নিউজডেক্স,১৩ ফেব্ৰুৱাৰী,২০২৪ : যোৱা সোমবাৰ অৰ্থাৎ ১৩ ফেব্ৰুৱাৰীৰ দিনা NEPNI group of Institution ৰ নাৰ্চিং শিক্ষাৰ শিক্ষাৰ্থী সকলে হাতত জলন্ত মমবাতি লৈ মানৱ সেৱাৰ শপত ল’লে ৷ এই উপলক্ষে গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যাতিষ প্ৰকল্পত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসমৰ সংবাদ জগতৰ মহীৰূহ , অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনক সেন ডেকা , সু-লেখিকা মৃনালিনী দেৱী আৰু লোকশিল্পী লোকনাথ গোস্বামীক নেপনি উৎকৃষ্ট বঁটা প্ৰদান কৰা হয় ৷অনুষ্ঠানত জামিয়া হামডাৰ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আফচাৰ আলম , আন্তৰাষ্ট্ৰীয় ইছলামিক বিশ্ববিদ্যালয়ৰ অধ্যাপক হামিদুল্লাহ মাৰাজী , ব্যক্তিগত বিদ্যালয় সন্থাৰ ৰাষ্ট্ৰীয় সভাপতি জে এন ৱাৰ , আলিগৰ মুছলিম বিশ্ববিদ্যালয় জাবিদ তালিব , জামিয়া মিলিয়াৰ অধ্যাপক আব্দীল মালিককে ধৰি কেবাগৰাকীও ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
Breaking News
- অসমৰ চেইল গেছ সন্দৰ্ভত আজিও ৰহস্যজনক ভাবে নিমাত অ এন জি চি: তথ্য গোপনৰ প্ৰচেষ্টাৰে নিদিয়ে আৰ টি আইৰ উত্তৰ
- আদালতৰ নিৰ্দেশ উপেক্ষা কৰি নাজিৰা চিকিৎসালয়ত বেদখল অব্যাহত: নীৰৱ প্ৰশাসন
- নাজিৰা নগৰৰ ঐতিহ্যমণ্ডিত চৰকাৰী সহাৰ্যপ্ৰাপ্ত চিকিৎসালয়খন চৰকাৰে বন্ধ কৰিব খোজাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া: মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী স্থানীয় ৰাইজৰ
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ

