নিউজ ডেক্স, ৩০ এপ্ৰিল,২০২৩ :
অসম চাহ জনগোষ্ঠী সাহিত্য সভা শিৱসাগৰ জিলাৰ নৱ নিৰ্বাচিত সমিতিৰ শপত গ্ৰহণ অনুষ্ঠানৰ সমান্তৰালকৈ চাহ জনগোষ্ঠী সমাজৰ কেইবাগৰাকী গণ্য-মান্য ব্যক্তিৰ সম্বদ্ধনা অনুষ্ঠান আজি নাজিৰাৰ চণ্টক চাহ বাগিচাত অনুষ্ঠিত হয় । পুৱাৰ ভাগতে বৃক্ষ ৰোপন, পাতাকা উত্তোলন, সাংস্কৃতিক শুভাযাত্ৰা আদিকে ধৰি কেইবাটাও বৰ্ণাধ্য কাৰ্য্যসূচী ৰূপায়ন কৰা হয়। বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাত প্ৰায় তিনিসহস্ৰাধিক লোকৰ সমাৱেশৰ পাছত অনুষ্ঠিত ৰাজহুৱা সভাত চাহ জন-গোষ্ঠী সকলক শৈক্ষিক, সামাজিক আদিৰ দিশত আগবঢ়াই নিয়াৰ লগতে অন্ধ বিশ্বাস, কুসংস্কাৰ মুক্ত সমাজ এখন গঢ়াৰ সম্পৰ্কত আলোচনা কৰাৰ উপৰিও চাহ জনগোষ্ঠীয় সমাজক বিভিন্ন দিশত সজাগ- সচেতন আৰু সবল কৰাৰ সন্দৰ্ভত আলোচনা কৰা হয়। আলোচনা চক্ৰত কেন্দ্ৰীয় সমিতিৰ সাধাৰন সম্পাদক অৰুণ কাৱৰ, শিৱসাগৰ জিলাৰ সত্ৰ মহা সভাৱ নৱনিৰ্বাচিত সভাপতি পহ্লাদ গোৱালা, সম্পাদক বলোৰাম কুৰ্মী, চাহ জনগোষ্ঠী মৰ্চাৰ চেয়াৰমেন শিৱ ভদ্ৰা, গড়গাও মহাবিদ্যালয়ৰ অধ্যাপক অনিল তাঁতী কে আদি কৰি বহুজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে।
Breaking News
- অসমৰ চেইল গেছ সন্দৰ্ভত আজিও ৰহস্যজনক ভাবে নিমাত অ এন জি চি: তথ্য গোপনৰ প্ৰচেষ্টাৰে নিদিয়ে আৰ টি আইৰ উত্তৰ
- আদালতৰ নিৰ্দেশ উপেক্ষা কৰি নাজিৰা চিকিৎসালয়ত বেদখল অব্যাহত: নীৰৱ প্ৰশাসন
- নাজিৰা নগৰৰ ঐতিহ্যমণ্ডিত চৰকাৰী সহাৰ্যপ্ৰাপ্ত চিকিৎসালয়খন চৰকাৰে বন্ধ কৰিব খোজাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া: মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী স্থানীয় ৰাইজৰ
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ

