Close Menu
News HuntneNews Huntne

    Subscribe to Updates

    Get the latest creative news from FooBar about art, design and business.

    What's Hot

    অসমৰ চেইল গেছ সন্দৰ্ভত আজিও ৰহস্যজনক ভাবে নিমাত অ এন জি চি: তথ্য গোপনৰ প্ৰচেষ্টাৰে নিদিয়ে আৰ টি আইৰ উত্তৰ

    July 12, 2026

    আদালতৰ নিৰ্দেশ উপেক্ষা কৰি নাজিৰা চিকিৎসালয়ত বেদখল অব্যাহত: নীৰৱ প্ৰশাসন

    July 6, 2026

    নাজিৰা নগৰৰ ঐতিহ্যমণ্ডিত চৰকাৰী সহাৰ্যপ্ৰাপ্ত চিকিৎসালয়খন চৰকাৰে বন্ধ কৰিব খোজাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া: মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী স্থানীয় ৰাইজৰ

    July 4, 2026
    Facebook X (Twitter) Instagram
    Breaking News
    • অসমৰ চেইল গেছ সন্দৰ্ভত আজিও ৰহস্যজনক ভাবে নিমাত অ এন জি চি: তথ্য গোপনৰ প্ৰচেষ্টাৰে নিদিয়ে আৰ টি আইৰ উত্তৰ
    • আদালতৰ নিৰ্দেশ উপেক্ষা কৰি নাজিৰা চিকিৎসালয়ত বেদখল অব্যাহত: নীৰৱ প্ৰশাসন
    • নাজিৰা নগৰৰ ঐতিহ্যমণ্ডিত চৰকাৰী সহাৰ্যপ্ৰাপ্ত চিকিৎসালয়খন চৰকাৰে বন্ধ কৰিব খোজাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া: মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী স্থানীয় ৰাইজৰ
    • ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
    • নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
    • নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
    • असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
    • অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
    Facebook YouTube WhatsApp
    News HuntneNews Huntne
    • Home
    • State
      • Assam
      • Arunachal Pradesh
      • Nagaland
      • Manipur
      • Mizoram
      • Tripura
      • Meghalaya
      • Sikkim
    • National
    • Entertainment
    • Sports
    • Lifestyle
    • Environment
    • Education
    • More
      • Health
      • Videos
      • Photo
    News HuntneNews Huntne
    Home » শিৱসাগৰ জিলা হজ কমিটীয়ে ভুল তথ্যৰে চৰকাৰী গাইডলাইন ২০২৪ আৰু শ্বৰীয়ত আইন ভংগৰ অভিযোগ
    National

    শিৱসাগৰ জিলা হজ কমিটীয়ে ভুল তথ্যৰে চৰকাৰী গাইডলাইন ২০২৪ আৰু শ্বৰীয়ত আইন ভংগৰ অভিযোগ

    newshuntneBy newshuntneFebruary 5, 2024No Comments
    Facebook Twitter Pinterest LinkedIn WhatsApp Reddit Tumblr Email
    Share
    Facebook Twitter LinkedIn Pinterest Email
    নিউজডেক্স, ৫ ফ্ৰেব্ৰুৱাৰী,২০২৪: ইছলাম ধৰ্মৰ পাঁচটা মূল স্তম্ভৰ অন্যতম এটা হৈছে হজ৷ বিশ্বৰ প্ৰতেকজন সমৰ্থবান ইছলাম ধৰ্মী লোকেই জীৱনত এবাৰ হজলৈ যোৱাটো অৱশ্যে কৰণীয় আৰু প্ৰতিজন মুছলমান লোকেই  হজলৈ যোৱাৰ আশা কৰাৰ  লগতে ধৰ্ম পৰায়ণ সাধাৰণ মুছলমান লোকৰ বাবে ই এক সপোন৷ অগণন নীতিনিষ্ঠ মুছলমানে  নিজৰ বৈধ উপাৰ্জনৰ পৰা দীৰ্ঘদিন ধৰি “হজ”লৈ বুলি আচুতীয়াকৈ জমা ৰখা সাচতীয়া ধনেৰে পবিত্ৰ হজ সমাপনৰ আকাঙ্খা অব্যাহত ৰাখি সম্পূৰ্ণৰূপে চৰকাৰী নীতিনিয়ম মানি আজিও বছৰি বছৰি হজ সম্পাদন কৰি আহিছে ৷এই হজযাত্ৰী সকলে আমাৰ ভাৰত চৰকাৰৰ হজ নিৰ্দেশনা আৰু মুছলিম শ্বৰীয়ত আইন অনুসৰি  হজলৈ যায়৷ কিন্তু হজ সম্পাদনৰ এই পবিত্ৰ আধ্যাত্মিক ক্ষেত্ৰতো বহু সহজ সৰল  সাধাৰণ ৰাইজক  একাংশ দালাল ৰূপী ব্যক্তিয়ে বিপথে পৰিচালনা কৰাৰ অভিযোগ উণ্থাপিত হৈছে৷ এই সনদৰ্ভত শিৱসাগৰ জিলা হজ সমিতিৰ এজন প্ৰাক্তন সদস্যই ভাৰতৰ কেন্দ্ৰীয় হজ সমিতিৰ মুখ্য কাৰ্যবাহী বিষয়ালৈ হজ সমিতিৰ ফাইল নং ASF DIST-SIBSAGAR (ASSAM) ২০২৪ আবেদনৰ বিসংগতি সনদৰ্ভত অভিযোগ প্ৰেৰণ কৰি কয় যে ASF-175-5-0 নং কভাৰ ফাইলৰ কভাৰ হেড ৰিপিটাৰ(পুনৰ হজলৈ যাবৰ বাবে আবেদন কাৰী) গৰাকীয়ে ২০২৩ বৰ্ষত হজ সম্পাদন কৰাৰ লগতে  তেওঁৰ মহিলা সহযোগী  (লেডী কম্পেনিয়নে)গৰাকীও ৰিপিটাৰ অৰ্থাৎ  পুনৰ হজলৈ বুলি ওলাইছে আৰু এই মহিলা গৰাকীয়ে পাছপ’ৰ্ট নং-J8662060 যোগে ২০১২ চনত হজলৈ গৈছিল আৰু একেগৰাকী মানুহেই পুনৰ নতুন পাছপ’ৰ্ট নং U3023318 ৰ দ্বাৰা পুনৰ হজৰ বাবে  আবেদন কৰিছে ৷ এনে কৰ্মৰ দ্বাৰা হজৰ নীতি নিয়ম তথা গাইডলাইন আৰু ইছলামিক শ্বৰীয়ত আইন ভংগ কৰা হৈছে৷ তদুপৰি এই ফাইলৰ কভাৰহেড পুৰুষ জনৰ লগত চৰিয়ত আইন মতে উক্ত আবেদনকাৰী মহিলাগৰাকী যাব নোৱাৰে কাৰণ তেওঁলোক প্ৰকৃতাৰ্থত নিকট সম্পৰকীয় নহয় আৰু ই আইনবিৰুদ্ধী তথা চৰকাৰৰ হজ গাইড লাইনৰ ৪নং দফাৰ   অনুচ্ছেদ ‘গ’ ৰ  পৰিপন্থী৷ ইয়াৰোপৰি ASF-1212-1-0 নং কভাৰ  ফাইলৰ  একক কভাৰত হজৰ বাবে আবেদনকাৰী তীৰ্থযাত্ৰী গৰাকীও  পুনৰাবৃত্তিকাৰী,তেওঁ পাছপ’ৰ্ট নং- M4274414,ফাইল নং-GU1068291209614 দ্বাৰা ইতিপূৰ্বেই হজ সম্পাদন কৰি এতিয়া  পুনৰ নতুন পাছপ’ৰ্টৰ যোগে  অবৈধভাৱে ২০২৪ বৰ্ষত হজৰ বাবে  আবেদন  কৰি  ভুল তথ্যৰ দ্বাৰা  দেশৰ আইন আৰু হজ গাইডলাইন ভংগ কৰিছে৷আনহাতেASF-171-3-0 নং কভাৰ ফাইলৰ  কভাৰ হেড  গৰাকীও   ২০২৪ বৰ্ষৰ হজৰ বাবে পুনৰাবৃত্তিকাৰী, আৰু তেওঁৰ সহযাত্ৰী দুয়োগৰাকী মহিলা সংগীৰ কভাৰ হেড তথা পুৰুষ সহযাত্ৰী জনৰ নিকটাত্মীয় নহয় আৰু  শ্বৰীয়ত আইন অনুসৰি এনে হজ যাত্ৰা অবৈধ ৷ তদুপৰি এই পুৰুষ সহযাত্ৰীজনে বিগত ২০১৬ চনত হজ সমাপন কৰিছিল৷ সেয়েহে এই ফাইলৰ নথিয়ে  হজৰ আইন ২০২৪ৰ গাইডলাইন  আৰু লগতে ইছলামিক শ্বৰীয়ত আইন ভংগ কৰিছে বুলি অভিযোগ পত্ৰত উল্লেখ কৰা হৈছে৷ উল্লেখ্য যে ৰাজ্য চৰকাৰৰ নিৰ্দেশ মৰ্মে জিলা আয়ুক্তক সভাপতি আৰু এজন সহকাৰী আয়ুক্তক (এ ডি চি) ক সদস্য সচিব ৰূপে লৈ জিলা হজ সমিতি গঠন কৰা হয় ৷ জিলা হজ সমিতি গঠন কৰোতে জিলাখনৰ চাৰিওপিনৰ পৰাই সদস্য মনোনীত কৰাৰ প্ৰয়োজন যদিও শিৱসাগৰ জিলা হজ সমিতিত জিলাখনৰ গৰিষ্ঠসংখ্যক অঞ্চলৰ প্ৰতিনিধি নোহোৱাৰ হেতু বঞ্চিত অঞ্চলৰ  ৰাইজ ক্ষোভিত হোৱাৰ লগতে জিলা হজ সমিতিত দুজনমান চৰকাৰী চাকৰিয়ালৰ অন্তৰ্ভুক্তিক  লৈও প্ৰশ্ন উণ্থাপিত হৈছে ৷ জিলা হজ সমিতিৰ খামখেয়ালী আৰু সময়োচিত তদাৰকী তথা পুংখানুপুংখ অনুসন্ধানৰ অভাবৰ বাবেই হজৰ নীতিনিয়মৰ আও ভাও বুজি নোপোৱা সাধাৰণ ৰাইজ বিভ্ৰান্তিত  পৰাৰ ফলশ্ৰুতিতেই  হয়তো পবিত্ৰ হজ সম্পাদনৰ প্ৰবল আশাৰে  দুই এক লোকে নীতিবিৰুদ্ধ ভাবে  আগবঢ়া পৰিলক্ষিত হৈছে আৰু ই কেৱল পৰিতাপৰ কথাই নহয় সমগ্ৰ মুছলমান ৰাইজৰ বাবেই চৰম দুৰ্ভাগ্যজনক কথা৷  জিলা হজ সমিতিয়ে হজযাত্ৰী সকলক ২০২৪ৰ চৰকাৰী হজ নিৰ্দেশনা আৰু শ্বৰীয়ত আইন সন্দৰ্ভত ভালদৰে অৱগত নকৰাৰ ফলতেই হয়তো এনে ঘটনা ঘটিব ধৰিছে৷  সেয়েহে এই সন্দৰ্ভত সংশ্লিষ্ট সকলো লোক আৰু অধিক সতৰ্ক আৰু সচেতন হোৱাৰ লগতে এনে বিষয়ত জনসচেতনতা বৃদ্ধিৰ প্ৰয়াস কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে ৷
    Share. Facebook Twitter Pinterest LinkedIn Tumblr Telegram Email
    newshuntne
    • Facebook
    • X (Twitter)
    • Instagram

    newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.

    Related Posts

    অসমৰ চেইল গেছ সন্দৰ্ভত আজিও ৰহস্যজনক ভাবে নিমাত অ এন জি চি: তথ্য গোপনৰ প্ৰচেষ্টাৰে নিদিয়ে আৰ টি আইৰ উত্তৰ

    July 12, 2026

    असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना

    March 15, 2026

    অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ

    March 15, 2026
    Leave A Reply Cancel Reply

    Top Posts

    অসমৰ চেইল গেছ সন্দৰ্ভত আজিও ৰহস্যজনক ভাবে নিমাত অ এন জি চি: তথ্য গোপনৰ প্ৰচেষ্টাৰে নিদিয়ে আৰ টি আইৰ উত্তৰ

    July 12, 2026

    আদালতৰ নিৰ্দেশ উপেক্ষা কৰি নাজিৰা চিকিৎসালয়ত বেদখল অব্যাহত: নীৰৱ প্ৰশাসন

    July 6, 2026

    নাজিৰা নগৰৰ ঐতিহ্যমণ্ডিত চৰকাৰী সহাৰ্যপ্ৰাপ্ত চিকিৎসালয়খন চৰকাৰে বন্ধ কৰিব খোজাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া: মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী স্থানীয় ৰাইজৰ

    July 4, 2026
    Don't Miss

    অসমৰ চেইল গেছ সন্দৰ্ভত আজিও ৰহস্যজনক ভাবে নিমাত অ এন জি চি: তথ্য গোপনৰ প্ৰচেষ্টাৰে নিদিয়ে আৰ টি আইৰ উত্তৰ

    By newshuntneJuly 12, 2026

    নিউজডেক্স,১২জুলাই,২০২৬: :  আধুনিক বিশ্বৰ অপৰম্পৰাগত  প্ৰাকৃতিক তেল আৰু গেছৰ এক প্ৰাচুৰ্য্যময় উৎস ৰূপে চিহ্নিত হোৱা…

    আদালতৰ নিৰ্দেশ উপেক্ষা কৰি নাজিৰা চিকিৎসালয়ত বেদখল অব্যাহত: নীৰৱ প্ৰশাসন

    July 6, 2026
    Stay In Touch
    • Facebook
    • YouTube
    • WhatsApp
    About Us
    About Us

    News Huntne is the best news website. It provides news from many areas.

    Facebook YouTube WhatsApp
    Our Picks

    অসমৰ চেইল গেছ সন্দৰ্ভত আজিও ৰহস্যজনক ভাবে নিমাত অ এন জি চি: তথ্য গোপনৰ প্ৰচেষ্টাৰে নিদিয়ে আৰ টি আইৰ উত্তৰ

    July 12, 2026

    আদালতৰ নিৰ্দেশ উপেক্ষা কৰি নাজিৰা চিকিৎসালয়ত বেদখল অব্যাহত: নীৰৱ প্ৰশাসন

    July 6, 2026

    নাজিৰা নগৰৰ ঐতিহ্যমণ্ডিত চৰকাৰী সহাৰ্যপ্ৰাপ্ত চিকিৎসালয়খন চৰকাৰে বন্ধ কৰিব খোজাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া: মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী স্থানীয় ৰাইজৰ

    July 4, 2026
    Most Popular

    New pictures of Vicky Kaushal and Katrina Kaif with friends from their vacay will make you miss your BFFs

    July 20, 2022

    Gangster killed, 3 cops injured in encounter between police and criminals suspected in Sidhu Moose Wala’s killing | Amritsar News – Times of India

    July 20, 2022

    Coronavirus: Nasal vaccines may hold the promise to stop COVID infections. How soon will we get them? | The Times of India

    July 20, 2022
    © 2026 Newshuntne.com. Designed by Newsreach.in.
    • Contact Us
    • About Us
    • Disclaimer
    • Terms and Condition
    • Privacy Policy

    Type above and press Enter to search. Press Esc to cancel.