নিউজ ডেক্স,২৭ ফেব্ৰুৱাৰী, ২০২৩: নাজিৰা মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যালয়ৰ সহযোগত নাজিৰা মহকুমা অন্তৰ্গত গেলেকী অঞ্চলক প্ৰদূষণ মুক্ত কৰাৰ উদ্দেশ্যে আজি গেলেকী হাইস্কুল খেলপথাৰত প্ৰজেক্ট – SHARP ( STUDENTS HOLISTIC APPROACH TO REDUCE POLLUTION) শীৰ্ষক যুগান্তকাৰী পদক্ষেপৰ শুভ উদ্বোধন কৰা হয়। এই অনুষ্ঠানৰ শুভ উদ্ধোধন কৰি নাজিৰা মহকুমাৰ মহকুমাধিপতি আয়ুষী জৈনে কয় যে, ছাত্ৰ ছাত্ৰী সকলৰ মাজত সজাগতা তথা পৰিৱেশ পৰিস্কাৰ, প্ৰদূষণ মুক্ত কৰি ৰখাৰ মানসিকতা গঢ়ি তোলাৰ উদ্দেশ্যৰে প্ৰজেক্ট – SHARP হাতত লোৱা হৈছে।” ক্লীনাৰ, গ্ৰীনাৰ আৰু হেলথী গেলেকী – মূল মন্ত্ৰ হিচাপে লৈ আৰম্ভ হ’বলগীয়া এই অভিযান পৰৱৰ্তী সময়ত নাজিৰা মহকুমাৰ অন্তৰ্গত বিভিন্ন স্থানত হাতত লোৱা হব। তদুপৰি নিৰ্বাচিত বিদ্যালয় সমূহে পুষ্টিকৰ বাগিচা, গছ ৰোপণ আদি কাৰ্যসূচী হাতত লব লাগিব। তেখেতে উল্লেখ কৰে যে ছাত্ৰ ছাত্ৰী সকলৰ বাবে সময়ে সময়ে শিশু – সভাৰ আয়োজন কৰা হ’ব। মহকুমাধিপতি আয়ুষী জৈনৰ পৰিকল্পনা অনুসৰি ৰূপায়ন হ’বলগীয়া এই অভিযানৰ অধীনত গেলেকীস্থিত ১৩খন চৰকাৰী আৰু ৫ খন ব্যক্তিগত বিদ্যালয় নিৰ্বাচন কৰা হৈছে। সংশ্লিষ্ট বিদ্যালয় সমূহৰ পৰা প্ৰত্যেক শ্ৰেণীৰ একোজন ছাত্ৰ তথা ছাত্ৰীক cleanliness ambassador লগতে প্ৰত্যেক বিদ্যালয়ৰ পৰা একোজন শিক্ষকক cleanliness officer হিচাপে নিৰ্বাচন কৰা হৈছে। নিৰ্বাচিত ছাত্ৰ ছাত্ৰী সকলে নিজৰ ঘৰৰ লগতে ওচৰৰ পাঁচটাকৈ পৰিয়ালৰ ঘৰৰ পৰা প্লাষ্টিক আৱৰ্জনা সমূহ সংগ্ৰহ কৰি নিজ নিজ বিদ্যালয়ৰ cleanliness officerক প্ৰদান কৰিব। আৱৰ্জনা সমূহ বিদ্যালয় সমূহৰ পৰা সংশ্লিষ্ট বিভাগ তথা প্ৰশাসনৰ সহযোগত নিৰ্দিষ্ট স্থানত নিষ্কাষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হব।
উল্লেখ্য যে, নিৰ্বাচিত ১৮ খন বিদ্যালয়ৰ মাজৰ পৰা পৰিৱেশ প্ৰদূষণ মুক্ত কৰাত অধিক যোগদান আগবঢ়োৱা ছাত্ৰ – ছাত্ৰীক স্বাধীনতা দিৱসৰ মূল কাৰ্যসূচীত পুৰস্কৃত কৰা হব। এই অনুষ্ঠানত নাজিৰা খণ্ড উন্নয়ন বিষয়া তন্ময় চেটিয়া, খণ্ড প্ৰাথমিক শিক্ষা বিষয়া দেৱজ্যোতি গগৈ, ন-পাম বাৰুৱতি পঞ্চায়তৰ সভানেত্ৰী, বন বন্ধু তথা নাজিৰা নিৰ্বাচনী জিলাৰ অম্বেছাদৰ নীৰণ গগৈ, খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যালয়ৰ কৰ্মচাৰী সকল, মহকুমা প্ৰশাসনৰ কৰ্মচাৰী সকল, বিভিন্ন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকল, গেলেকী ব্যৱসায় সন্থাৰ প্ৰতিনিধি সকলৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে ।





