

নিউজডেক্স,১২ জানুৱাৰী,২০২৪ :নাজিৰাৰ মেজেঙ্গাস্থিত ইংৰাজী মাধ্যমৰ আগশাৰীৰ শিক্ষানুষ্ঠান চেইন্ট পিটাৰ্চ বিদ্যালয়ত আজি ছাত্ৰ – ছাত্ৰী সকলৰ দ্বাৰা চিত্ৰকলা , হস্তকলা আৰু বিজ্ঞানৰ প্ৰদৰ্শনী আয়োজন কৰা হয়। দ্বিতীয় বাৰৰ বাবে আয়োজিত এই প্ৰদৰ্শনীত ছাত্ৰ – ছাত্ৰী সকলৰ হাতৰ পৰশত উদ্ভাৱিত হোৱা বিজ্ঞান প্ৰদৰ্শনীত প্ৰায় ২০০ জন ছাত্ৰ-ছাত্ৰী,চিত্ৰকলাত প্ৰায় ১৫০ জন ছাত্ৰ-ছাত্ৰী আৰু হস্তকলাত প্ৰায় ১৫০ জন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । এই প্ৰদৰ্শনীত অংশগ্ৰহণ কৰি বিজয়ী হোৱা ছাত্ৰ – ছাত্ৰীসকলৰ উৎসাহিত কৰাৰ উদ্দেশ্যে প্ৰদান কৰা হ’ব পুৰস্কাৰ।এনেধৰণৰ কাৰ্যসূচীৰ জৰিয়তে ছাত্ৰ – ছাত্ৰী সকলৰ প্ৰতিভা বিকাশৰ লগতে মানসিক আৰু বৌদ্ধিক উৎকৰ্ষ সাধনত সহায়ক হ’ব বুলি আশা ব্যক্ত কৰিছে বিদ্যালয়ৰ শিক্ষক – শিক্ষয়িত্ৰী আৰু অভিভাৱক সকলে ।
Breaking News
- অসমৰ চেইল গেছ সন্দৰ্ভত আজিও ৰহস্যজনক ভাবে নিমাত অ এন জি চি: তথ্য গোপনৰ প্ৰচেষ্টাৰে নিদিয়ে আৰ টি আইৰ উত্তৰ
- আদালতৰ নিৰ্দেশ উপেক্ষা কৰি নাজিৰা চিকিৎসালয়ত বেদখল অব্যাহত: নীৰৱ প্ৰশাসন
- নাজিৰা নগৰৰ ঐতিহ্যমণ্ডিত চৰকাৰী সহাৰ্যপ্ৰাপ্ত চিকিৎসালয়খন চৰকাৰে বন্ধ কৰিব খোজাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া: মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী স্থানীয় ৰাইজৰ
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ

