নিউজডেক্স,২০ ফেব্ৰুৱাৰী,২০২৪ :ৰাজস্থানৰ পৰা ৰাজ্যসভা নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতাত নিৰ্বাচিত হৈছে ছোনিয়া গান্ধীকে ধৰি তিনিওজন প্ৰাৰ্থীয়ে। এই তিনিজন সদস্যৰ ভিতৰত কংগ্ৰেছৰ ছোনিয়া গান্ধী আৰু বিজেপিৰ মদন ৰাথোদ আৰু চুন্নীলাল গৰাচিয়াক নিৰ্বাচিত ঘোষণা কৰা হৈছে৷ৰাজ্যসভাত ৰাজস্থানৰ ১০খন আসনৰ ভিতৰত ৩খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছে। এই তিনিখন আসনৰ ভিতৰত বিজেপিয়ে দুখন আসনৰ বাবে মদন ৰাথোদ আৰু চুন্নীলাল গৰাছিয়াক প্ৰাৰ্থী ৰূপে প্ৰক্ষেপ কৰাৰ বিপৰীতে কংগ্ৰেছে দলৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীক এখন আসনৰ বাবে প্ৰক্ষেপ কৰিছিল। ২০০ জনীয়া ৰাজস্থান বিধানসভাত চতুৰ্থজন প্ৰাৰ্থী নাছিল।২০ ফেব্ৰুৱাৰী মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন আছিল। আজি মনোনয়ন প্ৰত্যাহাৰৰ নিৰ্ধাৰিত সময় পাৰ হোৱাৰ পিছত ৰিটাৰ্ণিং অফিচাৰে তিনিওজন প্ৰাৰ্থীকে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত বুলি ঘোষণা কৰে। যোৱাবাৰ কংগ্ৰেছে ৰাজস্থানৰ পৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক ৰাজ্যসভালৈ প্ৰেৰণ কৰিছিল । সিঙৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ পিছত এতিয়া ৰাজস্থানক দলৰ বাবে আটাইতকৈ নিৰাপদ বুলি বিবেচনা কৰি ইয়াৰ পৰা ৰাজ্যসভালৈ প্ৰেৰণ কৰা হৈছে ছোনিয়া গান্ধীক।
Breaking News
- অসমৰ চেইল গেছ সন্দৰ্ভত আজিও ৰহস্যজনক ভাবে নিমাত অ এন জি চি: তথ্য গোপনৰ প্ৰচেষ্টাৰে নিদিয়ে আৰ টি আইৰ উত্তৰ
- আদালতৰ নিৰ্দেশ উপেক্ষা কৰি নাজিৰা চিকিৎসালয়ত বেদখল অব্যাহত: নীৰৱ প্ৰশাসন
- নাজিৰা নগৰৰ ঐতিহ্যমণ্ডিত চৰকাৰী সহাৰ্যপ্ৰাপ্ত চিকিৎসালয়খন চৰকাৰে বন্ধ কৰিব খোজাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া: মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী স্থানীয় ৰাইজৰ
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ

