দিলীপ হাজৰিকা, নাজিৰা, ২১ফ্ৰেব্ৰুৱাৰী,২০২৪: যোৱা ১৫ ফেব্ৰুৱাৰীৰ পৰা সদৌ অসম অংগনবাড়ী কৰ্মী – সহায়িকা সন্থাৰ আহ্বান মৰ্মে নাজিৰা প্ৰকল্প সমিতিয়েও নাজিৰা মহকুমা প্ৰশাসনৰ কাৰ্যালয়ৰ সন্মূখত ধৰ্ণা – প্ৰতিবাদেৰে অসহযোগ কাৰ্যসূচী অব্যাহত ৰাখিছে । আজি এসপ্তাহে ৰাজ্যৰ অংগনবাড়ী কৰ্মী – সহায়িকা সকলৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ পিছতো চৰকাৰী পক্ষৰ কোনো সঁহাৰি নোপোৱাত প্ৰতিবাদী কাৰ্যসূচী অধিক তীব্ৰতৰ কৰাৰ হুংকাৰ দিয়াৰ লগতে আগন্তুক সকলো নিৰ্বাচনত ভোট দান বৰ্জন কৰিব বুলি কয় প্ৰতিবাদকাৰী অংগনবাড়ী কৰ্মী – সহায়িকা সকলে । সঞ্চালকালয়ৰ প্ৰস্তাৱ মতে মাননিৰ পৰিৱৰ্তে মজুৰি বৃদ্ধি কাৰ্যকৰী কৰা , মিনি অংগনবাড়ী কেন্দ্ৰ সমূহ পূৰ্ণাংগ কৰা , সহায়িকা সকলৰ বয়সৰ মাত্ৰা উঠাই দিয়া , বয়স আৰু শিক্ষাগত অৰ্হতাৰ ভিত্তিত মুখ্য সহায়িকা পদলৈ পদ্যোন্নতি দিয়া আদিৰ দাবীত অব্যাহত ৰখা এই প্ৰতিবাদী কাৰ্যসূচীত “ বি জে পি নেৰ্তৃত্বাধীন চৰকাৰ গ’বেক , নৰেন্দ্ৰ মোডী মূৰ্দাবাদ,হিমন্ত বিশ্ব শৰ্মা হায় হায়, অংগনবাড়ী কৰ্মী – সহায়িকাৰ মাননিৰ সলনি মজুৰি বৃদ্ধি কাৰ্যকৰী কৰক” আদি ধৰ্ণাৰে পৰিবেশ উত্তাল কৰি তোলে
Breaking News
- শিৱসাগৰত ৰেইনড্ৰপছ ইনাইটিভৰ প্ৰশংসনীয় পদক্ষেপ: বান সহাৰ্য,শ্ৰমদান আদিৰ পিছত শিশু গ্ৰন্থাগাৰ স্থাপন
- অসমৰ চেইল গেছ সন্দৰ্ভত আজিও ৰহস্যজনক ভাবে নিমাত অ এন জি চি: তথ্য গোপনৰ প্ৰচেষ্টাৰে নিদিয়ে আৰ টি আইৰ উত্তৰ
- আদালতৰ নিৰ্দেশ উপেক্ষা কৰি নাজিৰা চিকিৎসালয়ত বেদখল অব্যাহত: নীৰৱ প্ৰশাসন
- নাজিৰা নগৰৰ ঐতিহ্যমণ্ডিত চৰকাৰী সহাৰ্যপ্ৰাপ্ত চিকিৎসালয়খন চৰকাৰে বন্ধ কৰিব খোজাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া: মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী স্থানীয় ৰাইজৰ
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना

