Author: newshuntne

newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.

নিউজডেক্স, ৮ মাৰ্চ, ২০২৪ : আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ প্ৰাক ক্ষণত নাজিৰাৰ দিশা মহিলা সমিতিৰ উদ্যোগত  যোৱা ৭ মাৰ্চৰ বিয়লি নাজিৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা অঞ্জলী শৰ্মাক নাজিৰা নগৰৰ নিজা বাসগৃহত  সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় ।  ফুলাম গামোচাসহ সম্বৰ্দ্ধনা পত্ৰৰে আগবঢ়োৱা এই সন্মানত আনন্দ প্ৰকাশ কৰি বৰ্ষীয়ান শিক্ষাবিদ গৰাকীয়ে জ্ঞানৰ ব্যাপক প্ৰসাৰৰ দিনত নাৰীয়ে স্ব-জাগ্ৰত  ব্যক্তি সচেতনতা, আত্ম-সন্মান আৰু সামাজিক দায়ৱদ্ধতাক প্ৰদৰ্শনৰ লগতে নাৰীয়ে স্বাভিমান  বজাই ৰাখিবলৈ সক্ষম হ’ব লাগিব বুলি কোৱৰ লগতে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত সকলোৰে বোধগম্য হোৱা তাৎপৰ্য্যই দিৱসৰ নাৰীৰ প্ৰতি দায়িত্ব আৰু মৰ্য্যদাবোধ  তুলি ধৰা বুলি উল্লেখ কৰে । সম্পাদিকা সংগীতা বৰকটকীয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাত আমন্ত্ৰিত…

Read More

নিউজডেক্স,৬ ফ্ৰেব্ৰুৱাৰী,২০২৪ : নাজিৰা পৌৰসভাৰ চাফাই কৰ্মীসকলৰ দ্বাৰা আজি মহাশিৱৰাত্ৰী উপলক্ষে চাফাই অভিযান চলোৱা হয়। নাজিৰাৰ ঐতিহাসিক বৰবৰুৱা পুখুৰী পাৰকে ধৰি বিভিন্ন স্থানত এই চাফাই  কৰ্ম কৰা হয়। এই চাফাই অভিযানত নাজিৰাৰ ২ নং ৱাৰ্ডৰ  পাৰিষদ গিতাঞ্জলি দত্তকে ধৰি কেইবাজনো পৌৰকৰ্মী উপস্থিত থাকে৷

Read More

নিউজডেক্স,৫ মাৰ্চ, ২০২৪ :ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীৰ নেৰ্তৃত্বত অসমত কৰা ভাৰত জোড় ন্যায় যাত্ৰাৰ সময়ত ৰাজহুৱা সম্পত্তি ধ্বংস কৰাৰ অভিযোগ তুলি চৰকাৰৰ নিৰ্দেশত চি  আই ডিয়ে গোচৰ ৰুজু কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লগতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক চমন জাৰি কৰিছে । দেৱব্ৰত শইকীয়াই কালিলৈ অৰ্থাৎ  ৬ মাৰ্চত চি আই ডিৰ আদালতত দিনৰ ১১বজাত  হাজিৰ হ’ব বুলি আজি নাজিৰাত সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে  ।

Read More

নিউজডেক্স,৫ মাৰ্চ,২০২৪ : অসম চৰকাৰৰ “বিকাশ যাত্ৰা”ৰ অংশ স্বৰূপে আজি নাজিৰা বিধান সভা সমষ্টিৰ অন্তৰ্গত চৰাইদেউ মৈদাম ক্ষেত্ৰ আৰু মেকিপুৰ পূজা ফিল্ডত অসম চৰকাৰৰ শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যান বিভাগৰ মন্ত্ৰী  ডা: ৰনোজ পেগু ডাঙৰীয়া উপস্থিত থাকি কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ শিলান্যাস কৰে। এই প্ৰকল্প সমূহে শিক্ষাৰ ক্ষেত্রত নতুন বাট মুকলি কৰাৰ লগতে বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নত কৰাত সহায় কৰিব বুলি মন্ত্ৰী গৰাকীয়ে নিজৰ ভাষণত উল্লেখ কৰে। প্ৰকল্পসমূহ হৈছে:- লেঙিবৰ চাহ বাগিচা বিদ্যালয়ৰ নতুন ভৱনৰ শিলান্যাস,  দ’লবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱনৰ শিলান্যাস ,  লক্ষ্মীজান চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ নতুন ভৱনৰ শিলান্যাস,  হাতীপট্টি উচ্চ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱনৰ  আৰু নাজিৰা…

Read More

দিলিপ হাজৰিকা, ৫ ফ্ৰেব্ৰুৱাৰী,২০২৪ :  কা'(CAA) বিৰোধী প্ৰতিবাদেৰে পুনৰ উত্তাল হ’ল নাজিৰা মহকুমাধিপতি কাৰ্যালয়ৰ চৌহদ। “কা”ৰ বিৰোধীতাৰে  নাজিৰা মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত আজি ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ শিৱসাগৰ জিলা সমিতিয়ে।অৰ্ধ শতাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে প্লেকাৰ্ড লৈ বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে নাজিৰা মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখ উত্তাল কৰি তোলে । ধৰ্ণাস্থলীৰ পৰাই কা'(CAA) বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ শিৱসাগৰ জিলা সমিতিয়ে নাজিৰা মহকুমাধিপতিৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতি লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

Read More

নিউজডেক্স, ৫ ফ্ৰেব্ৰুৱাৰী,২০২৪ : বহু প্ৰত্যাশিত লোকসভা ২০২৪ নিৰ্বাচনৰ তাৰিখ ১৪ বা ১৫ মাৰ্চত ঘোষণা হোৱাৰ সম্ভাৱনা আছে।২০১৯ চনৰ দৰে এইবাৰো সাতটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব পাৰে আৰু এপ্ৰিল মাহৰ দ্বিতীয় সপ্তাহত প্ৰথম পৰ্যায়ৰ ভোটদান হ’ব পাৰে বুলি এক বিশেষ সূত্ৰই দেশৰ আগশাৰীৰ এক সংবাদ প্ৰতিষ্ঠানক অৱগত কৰাৰ কথা প্ৰকাশিত হৈছে ৷ আনহাতে অহা ১৪ মাৰ্চৰ পৰা আদৰ্শ আচৰণ বিধি বলবৎ হোৱাৰ সম্ভাৱনা আছে।লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত শীঘ্ৰে সংবাদমেল অনুষ্ঠিত কৰিব পাৰে নিৰ্বাচন আয়োগে। সূত্ৰৰ তথ্য অনুসৰি অহা সপ্তাহৰ যিকোনো দিনতে নিৰ্বাচন আয়োগে লোকসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিব পাৰে। বৰ্তমান আয়োগে সাধাৰণ নিৰ্বাচনৰ প্ৰস্তুতিৰ মূল্যায়নৰ বাবে বহু ৰাজ্য ভ্ৰমণ কৰি আছে।…

Read More

দিলিপ হাজৰিকা, ৪ মাৰ্চ, ২০২৪ :আজি নাজিৰা আদৰ্শ আৰক্ষী থানাৰ অন্তৰ্গত লিগিৰী পুখুৰীত এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি  হয় । নাজিৰা মহকুমা অসামৰিক চিকিৎসালয়ৰ নিৰ্মীয়মাণ পকী গৃহৰ যোগালী হিচাপে কৰ্মৰত উত্তৰ প্ৰদেশৰ চুমিত নামৰ যুৱকজনক যোৱা নিশা কোনো দুবৃৰ্ত্তই দাৰে বুকু , মূৰ আৰু ডিঙীত  ঘপিয়াই অতি নৃশংস ভাৱে হত্যা কৰি সমীপৰ  হনুমানবাগ চাহ বাগিচাৰ ৩ নং বি লাইনৰ নলাত পেলাই থয় । আজি পুৱা এগৰাকী মহিলাই বাগিচাৰ কাম কৰিবলৈ অহাৰ সময়ত ডিঙি ছিগি নলাত পৰি থকা মৃতদেহটো দেখি চিঞৰি  চিঞৰি অচেতন হৈ পৰাত লগে লগে  মহিলা গৰাকীক বাগিচাৰ মহৰি  আৰু শ্ৰমিকে চিকিৎসালয়লৈ নিয়াৰ লগতে নাজিৰা আদৰ্শ…

Read More

নিউজডেক্স, ৪ মাৰ্চ,২০২৪ :যোৱা  ৩ মাৰ্চত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে দিল্লীত “ হজ সুবিধা এপ” মুকলি কৰে যিয়ে হজ  যাত্ৰী সকলক  প্ৰশিক্ষণ মাপাংক, বিমানৰ বিৱৰণ, আৰু থকাৰ ব্যৱস্থাৰ দৰে গুৰুত্বপূৰ্ণ সেৱাসমূহৰ প্ৰত্যক্ষ তথ্য আৰু সেৱা  প্ৰদান কৰিব।সংখ্যালঘু পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী জন বাৰ্লাৰ উপস্থিতিত নতুন দিল্লীৰ বিজ্ঞান ভৱনত হজ ২০২৪ৰ প্ৰস্তুতিৰ অংশ হিচাপে ইৰাণীয়ে দুদিনীয়া প্ৰশিক্ষক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন কৰে।বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৫০ জনতকৈ অধিক প্ৰশিক্ষকে  অংশগ্ৰহণ কৰা  এই প্ৰশিক্ষকৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ মূল উদ্দেশ্য হৈছে হজ যাত্ৰী সকলক  অধিক প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে প্ৰশিক্ষকসকলক সংবেদনশীল  শিক্ষা প্ৰদান কৰা, যাতে তীৰ্থযাত্ৰীসকলে  পৰিপূৰ্ণ অভিজ্ঞতা লাভ কৰে আৰু তীৰ্থযাত্ৰাৰ বিভিন্ন দিশৰ প্ৰতি…

Read More

নিউজডেক্স,৩ মাৰ্চ,২০২৪ : আজি সমগ্ৰ বিশ্বতে উদযাপন কৰা হৈছে বিশ্ব বন্যপ্ৰাণী দিৱস ৷ ২০১৩ চনৰ ২০ ডিচেম্বৰত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৬৮ সংখ্যক অধিবেশনত থাইলেণ্ডে বন্যপ্ৰাণী আৰু উদ্ভিদৰ বিপন্ন প্ৰজাতিৰ বাণিজ্য সম্পৰ্কীয় আন্তৰাষ্ট্ৰীয় সন্মিলনত ৩ মাৰ্চক বিশ্ব বন্যপ্ৰাণীদিৱস  হিচাপে ঘোষণা কৰিবলৈ আহ্বান জনোৱাৰ পিছৰ পৰা ৰাষ্ট্ৰসংঘই প্ৰতি বছৰে ৩ মাৰ্চ দিনটো বিশ্ব বন্যপ্ৰাণী দিৱস ৰূপে পালন কৰি আহিছে৷ ২০১৪ চনত প্ৰথম বিশ্ব বন্যপ্ৰাণী দিৱস পালন কৰা হৈছিল। এই দিৱস উদযাপনৰ উদ্দেশ্য হৈছে সমগ্ৰ বিশ্বৰ জীৱ-জন্তু সংৰক্ষণ কৰা। এইবাৰ ‘বিশ্ব বন্যপ্ৰাণী দিৱস’ৰ বিষয়বস্তু হৈছে ‘মানুহ আৰু গ্ৰহৰ সংযোগ : বন্যপ্ৰাণী সংৰক্ষণত ডিজিটেল উদ্ভাৱনৰ অন্বেষণ’। বিশ্ব বন্যপ্ৰাণী দিৱস  উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে…

Read More

নিউজডেক্স,  ২ মাৰ্চ, ২০২৪ :  হৰিনামৰ ধ্বনিৰে আজি মুখৰিত হ’ল শিৱসাগৰ হাঁহচৰা হাতিমূৰীয়া চুকৰ নামঘৰ প্ৰাংগণ। পুৱাৰেই পৰা বিভিন্ন কাৰ্য্যসূচীৰ মাজেৰে অনুষ্ঠিত হৈছে  গাওঁ খনৰ বাৰ্ষিক কৰ্ম।  শিৱসাগৰ হাঁহচৰাৰ ৰাইলুং চেতিয়া গাঁৱৰ হাতিমূৰীয়া চুক নামঘৰত পুৱা পৰা ঊষা কীৰ্তন, পতাকা উত্তোলনৰ লগতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। গাঁওখনৰ শতাধিক লোকে ভাগৱত ভ্ৰমণ কাৰ্যসূচীত অংশ লৈ  ভক্তিৰসত বুৰ যোৱা পৰিলক্ষিত হয়। দিনত নাম প্ৰসংগৰ পাছতে  সন্ধিয়ালৈ স্থানীয় ৰাইজৰ দ্বাৰা।স্থানীয় ৰাইজৰ দ্বাৰা  “হৰিচন্দ্ৰ উপাখ্যান” ভাওনা প্ৰদৰ্শন কৰা হ’ব ৷

Read More