নিউজ ডেক্স,১৯ ফ্ৰেব্ৰুৱাৰী,২০২৩ : নাজিৰাৰ প্ৰদীপ চন্দ্ৰ গগৈ নামৰ এজন চিকিৎসকে চিকিৎসা বিজ্ঞানলৈ আনিছে আশাৰ বতৰা। চেপন চূণপুৰা পথত অৱস্থিত গগৈ চেম্বাৰ এণ্ড ৰিচাৰ্চ চেণ্টাৰত চিকিৎসা সেৱা আগবঢ়াই অহা প্ৰদীপ চন্দ্ৰ গগৈয়ে বৃক্ক ৰোগত আক্ৰান্ত ৰোগীক সম্পূৰ্ণৰূপে ৰোগ মুক্ত কৰি সুস্থ কৰি তুলিছে বুলি আৰোগ্য হোৱা ব্যক্তি সকলে জানিবলৈ দিয়ে। বিগত বহু বছৰ ধৰি স্থানীয় ৰাইজক চিকিৎসা সেৱা আগবঢ়াই অহা লগতে চিকিৎসা বিজ্ঞানৰ বিভিন্ন বিষয়ৰ ওপৰত গৱেষণা কৰি অহা চিকিৎসক প্ৰদীপ গগৈৰ ঘৰ নাজিৰাৰ গড়গাঁৱত । দীৰ্ঘদিন ধৰি বৃক্ক ৰোগত ভোগি থকা লক্ষিমপুৰৰ বিহপুৰীয়াৰ এজন ব্যক্তিয়ে চিকিৎসক প্ৰদিপ চন্দ্ৰ গগৈৰ চেম্বাৰত চিকিৎসা কৰি সম্পূৰ্ণ ৰূপে সুস্থ সৈ উঠিছে বুলি জানিবলৈ দিয়ে। সুদূৰ লক্ষীমপুৰৰ পৰা আহি শিৱসাগৰ জিলাৰ নাজিৰাত আশাসুলভ চিকিৎসা লাভ কৰাত স্বাভাৱিকতে আনন্দিত হৈ উঠিছে ৰোগীৰ লগতে পৰিয়াল তথা অভিভাৱক সকল । ডাক্তৰ প্ৰদীপ চন্দ্ৰ গগৈয়ে তেখেতৰ গৱেষনাৰে চিকিৎসা বিজ্ঞানত লাভ কৰা এই বিশেষ সফলতাই সম্প্ৰতি মানৱ সমাজলৈ কঢ়িয়াই আনিছে আশাৰ বতৰা ।
Breaking News
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
- নাজিৰা বিধানসভা সমষ্টিত ভূমি পট্টা বিতৰণ
- অসম অৰুণাচল সীমান্তৰ্বতী সাপেখাতীৰ হোলোঙামৰা গাঁওত এটুপি পানীৰ বাবে হাহাঁকাৰ কৰিছে ৰাইজে
- গাঁৱৰ প্ৰাকৃতিক পৰিবেশত আলি আই লৃগাঙ উদযাপনৰ আহ্বান জনালে অৱন্তী পামেগাম চেতিয়াই

