Subscribe to Updates
Get the latest creative news from FooBar about art, design and business.
- শিৱসাগৰত ৰেইনড্ৰপছ ইনাইটিভৰ প্ৰশংসনীয় পদক্ষেপ: বান সহাৰ্য,শ্ৰমদান আদিৰ পিছত শিশু গ্ৰন্থাগাৰ স্থাপন
- অসমৰ চেইল গেছ সন্দৰ্ভত আজিও ৰহস্যজনক ভাবে নিমাত অ এন জি চি: তথ্য গোপনৰ প্ৰচেষ্টাৰে নিদিয়ে আৰ টি আইৰ উত্তৰ
- আদালতৰ নিৰ্দেশ উপেক্ষা কৰি নাজিৰা চিকিৎসালয়ত বেদখল অব্যাহত: নীৰৱ প্ৰশাসন
- নাজিৰা নগৰৰ ঐতিহ্যমণ্ডিত চৰকাৰী সহাৰ্যপ্ৰাপ্ত চিকিৎসালয়খন চৰকাৰে বন্ধ কৰিব খোজাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া: মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী স্থানীয় ৰাইজৰ
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
Author: newshuntne
newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.
আগন্তুক লোক সভা নিৰ্বাচন, সন্দৰ্ভত নাগালেণ্ডৰ লংলেং জিলাৰ জিলা প্ৰশাসন আৰু শিৱসাগৰ জিলাৰ জিলা প্ৰশাসনৰ বৈঠক
নিউজডেক্স,২১ ফেব্ৰুৱাৰী,২০২৪: আগন্তুক লোক সভা নিৰ্বাচন, সন্দৰ্ভত আজি নাজিৰা মহকুমা অন্তৰ্গত শিঙিবিল বি.অ.পি’ত নাগালেণ্ডৰ লংলেং জিলাৰ জিলা প্ৰশাসন আৰু শিৱসাগৰ জিলাৰ জিলা প্ৰশাসনৰ এক বৈঠক অনুষ্ঠিত হয়। উক্ত বৈঠকত আগন্তুক লোক সভা নিৰ্বাচন দুইখন ৰাজ্যত যাতে শান্তিপূৰ্ণভাৱে নিয়াৰিকৈ অনুষ্ঠিত কৰিব পাৰি সেই সন্দৰ্ভত আলোচনা কৰা হয় । শিৱসাগৰ জিলাৰ জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱ, আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰা, অতিৰিক্ত জিলা আয়ুক্ত জাভেদ অৰ্মান , নাজিৰা মহকুমাৰ মহকুমাধিপাতি আয়ুষী জৈন, নাজিৰা নিৰ্বাচনী বিষয়া গায়ত্ৰী পাতিৰ, নাজিৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া জাহ্নৱী গোস্বামী, সহকাৰী আয়ুক্ত কল্যাণ জ্যোতি হাজৰিকা, নাজিৰা মহকুমাৰ আৰক্ষী বিষয়া তপন চন্দ্ৰ কলিতা, গেলেকী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অভিজিৎ…
নাজিৰাত অব্যাহত আছে অংগনবাড়ী কৰ্মী – সহায়িকাৰ প্ৰতিবাদ :সঞ্চালকালয়ৰ প্ৰস্তাৱ মতে মাননিৰ সলনি মজুৰি বৃদ্ধি কাৰ্যকৰী কৰাৰ দাবী
দিলীপ হাজৰিকা, নাজিৰা, ২১ফ্ৰেব্ৰুৱাৰী,২০২৪: যোৱা ১৫ ফেব্ৰুৱাৰীৰ পৰা সদৌ অসম অংগনবাড়ী কৰ্মী – সহায়িকা সন্থাৰ আহ্বান মৰ্মে নাজিৰা প্ৰকল্প সমিতিয়েও নাজিৰা মহকুমা প্ৰশাসনৰ কাৰ্যালয়ৰ সন্মূখত ধৰ্ণা – প্ৰতিবাদেৰে অসহযোগ কাৰ্যসূচী অব্যাহত ৰাখিছে । আজি এসপ্তাহে ৰাজ্যৰ অংগনবাড়ী কৰ্মী – সহায়িকা সকলৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ পিছতো চৰকাৰী পক্ষৰ কোনো সঁহাৰি নোপোৱাত প্ৰতিবাদী কাৰ্যসূচী অধিক তীব্ৰতৰ কৰাৰ হুংকাৰ দিয়াৰ লগতে আগন্তুক সকলো নিৰ্বাচনত ভোট দান বৰ্জন কৰিব বুলি কয় প্ৰতিবাদকাৰী অংগনবাড়ী কৰ্মী – সহায়িকা সকলে । সঞ্চালকালয়ৰ প্ৰস্তাৱ মতে মাননিৰ পৰিৱৰ্তে মজুৰি বৃদ্ধি কাৰ্যকৰী কৰা , মিনি অংগনবাড়ী কেন্দ্ৰ সমূহ পূৰ্ণাংগ কৰা , সহায়িকা সকলৰ বয়সৰ মাত্ৰা উঠাই দিয়া , বয়স আৰু…
নাজিৰাত চি পি আই অসম ৰাজ্য পৰিষদৰ সংবাদমেল : লোকসভা নিৰ্বাচনত দেশৰ মুঠ ৩৫ টা সংসদীয় সমষ্টিৰ লগতে অসমৰ যোৰহাট সমষ্টি দাবী
দিলীপ হাজৰিকা, নাজিৰা , ২১ ফেব্ৰুৱাৰী,২০২৪ :আজি নাজিৰাত চি পি আইৰ নাজিৰাস্থ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল অনুষ্ঠিত হয় । চি পি আইৰ অসম ৰাজ্য পৰিষদৰ সম্পাদক কনক গগৈয়ে সংবাদমেল সম্বোধন কৰি কয় , আগন্তুক লোকসভা নির্বাচনত চি পি আই ৰাষ্ট্রীয় পৰিষদে INDIA Alliance ত থাকি প্রতিদন্দ্বিতা কৰিবলৈ দেশৰ ১৭ খন বাজাৰ পৰা মুঠ ৩৫ টা সমষ্টি চিনাক্ত কৰিছে। ইয়াৰে অসমৰ যোৰহাট লোকসভা সমষ্টিটো চিনাক্ত কৰিছে। সেইমর্মে ৰাজ্য পৰিষদৰ সভাই চাৰিজনীয়া এখন প্রার্থীৰ পেনেল সর্বসম্মতিক্রমে গ্রহণ কৰি ৰাষ্ট্রীয় পৰিষদলৈ প্রেৰণ কৰে।সংবাদমেলত কনক গগৈয়ে লগতে কয় ,CAA চি পি আই পাটিয়ে পূর্বেও বিৰোধিতা কৰিছিল, বর্তমানেও বিৰোধিতা কৰে আৰু কেন্দ্রীয় গৃহমন্ত্রীয়ে লোকসভা নির্বাচনৰ…
নিউজডেক্স,২০ ফ্ৰেব্ৰুৱাৰী,২০২৪ : অসমত ২০২৩ চনৰ জানুৱাৰীৰ পৰা নৱেম্বৰলৈ মুঠ ৬৬৯৮টা দুৰ্ঘটনা সংঘটিত হোৱাৰ লগতে ৬৫% দুৰ্ঘটনাই দ্ৰুত বেগৰ বাবে সংঘটিত হোৱা বুলি পৰিবহণ বিভাগৰ এক সূত্ৰই প্ৰকাশ কৰিছে।সংবাদ মাধ্যমে লাভ কৰা তথ্যানুসৰি ২০২৩ চনৰ এপ্ৰিলৰ পৰা নৱেম্বৰৰ ভিতৰত ৰাজ্যখনত মুঠ ১,৫২,২৮১টা অতিৰিক্ত গতিবেগৰ গোচৰ পঞ্জীয়ন কৰা হৈছে আৰু অতিৰিক্ত গতিবেগৰ বাবে জৰিমনা হিচাপে প্ৰায় ৫.৭৩ কোটি টকা সংগ্ৰহ কৰা হৈছে।অসমত বৃদ্ধি পোৱা দুৰ্ঘটনা আৰু পথ সুৰক্ষা সন্দৰ্ভত যান-বাহন আৰক্ষী আৰু পৰিবহন বিভাগে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পিছতো জনসাধাৰণে প্ৰায়েই যান-বাহনৰ নীতি নিয়ম উলংঘা কৰে বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথত থকা গতি সীমা উলংঘা কৰা ধৰা পৰে বুলি পৰিবহণ বিভাগৰ এক সূত্ৰই…
নিউজডেক্স,২০ ফেব্ৰুৱাৰী,২০২৪ ; গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত মেঘা নিধি দাহালে অলপতে কয় যে চলিত বিত্তীয় বৰ্ষত গুৱাহাটী পৌৰ নিগমে ১০০ কোটিৰো অধিক বকেয়া সম্পত্তি কৰ সংগ্ৰহ কৰিব লাগিব। মহানগৰীৰ ভালেসংখ্যক কৰদাতাই বহু বছৰ ধৰি পৌৰ কৰৰ বাবদ ধন পৰিশোধ কৰা নাই।জিএমচিয়ে এনে কৰ ডিফল্টাৰৰ বিৰুদ্ধে ৫০খনতকৈও অধিক জাননী জাৰি কৰিছে। সময়মতে কৰ পৰিশোধ নকৰিলে তেওঁলোকৰ সম্পত্তি নিগমে জব্দ কৰিব বুলি দহালে জানিবলৈ দিয়ে। তেওঁ কয় যে যিসকলক জাননী দিয়া হৈছিল, তেওঁলোকে যদি ৩১ মাৰ্চৰ পূৰ্বে কৰ আদায় নিদিয়ে তেন্তে জিএমচিয়ে সেই ঘৰবোৰ দখল কৰি সেই ঘৰবোৰৰ মূল্যৱান সামগ্ৰী বিক্ৰী কৰি কৰ আদায় কৰিব।প্ৰায় ২ কোটি টকা কৰ হিচাপে আদায় কৰিবলগীয়া…
নিউজডেক্স,২০ ফেব্ৰুৱাৰী,২০২৪ :ৰাজস্থানৰ পৰা ৰাজ্যসভা নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতাত নিৰ্বাচিত হৈছে ছোনিয়া গান্ধীকে ধৰি তিনিওজন প্ৰাৰ্থীয়ে। এই তিনিজন সদস্যৰ ভিতৰত কংগ্ৰেছৰ ছোনিয়া গান্ধী আৰু বিজেপিৰ মদন ৰাথোদ আৰু চুন্নীলাল গৰাচিয়াক নিৰ্বাচিত ঘোষণা কৰা হৈছে৷ৰাজ্যসভাত ৰাজস্থানৰ ১০খন আসনৰ ভিতৰত ৩খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছে। এই তিনিখন আসনৰ ভিতৰত বিজেপিয়ে দুখন আসনৰ বাবে মদন ৰাথোদ আৰু চুন্নীলাল গৰাছিয়াক প্ৰাৰ্থী ৰূপে প্ৰক্ষেপ কৰাৰ বিপৰীতে কংগ্ৰেছে দলৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীক এখন আসনৰ বাবে প্ৰক্ষেপ কৰিছিল। ২০০ জনীয়া ৰাজস্থান বিধানসভাত চতুৰ্থজন প্ৰাৰ্থী নাছিল।২০ ফেব্ৰুৱাৰী মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন আছিল। আজি মনোনয়ন প্ৰত্যাহাৰৰ নিৰ্ধাৰিত সময় পাৰ হোৱাৰ পিছত ৰিটাৰ্ণিং অফিচাৰে তিনিওজন প্ৰাৰ্থীকে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত…
চৰকাৰ-কৃষক নেতাৰ আলোচনা: কেন্দ্ৰই নূন্যতম সমৰ্থন মূল্যত দালি, কুঁহিয়াৰ ক্ৰয় কৰাৰ ৫ বছৰীয়া পৰিকল্পনা প্ৰস্তাৱ
নিউজডেক্স,১৯ ফেব্ৰুৱাৰী,২০২৪ :কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে কয় যে কৃষকৰ সৈতে চুক্তিবদ্ধ হোৱাৰ পিছত চৰকাৰী সংস্থাসমূহে নূন্যতম সমৰ্থন মূল্যত পাঁচ বছৰৰ বাবে দালি, কুঁহিয়াৰ আৰু কপাহৰ শস্য ক্ৰয় কৰাৰ প্ৰস্তাৱ দিছে তিনিজন কেন্দ্ৰীয় মন্ত্ৰীৰ পেনেলে৷ দেওবাৰে ইয়াত মন্ত্ৰীসকলৰ সৈতে হোৱা বৈঠকৰ পিছত কৃষক নেতাসকলে কৈছিল যে তেওঁলোকে সোমবাৰ আৰু মঙলবাৰে তেওঁলোকৰ মঞ্চত চৰকাৰৰ প্ৰস্তাৱৰ বিষয়ে আলোচনা কৰিব, আৰু তাৰ পিছত, পৰৱৰ্তী পদক্ষেপৰ সিদ্ধান্ত ল’ব।কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী অৰ্জুন মুণ্ডা আৰু গৃহ পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ৰ সৈতে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী গোৱালে নূন্যতম সমৰ্থন মূল্যৰ আইনী নিশ্চয়তাকে ধৰি কৃষক নেতাসকলৰ দাবীক লৈ যোৱা দেওবাৰে চতুৰ্থ ৰাউণ্ডৰ আলোচনাত মিলিত হয় (MSP)…
ভাস্কৰজ্যোতি বৰগোহাঞি ,১৯ ফেব্ৰুৱাৰীঃনাজিৰাৰ বাট-পথৰ ক্ৰমোন্নতিৰ পৰিৱেশৰ মাজতে ১৩ ফেব্ৰুৱাৰীত পথ নিৰ্মাণকাৰী লোকনিৰ্মাণ বিভাগৰ উদ্যোগত ৰাজপথৰ জনচক্ষুৰ আগত তুলি ধৰা বাটৰ নাটৰ দৃশ্যই ৰাইজ আৰু পথাচাৰীৰ দৃষ্টি আকৰ্ষণ কৰে । এগৰাকী বিধৱাৰ সাজত নাট্য-চৰিত্ৰই দাঙি ধৰা উক্তিত পথ দুৰ্ঘটনাত স্বামীৰ মূৰ ফাটি নিহত হোৱাৰ কৰুণ পৰিণতিত পৰিয়াললৈ নামি অহা কাল অমানিশাৰ মৰ্মন্তুদ বৰ্ণনাই দৰ্শকক শোকাচ্ছন্ন কৰি তুলে । পত্নীক এৰি যোৱা স্বামীয়েও পত্নীৰ বুজনিৰ উৰ্দ্ধত মদ খাই গাডী় চলাই হেলমেট নিপিন্ধাকৈ দুৰ্ঘটনা সংঘটিত কৰে । নাটখনিৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰে পথ সুৰক্ষাৰ শ্ল’গান দি অহা সমদলকাৰীৰ সমুখতে আঢ্যৱন্ত পৰিয়ালৰ যুৱ বাইক চালকে মূৰত পিন্ধাৰ পৰিৱৰ্ত্তে হাততহে হেলমেট ওলোমাই লৈ…
নিউজডেক্স,১৭ ফেব্ৰুৱাৰী,২০২৪: ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই আজি ১৭ ফেব্ৰুৱাৰীত জিঅ’চিংক্ৰ’নাছ লঞ্চ ভেহিকেলত ইনছেট-৩ডিএছ বতৰ বিজ্ঞান উপগ্ৰহ সফলতাৰে উৎক্ষেপণ কৰে।শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা সন্ধিয়া ৫.৩৫ বজাত উৎক্ষেপণ কৰা হয় ২,২৭৪ কিলোগ্ৰাম ওজনৰ এই বতৰ বিজ্ঞানৰ উপগ্ৰহ INSAT-3DS।আজি ভাৰতৰ শেহতীয়া বতৰ উপগ্ৰহটো উৎক্ষেপণ কৰে ইছৰোৰ ‘নাটি বয়’ নামৰ ৰকেটে৷ এই GSLV-F14; INSAT-3DS ৰ মিছন লাইফ হৈছে ১০ বছৰ৷ এই উপগ্ৰহটোৱে ভাৰতীয় বতৰ বিজ্ঞান বিভাগ (আই এম ডি)কে ধৰি ভূ বিজ্ঞান মন্ত্ৰালয়ৰ অধীনৰ বিভিন্ন বিভাগক সেৱা আগবঢ়াব বুলি ইছৰোৱে জানিবলৈ দিয়ে।বতৰৰ পূৰ্বাভাস আৰু দুৰ্যোগ সতৰ্কবাণীৰ বাবে বতৰ আৰু সাগৰৰ পৃষ্ঠৰ বৰ্ধিত বতৰ পৰ্যবেক্ষণ আৰু নিৰীক্ষণৰ বাবে ডিজাইন কৰা হৈছে। এই উপগ্ৰহটোৱে…
বিশিষ্ট চিন্তাবিদ অৱনী বৰঠাকুৰৰ আশু আৰোগ্য কামনাৰে নাজিৰাবাসীৰ প্ৰাৰ্থনা : মছজিদত সমূহীয়া দোৱা : নামঘৰ – মন্দিৰত বন্তি প্ৰজ্বলনৰ সিদ্ধান্ত
দিলিপ হাজৰিকা :নাজিৰা:১৬ ফেব্ৰুৱাৰী :- নাজিৰাৰ সমাজ জীৱনৰ অভিভাৱক স্বৰপ,ৰাজ্যখনৰ বিশিষ্ট চিন্তাবিদ ,শিক্ষাবিদ তথা সাম্যবাদৰ অক্লান্ত সেনানী শ্ৰীযুত অৱণী বৰঠাকুৰ বৰ্তমান বাৰ্দ্ধক্যজনিত অসুখত ভূগি গুৱাহাটীত চিকিৎসাধীন হৈ আছে৷নাজিৰা মহাবিদ্যালয়ৰ অন্যতম প্ৰতিষ্ঠাপক অধ্যক্ষ অন্যায়- অনীতিৰ বিৰুদ্ধে সদা সৰৱ ৯০ উৰ্দ্ধৰ চিৰ তৰুণ অৱনী বৰঠাকুৰে নাজিৰাৰ লগতে গুৱাহাটীৰ ৰাজপথটো দ্ৰুত খোজেৰে সমাজ পৰিৱৰ্তনৰ গভীৰ আশাৰে বিভিন্ন সভা সমিতি আৰু সমদলত যোগদান কৰি নিজৰ যুক্তিপূৰ্ণ বলীষ্ঠ ভাষণেৰে ৰাইজক উৎসাহিত কৰি আহিছিল৷ নাজিৰাবাসীৰ অতি মৰমৰ “অৱনী ছাৰ”ৰ অসুস্থতাত উদ্বিগ্ন নাজিৰাবাসীয়ে তেখেতৰ আশু আৰোগ্য কামনা কৰাৰ লগতে আজি নাজিৰা নগৰৰ মছজিদ সমূহত জুম্মা নামাজৰ পিছত তেখেতৰ আৰোগ্য কামনাৰে পৰমপিতাৰ ওচৰত প্ৰাৰ্থনা কৰা হয় ৷বিয়লি নাজিৰা…

