰণ প্ৰকল্প :

