Subscribe to Updates
Get the latest creative news from FooBar about art, design and business.
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
- নাজিৰা বিধানসভা সমষ্টিত ভূমি পট্টা বিতৰণ
- অসম অৰুণাচল সীমান্তৰ্বতী সাপেখাতীৰ হোলোঙামৰা গাঁওত এটুপি পানীৰ বাবে হাহাঁকাৰ কৰিছে ৰাইজে
- গাঁৱৰ প্ৰাকৃতিক পৰিবেশত আলি আই লৃগাঙ উদযাপনৰ আহ্বান জনালে অৱন্তী পামেগাম চেতিয়াই
Author: newshuntne
newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.
নিউজ ডেক্স, ৪ জুন, ২০২৩: নাজিৰাৰ নগৰৰ নাজিৰা ৰাজহুৱা শ্মশান শান্তিবনত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি শ্মশান পৰিচালনা সমিতিৰ উদ্যোগত আজি এক গছ পুলি ৰোপন কাৰ্যসূচী ৰূপায়ন কৰা হয়।গছ পুলি ৰোপন কাৰ্যসূচীৰ লগতে নাজিৰাৰ ৰাজহুৱা শ্মশান শান্তিবনৰ উন্নয়নৰ ক্ষেত্ৰত লʼবলগা পদক্ষেপৰ বিষয়ে ও আলোচনা কৰা হয়।উক্ত সভাত নাজিৰাৰ শ্মশান উন্নয়ন কমিটিৰ বিষয়ববীয়া সকলৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি আৰু ৰাইজে অংশগ্ৰহণ কৰে।
নাজিৰাত নৱ নিৰ্দ্ধাৰিত পৌৰকৰ বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীত পুনৰ ৰাজহুৱা সভা : ৫১ জনীয়া নাগৰিক সমিতি গঠন
নিউজ ডেক্স, ৪জুন, ২০২৩ : আজি নাজিৰা নগৰৰ কমাউনিটি কেন্দ্ৰত পৌৰ কৰ বৃদ্ধি সন্দৰ্ভত নাজিৰাত পুনৰ ৰাজহুৱা সভা অনুষ্ঠিত হয়। জেষ্ঠ নাগৰিক জীতেন ফুকনৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত প্ৰাক্তন অধ্যাপক প্ৰভাত বৰঠাকুৰ, বিমান বৰুৱা ,সত্যনাৰায়ণ কৰ, নাজিৰাৰ প্ৰাক্তন পৌৰপতি আব্দুৰ ৰহমান,জেষ্ঠ নাগৰিক চুলতান মাহমুদক,ৱাছিম আমদ, ৰাজেন চাহু , চৈয়দ মুস্তাক আহমেদ, পৱন আগৰৱালা, মুজিব চৌধৰীকে ধৰি নগৰখনৰ বহুসংখ্যক লোক উপস্থিত থাকে । সভাত বিভিন্ন বক্তাই নাজিৰা পৌৰসভাই নতুনকৈ নিৰ্দ্ধাৰিত কৰা পৌৰকৰ বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ বাবে আহ্বান জনোৱাৰ লগতে নাগৰিক সকলৰ উমৈহতীয়া স্বাৰ্থত শ্ৰী প্ৰভাত বৰঠাকুৰক সভাপতি, সত্যনাৰায়ণ কৰক কাৰ্যকৰী সভাপতি, আবু কালাম শ্বাহ, জীতেন ফুকন আৰু প্ৰসাদ সন্দিকৈক উপ-সভাপতি, বিমল…
নিউজ ডেক্স, ৩ জুন,২০২৩ : অসম চৰকাৰে বিদ্যুৎৰ বিল বৃদ্ধি কৰা সন্দৰ্ভত কেউদিশে চৰ্চা হৈ থকাৰ সময়তে নাজিৰা সমষ্টিৰ বিধায়ক তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সংবাদমেল সম্বোধন কৰি কয় যে বিদ্যুৎ উৎপাদনৰ প্ৰচুৰ সম্ভাৱানা থকা স্বত্বেও মুকলি বজাৰৰ পৰা বিদ্যুৎ ক্ৰয় কৰি আনি লাভৰ উপৰত লাভ লৈ ৰাইজক মাধমাৰ শোধাই অহা APDCL এ দেশৰ আন ৰাজ্যৰ তুলনাত অসমত দুগুণ হাৰত আদায় কৰি আছে বিদ্যুৎ মাচুলৰ Fixed charge । জুন মাহৰ পৰা প্ৰতি ইউনিত বিদ্যুৎ ৰ মূল্য ৭০ পইছা কৈ বৃদ্ধি পোৱাতো গ্ৰহণযোগ্য নহয় আৰু সামগ্ৰিক ভাবে সমগ্ৰ বিষয়টো সম্পৰ্কট অসমৰ মাননীয় মুখ্যমন্ত্ৰীক ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে বিৰোধী দলপতি গৰাকীয়ে…
নাজিৰা লিগিৰীপুখুৰীত দিনদুপৰতে অপহৰণ কৰি ইৰিক্সাৰ ভিতৰতে ইৰিক্সা চালক সহ সতীৰ্থৰ যৌন নিৰ্যাতনৰ চেষ্টা এগৰাকী যুৱতীক।
নিউজ ডেক্স, ৩ জুন,২০২৩: এইখন অসমত দিনদুপৰতেই যেন সুৰক্ষিত নহয় মহিলা,যুৱতী ৷ এইবাৰ ইৰিক্সাৰ চালক আৰু সতীৰ্থ জড়িত হৈ পৰিছে মহিলা-যুৱতীক অপহৰণ কৰি যৌন নিৰ্যাতনৰ চেষ্টা চলোৱাত।এই ঘটনা সংঘটিত হৈছে নাজিৰাৰ লিগিৰী পুখুৰীত৷নাজিৰাৰ লিগিৰীপুখুৰীত অৱস্থিত নাজিৰা মহকুমা অসামৰিক চিকিৎসালয়লৈ যোৱা তথা চিকিৎসালয়খনতেই নাৰ্চৰ প্ৰশিক্ষণ লৈ থকা এগৰাকী যুৱতীক যৌন নিৰ্যাতন চলোৱাৰ চেষ্টা ইৰিক্সা চালকসহ সতীৰ্থৰ।যুৱতী গৰাকীক নাজিৰাৰ কলেজ তিনিআলিৰ পৰা ভাড়াতীয়া যাত্ৰী ৰূপে AS04ER1106 নম্বৰৰ ইৰিক্সাত লৈ গৈছিল চালকসহ সতীৰ্থই৷নাজিৰাৰ লিগিৰীপুখুৰীত স্থিত নাজিৰা মহকুমা অসামৰিক চিকিৎসালয় নৌ পাওতেই যুৱতী গৰাকীক অশালীন মন্তব্য আৰু যৌন নিৰ্যাতনৰ চেষ্টা চলাই চালক সহ সতীৰ্থই।নাজিৰা মহকুমা অসামৰিক চিকিৎসালয়লৈ নগৈ আন ৰাষ্টাৰে চালকে ইৰিক্সাখন নিব বিচৰাত উপায়ন্তৰ…
চৈয়দা নাবিহা ৰহমানলৈ ভাৰত চৰকাৰৰ কেন্দ্ৰীয় সাংস্কৃতিক গৱেষণা আৰু প্ৰশিক্ষণ ( CCRT) কেন্দ্ৰৰ ছাত্ৰ বৃত্তি
নিউজ ডেক্স, ৩১ মে’ , ২০২৩ : নাজিৰাৰ জিকিৰ গায়িকা চৈয়দা নাবিহা ৰহমানে কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক বিভাগৰ অধীনত ছাত্ৰ বৃত্তি লাভ কৰাত উৎফুল্লিত হৈ পৰিছে স্থানীয় ৰাইজ৷ উল্লেখ্য যে দেশৰ বিভিন্ন প্ৰান্তৰ সাংস্কৃতিক জগতৰ লগত জড়িত শিশুক উৎসাহিত কৰিবৰ বাবে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ অধীনত ১০- ১৪ বছৰ বয়সৰলৈকে বিভিন্ন বিদ্যালয়ত অধ্যয়নৰত তথা সাংস্কৃতিক ক্ষেত্ৰৰ লগত জড়িত শিশুৰ বাবে ১৯৮২ চনৰ পৰা ৰাষ্ট্ৰীয় ভিত্তিত এক বিশেষ জলপানি তথা বৃত্তিৰ ঘোষণা কৰি আহিছে৷ দেশজুৰি মুঠ ৬৫০ জন ছাত্ৰছাত্ৰীক নিৰ্বাচিত কৰা এই বৃত্তিৰ ১০০ খন আসন জনজাতিৰ বাবে, ১২৫ খন আসন পৰম্পৰাগত লোককলাৰ লগত জড়িত সকলৰ বাবে, ২০ খন আসন বিশেষ ভাবে…
নিউজ ডেক্স, ২৪ মে’ , ২০২৩ : বিহুবৰৰ মোচোৱা মুণ্ডা নামৰ লোকজনে গুপ্তধনৰ সন্ধানত বলি দিবলৈ যো-জা চলাইছিল এগৰাকী যুৱতীক৷যুৱতীৰ মাতৃক ২লাখ টকাৰ প্ৰলোভনেৰে বলি দিয়াৰ চেষ্টা চলাইছিল যুৱতীগৰাকীক ৷দক্ষিণা গোৱালা নামৰ যুৱতীগৰাকীয়ে কামলৈ যোৱাৰ পথত বলপূৰ্বকভাবে ধৰি নি নৰবলি দিয়াৰ প্ৰচেষ্টা চলাইছিল মোচোৰা মুণ্ডা নামৰ অভিযুক্ত ব্যক্তি জনে ৷যুৱতী গৰাকীয়ে আৰক্ষীক অভিযোগ দাখিল কৰাৰ পিছত বৰ্তমান পলাতক অৱস্থাত আছে অভিযুক্ত মোচোৰা মুণ্ডা । বিহুবৰ আৰক্ষীৰ তদন্ত অব্যাহত ৰাখিছে ।
নিউজ ডেক্স, ২৩ মে’ , ২০২৩ : অস্বাভাৱিক হাৰত পৌৰকৰ বৃদ্ধিৰ সন্দৰ্ভত নাজিৰা নগৰত বিগত কেইবামাহ ধৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে নাজিৰাৰ নাগৰিক সকলে বিগত ৫ মাৰ্চত নাজিৰা নাট্য মন্দিৰৰ প্ৰাংগণত এক বৃহৎ ৰাজহুৱা সভা অনুষ্ঠিত কৰি অসমৰ মুখ্যমন্ত্ৰী, পৌৰ প্ৰশাসন মন্ত্ৰী আৰু পৌৰ কৰ্তৃপক্ষক এই কৰ বৃদ্ধিৰ প্ৰস্তাৱ প্ৰত্যাহাৰৰ দাবীত স্মাৰকপত্ৰ পত্ৰ প্ৰদান কৰাৰ পিছত ২৭ এপ্ৰিলত নাজিৰা পৌৰসভাই ৫% পৌৰকৰ বৃদ্ধি কৰি বিভিন্ন ক্ষেত্ৰত ৰেহাই প্ৰদানৰ দ্বাৰা মুঠ ২’৫% হাৰত পৌৰকৰ বৃদ্ধিৰ প্ৰস্তাৱেৰে নাজিৰা নাট্য মন্দিৰত এক ৰাজহুৱা সভাৰ আয়োজন কৰাৰ পিছত বৰ্দ্ধিত পৌৰকৰৰ হাৰ কিছু হ্ৰাস কৰে যদিও নতুনকৈ নিদ্ধাৰণ কৰা পৌৰকৰৰ পৰিমাণ পুনৰ হ্ৰাস কৰাৰ…
নিউজ ডেক্স, ২২ মে’, ২০২৩: এ আই টি চি ইউৰ অন্তগৰ্ত সদৌ অসম নিৰ্মাণ শ্ৰমিক সন্থা (AACWU) নাজিৰা মহকুমা পৰিষদৰ আহ্বান ক্ৰমে নিৰ্মাণ শ্ৰমিক সন্থাৰ ১৬ দফীয়া দাবীৰ পূৰণৰ বাবে নাজিৰা মহকুমাধিপতি কাৰ্য্যলয়ৰ সন্মুখত আজি অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী পালন কৰে । সদৌ অসম নিৰ্মাণ শ্ৰমিক সন্থাৰ ৰাজ্যিক সাংগঠনিক সম্পাদক নিতুল বৰা, চি পি আইৰ ৰাজ্যিক সম্পাদক কনক গগৈ, সন্থাৰ জিলা সভাপতি নাথু দত্ত, উপ সভাপতি নমিতা গগৈ, নাজিৰা মহকুমাৰ সভাপতি ৰজনী গগৈ, মহকুমাৰ সম্পাদক আশুতোষ বুঢ়াগোহাঁইয়ে উপস্থিত থাকি দাবী সমূহৰ ওপৰত বক্তব্য প্ৰদান কৰাৰ পিছত চাহ শ্ৰমিকৰ দিন হাজিৰা ৩৫০ টকালৈ বৃদ্ধি কৰা ,এনৰেগাৰ দৈনিক মজুৰি বৃদ্ধি কৰা , প্ৰশিক্ষণপ্ৰাপ্ত…
নিউজ ডেক্স,১৬ মে’,২০২৩ : সম্প্ৰতি সমগ্ৰ অসমৰ লগতে নাজিৰা মহকুমাৰ প্ৰান্তে প্ৰান্তে ড্ৰাগছৰ ৰমৰমীয়া বেহাই নৱ প্ৰজন্মক জীৱন ধ্বংসৰ পথলৈ ঠেলি দিছে । আৰক্ষীয়ে প্ৰায়ে এনে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাই দুই – এক সৰবৰাহকাৰীক. আটক কৰিবলৈ সক্ষম হয় যদিও আইনৰ সুৰুঙাৰে সেইসকলে জামিন লাভ কৰি মুক্ত হৈ পিছত পুনৰ একে কাৰ্যত জড়িত হৈ পৰে । আজি পুৱতি নিশা নাজিৰা মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্ত আৰু নাজিৰা আদৰ্শ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভৱেন দাসৰ নেৰ্তৃত্বত আৰক্ষীয়ে নগৰৰ ৩ নং ৱাৰ্ডৰ প্ৰদীপ চাহুৰ ঘৰত অভিযান চলাই ৪ নং ৱাৰ্ডৰ ৰিজুৱান হুছেইন নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে ১.৪৪ গ্ৰাম হিৰ’ইন…
নিউজ ডেক্স,১৫ মে’ ২০২৩: শিক্ষা সেতু এপৰ যোগেদি শিক্ষা বিভাগে ৰাজ্যৰ চৰকাৰী বিদ্যালয় সমূহত টেবলেট যোগান ধৰাৰ সিদ্ধান্তৰে বিদ্যালয় সমূহলৈ টেবলেট প্ৰেৰণ কৰাৰ পাছতেই চৰকাৰৰ এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাইছে সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীয়ে।শিক্ষক সন্মিলনীৰ মতে চৰকাৰী বিদ্যালয়ৰ গুণগত মান উন্নীতকৰণৰ বাবে চৰকাৰৰ এই পদক্ষেপ আদৰণীয়। কিন্তু এই পৰ্টেল চোৱা চিতাৰ দায়িত্ব যিহেতু প্ৰদান শিক্ষকৰ হাতত ন্যস্ত কৰিছে শিক্ষা বিভাগে। কিন্তু শিক্ষা বিভাগে। নিম্ন প্ৰাথমিক বিদ্যালয়ত আজিলৈকে প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা নাই ৷ তেনেস্থলত এই টেবলেট কোনে চলাব তাক লৈ বিপাঙত প্ৰাথমিক বিদ্যালয় সমূহ। গতিকে চৰকাৰী এই টেবলেট ২২ মেত কাৰ্যালয়ত ঘূৰাই দিয়াৰ সিদ্ধান্ত সন্মিলনীৰ। সোমবাৰে নাজিৰাত টেবলেট বা…

