নিউজডেক্স,২০ ফেব্ৰুৱাৰী,২০২৪ :ৰাজস্থানৰ পৰা ৰাজ্যসভা নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতাত নিৰ্বাচিত হৈছে ছোনিয়া গান্ধীকে ধৰি তিনিওজন প্ৰাৰ্থীয়ে। এই তিনিজন সদস্যৰ ভিতৰত কংগ্ৰেছৰ ছোনিয়া গান্ধী আৰু বিজেপিৰ মদন ৰাথোদ আৰু চুন্নীলাল গৰাচিয়াক নিৰ্বাচিত ঘোষণা কৰা হৈছে৷ৰাজ্যসভাত ৰাজস্থানৰ ১০খন আসনৰ ভিতৰত ৩খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছে। এই তিনিখন আসনৰ ভিতৰত বিজেপিয়ে দুখন আসনৰ বাবে মদন ৰাথোদ আৰু চুন্নীলাল গৰাছিয়াক প্ৰাৰ্থী ৰূপে প্ৰক্ষেপ কৰাৰ বিপৰীতে কংগ্ৰেছে দলৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীক এখন আসনৰ বাবে প্ৰক্ষেপ কৰিছিল। ২০০ জনীয়া ৰাজস্থান বিধানসভাত চতুৰ্থজন প্ৰাৰ্থী নাছিল।২০ ফেব্ৰুৱাৰী মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন আছিল। আজি মনোনয়ন প্ৰত্যাহাৰৰ নিৰ্ধাৰিত সময় পাৰ হোৱাৰ পিছত ৰিটাৰ্ণিং অফিচাৰে তিনিওজন প্ৰাৰ্থীকে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত বুলি ঘোষণা কৰে। যোৱাবাৰ কংগ্ৰেছে ৰাজস্থানৰ পৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক ৰাজ্যসভালৈ প্ৰেৰণ কৰিছিল । সিঙৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ পিছত এতিয়া ৰাজস্থানক দলৰ বাবে আটাইতকৈ নিৰাপদ বুলি বিবেচনা কৰি ইয়াৰ পৰা ৰাজ্যসভালৈ প্ৰেৰণ কৰা হৈছে ছোনিয়া গান্ধীক।
Breaking News
- নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ
- নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্যাপন
- প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ
- দিখৌ কন্যা এলি আহমেদৰ শাৰীৰিক অসুস্থতাত উদ্বিগ্ন নাজিৰা বাসী
- নাজিৰাত সমগ্ৰ শিক্ষা আঁচনিত ব্যাপক কেলেঙ্কাৰীৰ আশঙ্কা : সমগ্ৰ শিক্ষাৰ একো তথ্য নাই খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত
- যাত্ৰীৰ সুবিধাৰ্থে শিমলুগুৰি জংচনত অত্যাধুনিক অটমেটিক টিকট ভেণ্ডিং মেচিন ( এ টি ভি এম ) স্থাপন
- তিনিচুকীয়া ৰেল ষ্টেচন (পুৰণি)ত প্ৰস্ৰাৱাগাৰৰ দুৰাৱস্থাত যাত্ৰীৰ দুৰ্ভোগ : উদাসীন ৰেল বিভাগ
- চৰকাৰৰ অদূৰদৰ্শীতাৰ বাবেই প্ৰসহনত পৰিণত হ’ল নাজিৰাৰ বহুকোটি টকীয়া গাহৰিৰ মাংস প্ৰক্ৰিয়াকৰণ প্ৰকল্প :

