Author: newshuntne

newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.

নিউজডেক্স, ৭ ফেব্ৰুৱাৰী,২০২৪ : সংসদৰ বাজেট অধিবেশনত ভাষণ দি আজি ৰাজ্যসভাত ‘ধন্যবাদৰ প্ৰস্তাৱ’ৰ উত্তৰত  প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু সংৰক্ষণ  বিৰোধী আছিল৷পিছপৰা শ্ৰেণীৰ কোটা সন্দৰ্ভত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে জৱাহৰলাল নেহৰুৱে মুখ্যমন্ত্ৰীলৈ লিখা পত্ৰৰ উদ্ধৃতি দি কয় যে দেশৰ প্ৰথমজন প্ৰধানমন্ত্ৰীয়ে যিকোনো ধৰণৰ সংৰক্ষণৰ বিৰোধীতা কৰিছিল৷কংগ্ৰেছে দলিত, পিছপৰা, আদিবাসীৰ বিৰোধিতা কৰি আহিছে বুলি কৈ তেওঁ কয়—“যি কংগ্ৰেছে অ’বিচিক সংৰক্ষণ নিদিলে, যিয়ে কেতিয়াও সাধাৰণ শ্ৰেণীৰ  দুখীয়াক সংৰক্ষণ নিদিলে, যি কংগ্ৰেছে ভাৰতৰত্নৰ বাবে বাবাছাহেবক বিবেচনা নকৰি তাৰ পৰিৱৰ্তে নিজৰ পৰিয়ালৰ সদস্যক ভাৰত ৰত্ন দি থাকিল, তেওঁলোকে  আমাক আজি সামাজিক ন্যায়ৰ ওপৰত পাঠ দিয়ে ৷” প্ৰধানমন্ত্ৰী গৰাকীয়ে কয়—“কংগ্ৰেছৰ ১০…

Read More

নিউজডেক্স:৬ ফ্ৰেব্ৰুৱাৰী,২০২৪ :   শিৱসাগৰ জিলাৰ  অগ্ৰণী শিক্ষা অনুষ্ঠান ডিমুৱাল বিদ্যাভৱনৰ আজি ২৯ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। প্ৰতিষ্ঠা কালৰে পৰা বিদ্যালয়খনৰ লগত জড়িত ব্যক্তি সকলৰ  উপস্থিতিত পুৱা ৯ বজাৰ পৰা দিনযোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত এই প্ৰতিষ্ঠা দিৱসত  ছাত্ৰী সকলৰ সমাৰোহৰ পিছতেই পতাকা উত্তোলন, স্মৃতি তৰ্পণৰ সমান্তৰালকৈ দিনৰ ১১ বজাত এখনি মুকলি সভা অনুস্থিত হয়। এই মুকলি সভাত অঞ্চলটোৰ বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। 

Read More

নিউজডেক্স, ৫ ফ্ৰেব্ৰুৱাৰী,২০২৪: ইছলাম ধৰ্মৰ পাঁচটা মূল স্তম্ভৰ অন্যতম এটা হৈছে হজ৷ বিশ্বৰ প্ৰতেকজন সমৰ্থবান ইছলাম ধৰ্মী লোকেই জীৱনত এবাৰ হজলৈ যোৱাটো অৱশ্যে কৰণীয় আৰু প্ৰতিজন মুছলমান লোকেই  হজলৈ যোৱাৰ আশা কৰাৰ  লগতে ধৰ্ম পৰায়ণ সাধাৰণ মুছলমান লোকৰ বাবে ই এক সপোন৷ অগণন নীতিনিষ্ঠ মুছলমানে  নিজৰ বৈধ উপাৰ্জনৰ পৰা দীৰ্ঘদিন ধৰি “হজ”লৈ বুলি আচুতীয়াকৈ জমা ৰখা সাচতীয়া ধনেৰে পবিত্ৰ হজ সমাপনৰ আকাঙ্খা অব্যাহত ৰাখি সম্পূৰ্ণৰূপে চৰকাৰী নীতিনিয়ম মানি আজিও বছৰি বছৰি হজ সম্পাদন কৰি আহিছে ৷এই হজযাত্ৰী সকলে আমাৰ ভাৰত চৰকাৰৰ হজ নিৰ্দেশনা আৰু মুছলিম শ্বৰীয়ত আইন অনুসৰি  হজলৈ যায়৷ কিন্তু হজ সম্পাদনৰ এই পবিত্ৰ আধ্যাত্মিক ক্ষেত্ৰতো বহু সহজ সৰল …

Read More

নিউজডেক্স,৪ ফ্ৰেব্ৰুৱাৰী,২০২৪ :নাজিৰাত আছাম ৰেজিমেণ্টে  আলফাৰ সৈতে জড়িত এজন ব্যক্তিক যোৱা ৩ ফ্ৰেব্ৰুৱাৰীৰ দিনা আটক কৰি নাজিৰা আদৰ্শ আৰক্ষী থানাত গতাই দিয়ে।ধৃত লোক জন মৰাণৰ বেজ পথাৰৰ ৰোহিণী গগৈ। ৰোহিণী গগৈক  আছাম ৰেজিমেণ্টে আৰু  আৰক্ষীয়ে নাজিৰা আদৰ্শ আৰক্ষী থানাত  সোধপোছ কৰাৰ পিছত জেললৈ প্ৰেৰণ কৰিছে। বিশেষ সূত্ৰই দিয়া খৱৰ অনুসৰি আটকাধীন ৰোহিণী গগৈয়ে আলফাৰ কেম্পত প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছিল।

Read More

নিউজডেক্স ৩ ফ্ৰেব্ৰুৱাৰী,২০২৪ : ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা – সন্মানীয় ভাৰত ৰত্ন – বিজেপিৰ প্ৰবীণ নেতা এল কে আদৱানীক প্ৰদান কৰা হ’ব বুলি আজি ঘোষণা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।ভাৰতীয় জনতা পাৰ্টিৰ নেতা এল কে আদৱানীক ভাৰতৰত্ন বঁটা প্ৰদান কৰা হ’ব বুলি শনিবাৰে ঘোষণা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ উন্নয়নৰ ক্ষেত্ৰত দলটোৰ অধ্যৱসায়ীজনৰ অৱদানক “কীৰ্তিচিহ্নস্বৰূপ” বুলি অভিহিত কৰে।ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত শ্বেয়াৰ কৰা এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে লিখিছে যে আদৱানীৰ সৈতে মত বিনিময় কৰি আৰু তেওঁৰ পৰা শিকিবলৈ পাই তেওঁ নিজকে সৌভাগ্যৱান বুলি অনুভৱ কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘তেওঁক ভাৰতৰত্ন প্ৰদান কৰাটো মোৰ বাবে এক অতি আৱেগিক মুহূৰ্ত। “আদবানীজীৰ জনজীৱনত দশক দশকজোৰা…

Read More

নিউজডেক্স, ১ ফ্ৰেব্ৰুৱাৰী ২৯২৪ :  ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি  ভাৰতৰ সংসদত ২০২৪ চনৰ অন্তৱৰ্তীকালীন বাজেট দাখিল কৰে।কিছুদিনৰ  পিছত ভাৰতত অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নিৰ্বাচন  পূৰ্বে এই   অন্তৱৰ্তীকালীন  বাজেট দাখিল কৰা হয়৷২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ঠিক আগতে জনসাধাৰণৰ মনোযোগ বিবেচনা কৰি নিৰ্বাচন কেন্দ্ৰিক  ভাবে প্ৰস্তুত  কৰা  এই বাজেটত বিত্তমন্ত্ৰী সীতাৰমণে কৃষকসকলৰ বিষয়ে কেইবাটাও গুৰুত্বপূৰ্ণ  ঘোষণা কৰে। ভাৰত  তথ্য প্ৰযুক্তি (আই টি) আৰু সেৱা খণ্ডৰ কেন্দ্ৰলৈ ৰূপান্তৰিত হৈছে যদিও  কৃষি খণ্ড এতিয়াও লাখ লাখ ভাৰতীয়ৰ বাবে আয়ৰ উৎস হৈ আছে। বাজেট ভাষণত সীতাৰমণে ভাৰতীয় কৃষকক ‘আন্নদাতা’ (খাদ্য প্ৰদানকাৰী) বুলি উল্লেখ কৰি ইয়াৰ পূৰ্বে ভাষণত বিত্তমন্ত্ৰীগৰাকীয়ে ভাৰত চৰকাৰে দেশৰ কৃষকৰ সুবিধাৰ্থে গ্ৰহণ কৰা বিভিন্ন…

Read More

নিউজডেক্স,৩১ জানুৱাৰী,২০২৪ : আজি ৩১ জানুৱাৰীত সমগ্ৰ ৰাজ্যতে তাই আহোম সকলে পালন কৰিছে মে-ডাম-মে-ফী।  শিৱসাগৰ জিলাৰ গড়গাঁওৰ হেমেনাবাৰীত স্থানীয় ৰাইজৰ উদ্যোগত এই মে ডাম মে ফী উদযাপন কৰা হয়।ঐতিহাসিক মে-ডাম-মে-ফি উৎসৱৰ পৱিত্ৰ ক্ষণত পুলিন-পুথাওসকলৰ মধুৰ আৰু অবিস্মৰণীয় স্মৃতিবোৰ শ্ৰদ্ধাৰে সুঁৱৰি পুৱাৰে পৰা তাই আহোমৰ পণ্ডিতসকলৰ দ্বাৰা তাই ৰীতি নীতিৰে পূজা অৰ্চনা কৰা পৰিলক্ষিত হৈছে। এই অনুস্থানৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰী সকলৰ মাজত চিত্ৰাংকন, চামুচত মৰ্টণ লৈ দৌৰা, টেকেলি ভঙা আদিকে ধৰি বিভিন্ন ধৰণৰ খেল ধেমালি আয়োজন কৰা হয়।

Read More

নিউজডেক্স, ৩০ জানুৱাৰী : যোৱা ২৯ জানুৱাৰীৰ পৰা দুশ বছৰ  সম্পূৰ্ণ কৰা অসম চাহৰ দুদিনীয়া দ্বি-শতিবাৰ্ষিকী অসম চাহ আন্তৰ্জাতিক সন্মিলন গুৱাহাটীত অনুষ্ঠিত কৰা হয়৷ ( the Bi-Centenary Assam Tea International Conference)  BATIC2024 নামেৰে জনাজাত এই সন্মিলনখন আয়োজন কৰাৰ মূল লক্ষ্য আছিল চাহৰ ওপৰত জ্ঞানৰ বিনিময় উপৰিও ভাৰতীয় আৰু বিশ্বৰ চাহ উদ্যোগৰ অংশীদাৰসকলৰ মাজত তথ্য বিনিময়ৰ বাবে এক মঞ্চ প্ৰদান কৰা।৩০ জানুৱাৰীত সন্মিলনৰ শেষৰ দিনা বিভিন্ন বিষয়বস্তুৰ ওপৰত আলোকপাত কৰি কেইখনো আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়, য’ত বিশ্বৰ ২৫খন দেশৰ  প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।চাহ উদ্যোগৰ ক্ৰেতা আৰু বিক্ৰেতাক নেটৱৰ্কিং, নিলাম, আৰু প্ৰদৰ্শনীৰ বাবে একত্ৰিত কৰি BATIC এ এটা গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে কাম…

Read More

নিউজডেক্স,২৯ জানুৱাৰী ২০২৪ :নাজিৰাৰ মেছাগড়ৰৰ চাওবিন্‌ ক্ষেত্ৰত বিগত ২৭জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা  শতবৰ্ষীয় বৰগোহাঞি বংশাৱলীৰ পূৰ্ণাংগ অধিৱেশনৰ আজি  শেষৰ দিনা পুৱাই অনুষ্ঠিত হয় এক বিশাল শোভাযাত্ৰা  । প্ৰতি দহ বছৰৰ মূৰে মূৰে আয়োজন কৰা হয় বৰগোহাঁই বংশাৱলী অনুষ্ঠান । ৰাজ্যৰ বিভিন্ন স্থানৰ উপৰিও দেশৰ অন্যান্য স্থানৰ পৰা উপস্থিত হয়হি বৰগোহাঁই বংশৰ বহু সংখ্যক লোক । আজি অন্তিম দিনটোত আহোম পৰম্পৰা তথা ৰীতি নীতি প্ৰতিফলিত কৰিব পৰাকৈ পুৱাই অনুষ্ঠিত হয় বিশাল শোভাযাত্ৰা । এই শোভাযাত্ৰাৰ পিছতেই অনুষ্ঠিত হয় মুকলি সভা।মুকলি সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে খ্যাতনামা বুৰঞ্জীবিদ পদ্মশ্ৰী যোগেন্দ্ৰ নাথ ফুকন, বিশিষ্ট সাংবাদিক ৰাজদীপ বাইলুং বৰুৱাকে  ধৰি  বহুকেইজন বিশিষ্ট…

Read More

নিউজডেক্স,২৮ জানুৱাৰী,২০২৪ :  আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, নাজিৰা আঞ্চলিক সমিতিৰ টকৌ আলিত অৱস্থিত কাৰ্যালয়ত এখনি উন্মোচনী সভা অনুষ্ঠিত হয়। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ শিৱসাগৰ জিলা সমিতিৰ সাংগঠনিক সম্পাদক তথা নাজিৰা আঞ্চলিক সমিতিৰ উপদেষ্টা ভাস্কৰ জ্যোতি মহন্তই আঁতৰাই উক্ত সভাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ  নাজিৰা আঞ্চলিক সমিতিৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক তথা অৱসৰী শিক্ষক বিজয় চন্দ্র বৰা, প্ৰাক্তন সতীৰ্থ তথা সমাজকৰ্মী ভৱানন্দ বড়া, দিলীপ গগৈ, অমৰিৎ শীল,নাজিৰা মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সভানেত্রী প্ৰিঞ্চি প্ৰিয়া দত্ত আৰু সাধাৰণ সম্পাদক বিকাশ হাজৰিকা অতিথি হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়াই মুখপত্ৰ “ অবিৰত যাত্ৰা”ৰ উন্মোচন কৰে। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ শিৱসাগৰ জিলা সমিতিৰ প্ৰাক্তন উপ-সভাপতি…

Read More