Subscribe to Updates
Get the latest creative news from FooBar about art, design and business.
- অসমৰ চেইল গেছ সন্দৰ্ভত আজিও ৰহস্যজনক ভাবে নিমাত অ এন জি চি: তথ্য গোপনৰ প্ৰচেষ্টাৰে নিদিয়ে আৰ টি আইৰ উত্তৰ
- আদালতৰ নিৰ্দেশ উপেক্ষা কৰি নাজিৰা চিকিৎসালয়ত বেদখল অব্যাহত: নীৰৱ প্ৰশাসন
- নাজিৰা নগৰৰ ঐতিহ্যমণ্ডিত চৰকাৰী সহাৰ্যপ্ৰাপ্ত চিকিৎসালয়খন চৰকাৰে বন্ধ কৰিব খোজাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া: মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী স্থানীয় ৰাইজৰ
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
Author: newshuntne
newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.
ঐতিহাসিক গড়গাঁও ৰাজ কাৰেঙৰ বাকৰিত তাই মলুঙৰ জাতিংফা পূজা। দুশ মলুঙক তাই আহোম উন্নয়ন পৰিষদৰ উদ্যোগত এককালীন সাহাৰ্য প্ৰদান।
নিউজডেক্স,৬ জানুৱাৰী,২০২৪ : ছশ বছৰীয়া আহোম ৰাজত্ব কালৰ সোণালী স্বাক্ষৰ বহন কৰা নাজিৰাৰ ঐতিহাসিক গড়গাঁও কাৰেঙঘৰৰ বাকৰিত তাই ধৰ্মীয় ৰীতি – নীতিৰে আজি অনুষ্ঠিত হয় জাতিংফা পূজা। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সমবেত হোৱা টাই পণ্ডিত তথা মলুঙ সকলে পুলিন পোথাও সকলক শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ লগতে জাতিংফা পূজা অৰ্চনাত টাই আহোমৰ ঐতিহ্য, পৰম্পৰাক আধ্যাত্মিক চেতনাৰে ঐতিহাসিক গড়গাঁও ৰাজকাৰেঙঘৰ বাকৰি বিৰাজমান হৈ পৰে।ইয়াৰ পিছতে আজি টাই আহোম উন্নয়ন পৰিষদৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী বিশেষ এককালীন সাহাৰ্য্য ৰূপে ২০০ জন মলুঙক ৩০ হাজাৰকৈ টকাৰ চেক প্ৰদান কৰা হয়। তাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ুৰ বৰগোঁহায়ে আঁত-ধৰা এই সাহাৰ্য্য প্ৰদান অনুষ্ঠানত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী…
যোৰহাট,লক্ষীমপুৰ বা কলিয়াবৰ যিকোনো এটা সংসদীয় সমষ্টিৰ প্ৰাৰ্থীত্বৰ দাবী চি পি আই দলৰ : যোৰহাটত গৌৰৱ গগৈয়ে প্ৰতিদ্বন্দ্ব্বিতা কৰিলে সহযোগ কৰিব চি পি আই দলে
নিউজডেক্স, ২৬ ডিচেম্বৰ,২০২৩ : :আজি নাজিৰাৰ মহকুমা কাৰ্যালয়ত চি পি আই দলৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়৷ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ পিছত অনুষ্ঠিত সংবাদমেলত দলটোৰ ৰাজ্যিক সম্পাদক কনক গগৈয়ে কয় যেশেহতীয়াকৈ সঘন এনকাউণ্টাৰ বিষয়টোয়ে ৰাজ্যবাসীক আতংকিত কৰি তুলিছে ৷ সেয়েহে চি পি আই দলে আলফাৰ সন্দেহত কৰা এই এনকাউণ্টাৰ অসাংবিধানিক আৰু অগণতান্ত্ৰিক আখ্যা দি পাৰ্টিয়ে এই কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি তৎকালে এনে কাৰ্য বন্ধ কৰিবলৈ দাবী জনায়৷ আনহাতে আগন্তুক লোকসভা নিৰ্বাচনত চি পি আইয়ে বিৰোধী ঐক্যমঞ্চত থাকি অৱতীৰ্ণ হ’ব আৰু ইয়াৰ বাবে যোৰহাট লক্ষীমপুৰ আৰু কাজিৰঙা সমষ্টিৰ ভিতৰত যিকোনো এটা সমষ্টিত পাৰ্টিয়ে প্ৰতিদ্বন্দ্ব্বিতা কৰিব ৷ ইতিমধ্যে তিনিওটা সমষ্টিতে পাৰ্টিয়ে নিৰ্বাচনী প্ৰস্তুতি…
নিউজডেক্স,১৬ ডিচেম্বৰ,২০২৩ :অসমত ২৬খন যাত্ৰীবাহী ৰে’লৰ যাত্ৰা বাতিল। লগতে ৮খনকৈ স্থানীয় ৰে’লৰ যাত্ৰা সংকুচিত আৰু ৩১খন দূৰণিবটীয়া ৰে’লৰ যাত্ৰাপথ সলনি। চাংসাৰি-আগিয়াঠুৰীৰ মাজত দ্বৈত ৰে’লপথৰ কামৰ বাবে এই সিদ্ধান্ত NFRৰ। ১৭ ডিচেম্বৰৰ পৰা ২৩ ডিচেম্বৰৰ লৈকে বন্ধ থাকিব এই ৰেলসেৱা৷
নিউজডেক্স,১৬ ডিচেম্বৰ,২০২৩ : জনপ্ৰিয় অভিনেতা জয়ন্ত দাসৰ দেহাৱসান। ৫৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ। যকৃত ৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ এপল’ চিকিৎসালয়ত আজি নিশা ৮ -৪১ বজাত শেষ নিশ্বাস ত্যাগ কৰে জনপ্ৰিয় অভিনেতা জনে৷ ৰাজ্যৰ মঞ্চ-ছবি জগতৰ অন্যতম বলিষ্ঠ অভিনেতা জয়ন্ত দাস বিয়োগৰ খৱৰে ব্যথিত কৰিছে। অনন্য অভিনয়েৰে আমাৰ অভিনয় জগতখনক অতুল্য মাত্ৰা দি থৈ যোৱা বিশিষ্ট অভিনেতা গৰাকীৰ মৃত্যুত মুখ্যমন্ত্ৰীকে ধৰি আন বহুলোকে গভীৰ শোক ৱ্যক্ত কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে৷
ইণ্ডিজেনাজ পিপুলচ অৱ মুং-ডুন-চুন-খাম আসাম, নৰ্থ ইষ্ট ইণ্ডিয়া আৰু জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতি, অসমৰ উদ্যোগত বিশ্ব মানৱাধিকাৰ দিৱস উদযাপন।
নিউজডেক্স, ১০ ডিচেম্বৰ, ২০২৩ :আজি ইণ্ডিজেনাজ পিপুলচ অৱ মুং-ডুন-চুন-খাম, আসাম, নৰ্থ ইষ্ট ইণ্ডিয়া আৰু জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতি, অসমৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত বিশ্ব মানৱাধিকাৰ দিৱস উদযাপন কৰা হয়। উক্ত দিৱসৰ লগত সংগতি ৰাখি , ” মানৱাধিকাৰ আৰু উত্তৰ পূৰ্বাঞ্চল” শীৰ্ষক এখনি আলোচনা চক্ৰ আয়োজন কৰা হয়। আলোচনা পন্থী, আলফাৰ উপ-সভাপতি প্ৰদীপ গগৈ, এল খংচাই, সভাপতি,অসম কুকি ৱেলফেয়াৰ ছচাইটি, এন জি সাংহল সিনহা , সভাপতি, সদৌ অসম মণিপুৰী ছাত্ৰ সন্থা, চিন্তাবিদ মৃণাল গোঁহাই, মেইচানাম ভগত সিনহা,মানৱ অধিকাৰ কৰ্মী পাওটিনলেন চঙলুই,ডক্তৰ চেহনাজ আহমদ, জাতিয়তাবাদ পুনৰ নিৰ্মাণ সমিতিৰ সম্পাদক ৰাজকুমাৰ বৈশ্য ইত্যাদি লোকে উক্ত আলোচনাত অ্ংশ গ্ৰহণ কৰে৷ আলোচনা চক্ৰৰ উদ্দেশ্য ব্যাখ্যা…
শিৱসাগৰ জিলা সাহিত্য সভাৰ মধ্যকালীন অধিৱেশনৰ সামৰণি : আঠ খন গ্ৰন্থ উন্মোচন: সাহিত্যিক ডম্বৰু কাকতীলৈ “পয়োধা প্ৰবৰ ” অভিধা প্ৰদান ৷
নিউজডেক্স, ৩ ডিচেম্বৰ,২০২৩ : “আমি বিশ্ববাসীৰ মাজত স্বীকৃতি পাবলৈ হ’লে এটা চহকী ভাষা আৰু সাহিত্য সংস্কৃতিৰে পৰিচিত হ’ব লাগিব ৷বিশ্বক জনাব পৰা সাহিত্য সৃষ্টি হ’ব লাগিব ৷এতিয়াৰ প্ৰজন্মৰ সাহিত্য সাধনাত ব্যস্ত থকা সকলে একনিষ্ঠ নীৰৱ সাধনাৰে ভাষা সাহিত্যক আগবঢ়াই লৈ যোৱাত গুৰুত্ব দিব লাগিব ”—ধিতাইপুখুৰীত অনুষ্ঠিত হোৱা শিৱসাগৰ জিলা সাহিত্য সভাৰ মধ্যকালনী অধিৱেশনৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এনেদৰে বক্তব্য আগবঢ়াই অসম সাহিত্য সভাৰ সভাপতি ড°সূৰ্যকান্ত হাজৰিকাই ৷ভাষণ প্ৰসংগত তেখেতে অসম সাহিত্য সভাৰ বহু কৰণীয় আছে যিবোৰ এতিয়াও কৰিব পৰা নাই বুলি উল্লেখ কৰাৰ লগতে সাহিত্য সভাৰ গতিবিধি বহুলোকে লক্ষ্য কৰি আছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷উল্লেখযোগ্য যে…
নিউজডেক্স,২ ডিচেম্বৰ,২০২৩ : আজি অসম দিৱস।বৰ অসম গঢ়োতা, ৬০০ বছৰীয়া আহোম ৰাজত্বৰ প্ৰথম গৰাকী স্বৰ্গদেউ চাওলুং চুকাফাক আজি অসমবাসীয়ে স্মৰণ কৰিছে। বৰ অসমৰ ভেঁটি গঢ়োতা মহান স্বৰ্গদেউ গৰাকীৰ স্মৃতিত আজি পালন কৰা হৈছে চুকাফা দিৱস বা অসম দিৱস। টিংখাঙত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত বৃহত্তৰ টিংখাংবাসী ৰাইজৰ অতিথ্যত টিংখাঙৰ উচ্চতম মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অসম দিৱস পালন কৰা হৈছে। মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা । কাৰ্য্যসূচীৰ লগত সংগতি ৰাখি থলুৱা উদ্যোগৰ জৰিয়তে অসমৰ বিভিন্ন প্ৰান্তৰ বচা বচা উদ্যোগী সকলক লৈ আধুনিক অসম – আত্মনিৰ্ভৰশীল অসম এই বিষয়ৰ উপৰত এক প্ৰদৰ্শনী মেলাৰ…
ডিব্ৰুগড়ত INDIA ৰ গুৰুত্বপূৰ্ণ বৈঠক: ডিব্ৰুগড়ৰ পৰা হ’ব লোকসভা নিৰ্বাচনৰ বৃহৎ ৰণনীতি। একত্ৰিত হ’ল ১৫ টাকৈ ৰাজনৈতিক দল
নিউজডেক্স,৩০ নবেম্বৰ,২০২৩ : আগন্তুক লোকসভা নিৰ্বাচনক লৈ বৃহৎ ৰণনীতিৰ পৰিকল্পনাৰে আজিৰ পৰা দুদিনীয়াকৈ ডিব্ৰুগড়ত বিৰোধী INDIAৰ গুৰুত্বপূৰ্ণ ৰুদ্ধদ্বাৰ বৈঠক আৰু জনসভা।আজি বিৰোধী ঐক্য মঞ্চ INDIA ৰ প্ৰথমখন ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হৈছে । এই বৈঠকতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ সম্ভাৱনা আছে।এই বৈঠকেত INDIA ৰ লোকসভা নির্বাচনৰ ৰণনীতি, প্ৰক্ষেপিত প্ৰাৰ্থী নিৰ্ধাৰণৰ দৰে গুৰুত্বপূর্ণ বিষয় আলোচনা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। তদুপৰি ঐক্য মঞ্চৰ আভ্যন্তৰীন বিষয়, নিৰ্বাচনী ইচ্ছ্যু আদিয়ে গুৰুত্ব পাব। উল্লেখ্য যে ১৫ টা দলৰ নেতাই এই বৈঠকত অংশ গ্ৰহণ কৰি সমূহীয়াকৈ ৰণনীতি তৈয়াৰ কৰিব।এই দুই সভাক লৈ ইতিমধ্যে AICCৰ সম্পাদক পৃথ্বীৰাজ চাথেই ডিব্ৰুগড়ত বাহৰ পাতি সকলো তদাৰক কৰা লগতে অসম জাতীয় পৰিষদৰ…
Newsdesk, 4 November, 2023: “Driven by Prime Minister Narendra Modi’s commitment to the North-east, the government and public enterprises like ONGC are working to improve lives in the region. ONGC’s Siu-Ka-Pha Hospital, with its state-of-the-art infrastructure, will enhance healthcare not only in Upper Assam but also in North-eastern India,” said Union Minister for Petroleum and Natural Gas, and Housing and Urban Affairs Hardeep Singh Puri while addressing the inaugural function of the ONGC-supported multi-speciality hospital in Sivasagar on Saturday.Participating in the inaugural function, Union Minister of State for Petroleum and Natural Gas, and Labour and Employment Rameswar Teli said,…
নাজিৰা নগৰত লেচীৰ লুণ্ঠন : অবৈধ, জাল ৰচিদেৰে অতিৰিক্ত ভাবে সংগ্ৰহ কৰি আছে যান বাহনৰ পাৰ্কিং কৰ
নিউজ ডেক্স, ১ নবেম্বৰ,২০২৩ : পৌৰকৰ বৃদ্ধিৰে সাধাৰণ নাগৰিকৰ মূৰত কঠাল ভঙা নাজিৰা পৌৰসভাৰ পৃষ্ঠপোষকতাতে এইবাৰ লেচীয়ে নীতি নিয়মক ভৰিৰে মোহাৰি নিজেই ৰচিদ বহী ছপা কৰি ইচ্ছামতে নগৰখনত যান বাহনৰ পৰা অতিৰিক্তভাৱে ধন সংগ্ৰহ কৰি আছে যদিও ৰহস্যজনকভাৱে পৌৰ প্ৰশাসনে এইক্ষেত্ৰত চকু মুদা কুলিৰ ভাও ধৰা পৰিলক্ষিত হৈছে ৷ উল্লেখ্য যে নাজিৰা নগৰত পাৰ্কিং কৰ সংগ্ৰহৰ বাবে বিতুল দাস নামৰ লেচীজনে যোৱা এপ্ৰিল মাহতে দায়িত্ব লোৱাৰ পিছত জনৈক ৰবি চাহু নামৰ যুৱকজনে বিতুল দাসৰ নামত নগৰখনৰ বিভিন্ন পাৰ্কিং স্থানত যান বাহনৰ পৰা পাৰ্কিং কৰ সংগ্ৰহ কৰি আছে যদিও তেও পৌৰসভাৰ নিৰ্দ্ধাৰিত দৰতকৈ বহু বেছি মূল্যত যান বাহনৰ পৰা কৰ সংগ্ৰহৰ…

