নিউজডেক্স, ৫ ফ্ৰেব্ৰুৱাৰী,২০২৪:
ইছলাম ধৰ্মৰ পাঁচটা মূল স্তম্ভৰ অন্যতম এটা হৈছে হজ৷ বিশ্বৰ প্ৰতেকজন সমৰ্থবান ইছলাম ধৰ্মী লোকেই জীৱনত এবাৰ হজলৈ যোৱাটো অৱশ্যে কৰণীয় আৰু প্ৰতিজন মুছলমান লোকেই হজলৈ যোৱাৰ আশা কৰাৰ লগতে ধৰ্ম পৰায়ণ সাধাৰণ মুছলমান লোকৰ বাবে ই এক সপোন৷ অগণন নীতিনিষ্ঠ মুছলমানে নিজৰ বৈধ উপাৰ্জনৰ পৰা দীৰ্ঘদিন ধৰি “হজ”লৈ বুলি আচুতীয়াকৈ জমা ৰখা সাচতীয়া ধনেৰে পবিত্ৰ হজ সমাপনৰ আকাঙ্খা অব্যাহত ৰাখি সম্পূৰ্ণৰূপে চৰকাৰী নীতিনিয়ম মানি আজিও বছৰি বছৰি হজ সম্পাদন কৰি আহিছে ৷এই হজযাত্ৰী সকলে আমাৰ ভাৰত চৰকাৰৰ হজ নিৰ্দেশনা আৰু মুছলিম শ্বৰীয়ত আইন অনুসৰি হজলৈ যায়৷ কিন্তু হজ সম্পাদনৰ এই পবিত্ৰ আধ্যাত্মিক ক্ষেত্ৰতো বহু সহজ সৰল সাধাৰণ ৰাইজক একাংশ দালাল ৰূপী ব্যক্তিয়ে বিপথে পৰিচালনা কৰাৰ অভিযোগ উণ্থাপিত হৈছে৷ এই সনদৰ্ভত শিৱসাগৰ জিলা হজ সমিতিৰ এজন প্ৰাক্তন সদস্যই ভাৰতৰ কেন্দ্ৰীয় হজ সমিতিৰ মুখ্য কাৰ্যবাহী বিষয়ালৈ হজ সমিতিৰ ফাইল নং ASF DIST-SIBSAGAR (ASSAM) ২০২৪ আবেদনৰ বিসংগতি সনদৰ্ভত অভিযোগ প্ৰেৰণ কৰি কয় যে ASF-175-5-0 নং কভাৰ ফাইলৰ কভাৰ হেড ৰিপিটাৰ(পুনৰ হজলৈ যাবৰ বাবে আবেদন কাৰী) গৰাকীয়ে ২০২৩ বৰ্ষত হজ সম্পাদন কৰাৰ লগতে তেওঁৰ মহিলা সহযোগী (লেডী কম্পেনিয়নে)গৰাকীও ৰিপিটাৰ অৰ্থাৎ পুনৰ হজলৈ বুলি ওলাইছে আৰু এই মহিলা গৰাকীয়ে পাছপ’ৰ্ট নং-J8662060 যোগে ২০১২ চনত হজলৈ গৈছিল আৰু একেগৰাকী মানুহেই পুনৰ নতুন পাছপ’ৰ্ট নং U3023318 ৰ দ্বাৰা পুনৰ হজৰ বাবে আবেদন কৰিছে ৷ এনে কৰ্মৰ দ্বাৰা হজৰ নীতি নিয়ম তথা গাইডলাইন আৰু ইছলামিক শ্বৰীয়ত আইন ভংগ কৰা হৈছে৷ তদুপৰি এই ফাইলৰ কভাৰহেড পুৰুষ জনৰ লগত চৰিয়ত আইন মতে উক্ত আবেদনকাৰী মহিলাগৰাকী যাব নোৱাৰে কাৰণ তেওঁলোক প্ৰকৃতাৰ্থত নিকট সম্পৰকীয় নহয় আৰু ই আইনবিৰুদ্ধী তথা চৰকাৰৰ হজ গাইড লাইনৰ ৪নং দফাৰ অনুচ্ছেদ ‘গ’ ৰ পৰিপন্থী৷ ইয়াৰোপৰি ASF-1212-1-0 নং কভাৰ ফাইলৰ একক কভাৰত হজৰ বাবে আবেদনকাৰী তীৰ্থযাত্ৰী গৰাকীও পুনৰাবৃত্তিকাৰী,তেওঁ পাছপ’ৰ্ট নং- M4274414,ফাইল নং-GU1068291209614 দ্বাৰা ইতিপূৰ্বেই হজ সম্পাদন কৰি এতিয়া পুনৰ নতুন পাছপ’ৰ্টৰ যোগে অবৈধভাৱে ২০২৪ বৰ্ষত হজৰ বাবে আবেদন কৰি ভুল তথ্যৰ দ্বাৰা দেশৰ আইন আৰু হজ গাইডলাইন ভংগ কৰিছে৷আনহাতেASF-171-3-0 নং কভাৰ ফাইলৰ কভাৰ হেড গৰাকীও ২০২৪ বৰ্ষৰ হজৰ বাবে পুনৰাবৃত্তিকাৰী, আৰু তেওঁৰ সহযাত্ৰী দুয়োগৰাকী মহিলা সংগীৰ কভাৰ হেড তথা পুৰুষ সহযাত্ৰী জনৰ নিকটাত্মীয় নহয় আৰু শ্বৰীয়ত আইন অনুসৰি এনে হজ যাত্ৰা অবৈধ ৷ তদুপৰি এই পুৰুষ সহযাত্ৰীজনে বিগত ২০১৬ চনত হজ সমাপন কৰিছিল৷ সেয়েহে এই ফাইলৰ নথিয়ে হজৰ আইন ২০২৪ৰ গাইডলাইন আৰু লগতে ইছলামিক শ্বৰীয়ত আইন ভংগ কৰিছে বুলি অভিযোগ পত্ৰত উল্লেখ কৰা হৈছে৷ উল্লেখ্য যে ৰাজ্য চৰকাৰৰ নিৰ্দেশ মৰ্মে জিলা আয়ুক্তক সভাপতি আৰু এজন সহকাৰী আয়ুক্তক (এ ডি চি) ক সদস্য সচিব ৰূপে লৈ জিলা হজ সমিতি গঠন কৰা হয় ৷ জিলা হজ সমিতি গঠন কৰোতে জিলাখনৰ চাৰিওপিনৰ পৰাই সদস্য মনোনীত কৰাৰ প্ৰয়োজন যদিও শিৱসাগৰ জিলা হজ সমিতিত জিলাখনৰ গৰিষ্ঠসংখ্যক অঞ্চলৰ প্ৰতিনিধি নোহোৱাৰ হেতু বঞ্চিত অঞ্চলৰ ৰাইজ ক্ষোভিত হোৱাৰ লগতে জিলা হজ সমিতিত দুজনমান চৰকাৰী চাকৰিয়ালৰ অন্তৰ্ভুক্তিক লৈও প্ৰশ্ন উণ্থাপিত হৈছে ৷ জিলা হজ সমিতিৰ খামখেয়ালী আৰু সময়োচিত তদাৰকী তথা পুংখানুপুংখ অনুসন্ধানৰ অভাবৰ বাবেই হজৰ নীতিনিয়মৰ আও ভাও বুজি নোপোৱা সাধাৰণ ৰাইজ বিভ্ৰান্তিত পৰাৰ ফলশ্ৰুতিতেই হয়তো পবিত্ৰ হজ সম্পাদনৰ প্ৰবল আশাৰে দুই এক লোকে নীতিবিৰুদ্ধ ভাবে আগবঢ়া পৰিলক্ষিত হৈছে আৰু ই কেৱল পৰিতাপৰ কথাই নহয় সমগ্ৰ মুছলমান ৰাইজৰ বাবেই চৰম দুৰ্ভাগ্যজনক কথা৷ জিলা হজ সমিতিয়ে হজযাত্ৰী সকলক ২০২৪ৰ চৰকাৰী হজ নিৰ্দেশনা আৰু শ্বৰীয়ত আইন সন্দৰ্ভত ভালদৰে অৱগত নকৰাৰ ফলতেই হয়তো এনে ঘটনা ঘটিব ধৰিছে৷ সেয়েহে এই সন্দৰ্ভত সংশ্লিষ্ট সকলো লোক আৰু অধিক সতৰ্ক আৰু সচেতন হোৱাৰ লগতে এনে বিষয়ত জনসচেতনতা বৃদ্ধিৰ প্ৰয়াস কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে ৷