নিউজডেক্স,৬ জানুৱাৰী,২০২৪ : ছশ বছৰীয়া আহোম ৰাজত্ব কালৰ সোণালী স্বাক্ষৰ বহন কৰা নাজিৰাৰ ঐতিহাসিক গড়গাঁও কাৰেঙঘৰৰ বাকৰিত তাই ধৰ্মীয় ৰীতি – নীতিৰে আজি অনুষ্ঠিত হয় জাতিংফা পূজা। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সমবেত হোৱা টাই পণ্ডিত তথা মলুঙ সকলে পুলিন পোথাও সকলক শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ লগতে জাতিংফা পূজা অৰ্চনাত টাই আহোমৰ ঐতিহ্য, পৰম্পৰাক আধ্যাত্মিক চেতনাৰে ঐতিহাসিক গড়গাঁও ৰাজকাৰেঙঘৰ বাকৰি বিৰাজমান হৈ পৰে।ইয়াৰ পিছতে আজি টাই আহোম উন্নয়ন পৰিষদৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী বিশেষ এককালীন সাহাৰ্য্য ৰূপে ২০০ জন মলুঙক ৩০ হাজাৰকৈ টকাৰ চেক প্ৰদান কৰা হয়। তাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ুৰ বৰগোঁহায়ে আঁত-ধৰা এই সাহাৰ্য্য প্ৰদান অনুষ্ঠানত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, কামাখ্যা প্ৰসাদ তাছা, সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ, শিৱসাগৰ জিলাৰ আয়ুক্ত আদিত্য বিক্ৰম যাদৱ , তাই আহোম উন্নয়ন পৰিষদৰ উপাধ্যক্ষদ্বয় ডঃযোগেন্দ্ৰ নাথ বৰগোঁহাই, ৰুহিনী মহনৰ লগতে বহুকেইজন গন্য- মান্য ব্যক্তি উপস্থিত থাকে।
Breaking News
- অসমৰ চেইল গেছ সন্দৰ্ভত আজিও ৰহস্যজনক ভাবে নিমাত অ এন জি চি: তথ্য গোপনৰ প্ৰচেষ্টাৰে নিদিয়ে আৰ টি আইৰ উত্তৰ
- আদালতৰ নিৰ্দেশ উপেক্ষা কৰি নাজিৰা চিকিৎসালয়ত বেদখল অব্যাহত: নীৰৱ প্ৰশাসন
- নাজিৰা নগৰৰ ঐতিহ্যমণ্ডিত চৰকাৰী সহাৰ্যপ্ৰাপ্ত চিকিৎসালয়খন চৰকাৰে বন্ধ কৰিব খোজাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া: মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী স্থানীয় ৰাইজৰ
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ

