নিউজডেক্স,১৯ মাৰ্চ,২০২৪ :আজি বিয়লি উচ্চতম ন্যায়ালয়ে নাগৰিকত্ব সংশোধনী আইন , বা “কা” ৰূপায়ণ স্থগিত ৰাখিবলৈ অস্বীকাৰ কৰে । লোকসভা নিৰ্বাচনৰ কিছুদিন পূৰ্বে যোৱা সপ্তাহত অধিসূচনা কৰা আইনখনক প্ৰত্যাহ্বান জনোৱা ২৩৭খন আবেদনৰ উত্তৰ দিবলৈ আদালতে কেন্দ্ৰীয় চৰকাৰক তিনি সপ্তাহৰ অৰ্থাৎ অহা ৮ এপ্ৰিলৰ সময় দিছে ৷ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই চৰকাৰৰ হৈ কৈছিল, “মই কোনো বক্তব্য দিয়া নাই”।প্ৰথমে মেহতাই আবেদনসমূহৰ উত্তৰ দিবলৈ চাৰি সপ্তাহৰ সময় বিচাৰিছিল।আদালতত তেওঁ কয়, “আমি ২৩৭খন আবেদনৰ বাবে গুণগত ভাবে বিশদ শপতনামা দাখিল কৰিব লাগিব । ইতিমধ্যে ২০খন অন্তৱৰ্তীকালীন আবেদন দাখিল কৰা হৈছে আৰু বহুতো আবেদন আহি আছে। বাস্তৱিকতে আমাক চাৰি সপ্তাহৰ প্ৰয়োজন।” ছলিচিটৰ জেনেৰেলৰ দাবী CAA ই কাৰো নাগৰিকত্ব কাঢ়ি নিনিয়ে৷নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনোৱা আবেদনসমূহ শীৰ্ষ আদালতে নিষ্পত্তি নকৰালৈকে নিয়মসমূহৰ ওপৰত স্থগিতাদেশ বিচৰা আবেদনসমূহৰ উত্তৰ দিবলৈ কিছু সময়ৰ প্ৰয়োজন বুলি ছলিচিটৰ জেনেৰেলে কয়।ইয়াৰ প্ৰতুত্তৰত মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে কেন্দ্ৰটোক তিনি সপ্তাহৰ সময় প্ৰদান কৰি কয় যে আদালতে ৯ এপ্ৰিলত বিষয়টো গ্ৰহণ কৰিব।বিষয়টো শুনানি গ্ৰহণ কৰে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদ, ন্যায়াধীশ জে বি পাৰ্দিৱালা, আৰু ন্যায়াধীশ মনোজ মিশ্ৰই। “কা” আৰু নাগৰিকত্ব সংশোধনী বিধি ২০২৪ ৰূপায়ণৰ ওপৰত স্থগিতাদেশৰ দাবী উত্থাপন কৰা আবেদনসমূহত এই আইনক প্ৰত্যাহ্বান জনাই আবেদনকাৰীসকলে দাবী কৰিছে যে “কা”ই ধৰ্মৰ ভিত্তিত মুছলমানসকলৰ বিৰুদ্ধে বৈষম্যমূলক ব্যৱহাৰ কৰে। ইয়াৰ উপৰিও কোৱা হৈছে যে এনে ধৰ্মীয় পৃথকীকৰণ কোনো যুক্তিসংগত নহয় আৰু ই সংবিধানৰ ১৪ নং অনুচ্ছেদৰ অধীনত গুণগত মানৰ অধিকাৰ উলংঘা কৰে। তদুপৰি এই আইনে ঐতিহাসিক অসম চুক্তিক উলংঘা কৰাৰ লগতে নাগৰিকত্বৰ মূল ভিত্তি বৰ্ষকো অৱজ্ঞা কৰাৰ অভিযোগ উণ্থাপন কৰি বহুলোক উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে৷ আবেদনকাৰীৰ ভিতৰত আছে তৃণমূল কংগ্ৰেছৰ নেতা মহুৱা মিত্ৰ কংগ্ৰেছ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জয়ৰাম ৰমেশ; এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ওৱাইছি; অসম কংগ্ৰেছৰ নেতা দেৱব্ৰত শইকীয়া; এন জি অ’ ৰিহাই মঞ্চ আৰু চিটিজেনছ এগেইনষ্ট হেট, অসম অধিবক্তা সন্থা; অসম সন্মিলিত মহাসংঘ, সদৌ অসম ছাত্ৰ সন্থা,অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদ , ডেম’ক্ৰেটিক ইউথ ফেডাৰেচন অৱ ইণ্ডিয়া (ডি ৱাই এফ আই) আৰু ছ’চিয়েল ডেম’ক্ৰেটিক পাৰ্টি অৱ ইণ্ডিয়া (এছ ডি পি আই) ইত্যাদি৷ভাৰতীয় সংবিধানে প্ৰদান কৰা সমতাৰ অধিকাৰৰ বিধানৰ বিৰোধী বুলি উল্লেখ কৰি ২০২০ চনত উচ্চতম ন্যায়ালয়ত CAAৰ বিৰুদ্ধে উত্থাপন কৰা প্ৰথমখন ৰাজ্য আছিল কেৰেলা।ইয়াৰ উপৰিও CAAৰ নিয়মক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত আন বহুতেই গোচৰ ৰুজু কৰিছে।২০১৯ চনৰ ডিচেম্বৰ মাহত সংসদত “ কা” গৃহীত হোৱাৰ পাঁচ বছৰৰ পাছত কেন্দ্ৰীয় চৰকাৰে যোৱা ১১ মাৰ্চত ইয়াৰ বিধি কাৰ্যকৰী কৰাৰ পিছত সমগ্ৰ দেশতে ব্যাপক প্ৰতিবাদৰ সূচনা হয়৷ উল্লেখ্য যে “কা”ই ১৯৫৫ চনৰ নাগৰিকত্ব আইন সংশোধন কৰি আফগানিস্তান, বাংলাদেশ, পাকিস্তানৰ পৰা ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত ভাৰতলৈ অহা হিন্দু, শিখ, জৈন, পাৰ্চী, বৌদ্ধ, আৰু খ্ৰীষ্টান সম্প্ৰদায়ৰ প্ৰব্ৰজনকাৰীসকলৰ বাবে ভাৰতীয় নাগৰিকত্ব লাভৰ সুযোগ প্ৰদান কৰিছ ৷
Breaking News
- অসমৰ চেইল গেছ সন্দৰ্ভত আজিও ৰহস্যজনক ভাবে নিমাত অ এন জি চি: তথ্য গোপনৰ প্ৰচেষ্টাৰে নিদিয়ে আৰ টি আইৰ উত্তৰ
- আদালতৰ নিৰ্দেশ উপেক্ষা কৰি নাজিৰা চিকিৎসালয়ত বেদখল অব্যাহত: নীৰৱ প্ৰশাসন
- নাজিৰা নগৰৰ ঐতিহ্যমণ্ডিত চৰকাৰী সহাৰ্যপ্ৰাপ্ত চিকিৎসালয়খন চৰকাৰে বন্ধ কৰিব খোজাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া: মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী স্থানীয় ৰাইজৰ
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ

