Subscribe to Updates
Get the latest creative news from FooBar about art, design and business.
- অসমৰ চেইল গেছ সন্দৰ্ভত আজিও ৰহস্যজনক ভাবে নিমাত অ এন জি চি: তথ্য গোপনৰ প্ৰচেষ্টাৰে নিদিয়ে আৰ টি আইৰ উত্তৰ
- আদালতৰ নিৰ্দেশ উপেক্ষা কৰি নাজিৰা চিকিৎসালয়ত বেদখল অব্যাহত: নীৰৱ প্ৰশাসন
- নাজিৰা নগৰৰ ঐতিহ্যমণ্ডিত চৰকাৰী সহাৰ্যপ্ৰাপ্ত চিকিৎসালয়খন চৰকাৰে বন্ধ কৰিব খোজাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া: মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী স্থানীয় ৰাইজৰ
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
Author: newshuntne
newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.
চিকিৎসকৰ হেমাহিত শিশুৰ মৃত্যুৰ অভিযোগ : জীৱনক লৈ হেতালি খেলা ডাক্তৰ সুশীল কেডিয়াক নাকি লগাব কোনে
নিউজডেক্স,২৮ জানুৱাৰী,২০২৪ : ৰাজ্যত সৰ্বোন্নয়নৰ ফটাঢোল বজোৱা চৰকাৰৰ নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই এতিয়াও একাংশ দানৱ ৰূপী চিকিৎসকে বহুতো কণমানি শিশুক গিনিপিগ ৰূপে ব্যৱহাৰ কৰাৰ ফলশ্ৰুতিত ৰাজ্যখনত নিতৌ অগণন শিশুৰ মৃত্যু হ’ব ধৰিছে৷ ৰাজ্যখনত শিশুৰ মৃত্যুৰ হাৰ ১৩% হ্ৰাস পাইছে বুলি অসম ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে প্ৰকাশ কৰিছে যদিও একাংশ বেচৰকাৰী চিকিৎসকৰ স্বাৰ্থপৰ বেপেৰুৱা মনোভাব তথা লুণ্ঠণকাৰী স্বভাবৰ বাবেই আজিও শিশুৰ মৃত্যু হ’বলগীয়া কথাই এনে চিকিৎসকৰ ওপৰত চৰকাৰৰ নিয়ন্ত্ৰণ হীনতাকেই প্ৰতীয়মান কৰিছে৷ শিৱসাগৰত নিজৰ আত্মীয়ৰ নামত জীৱনদায়িনী ঔষধৰ ৰমৰমীয়া বেহা চলোৱা আৰু তথাকথিত“ শিশু বিশেষজ্ঞ” ৰূপে শিৱসাগৰৰ ’সম্প্ৰীতি নাৰ্ছিং হ’ম’ নামৰ ব্যক্তিগত চিকিৎসালয় খনত কৰ্মৰত ডাঃ সুশীল কেডিয়া নামৰ চিকিৎসক জনৰ গাফিলতিত…
নাজিৰাৰ মেছাগড়ত তিনিদিনীয়াকৈ অনুস্থিত হৈছে শতবৰ্ষীয় বৰগোহাঞি বংশাৱলীৰ পূৰ্ণাংগ অধিৱেশন।
নিউজডেক্স,২৮ জানুৱাৰী,২০২৪ : সদৌ বৰগোহাঞি বংশাৱলীৰ উদ্যোগত মেছাগড়,মাদুৰি আৰু মঠিয়াছিগাবাসী ৰাইজৰ সহযোগত তিনিদিনীয়াকৈ নাজিৰাৰ মেছাগড়ৰ চাওবিন্ ক্ষেত্ৰত অনুষ্ঠিত হৈছে বৰগোহাঞি বংশাৱলীৰ শতবৰ্ষীয় পূৰ্ণাংগ অধিৱেশন। বৰগোহাঞি বংশধৰৰ উমৈহতীয়া অনুষ্ঠান সদৌ বৰগোহাঞি বংশাৱলীৰ যোগেদি একত্ৰিত হৈ বংশধৰ সকলে নিজৰ বংশৰ পৰিচয়,কৰ্মনিৰ্দ্ধাৰণেৰে নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে বংশাৱলী অনুষ্ঠিত কৰি আহিছে। নাজিৰাৰ মেছাগড়ৰৰ চাওবিন্ ক্ষেত্ৰত ২৭জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে এই শতবৰ্ষীয় বৰগোহাঞি বংশাৱলীৰ।পূৰ্ণাংগ অধিৱেশনৰ সৈতে সংগতি ৰাখি নাজিৰাৰ মেছাগড়ৰৰ চাওবিন্ ক্ষেত্ৰত অনুষ্ঠিত হৈছে বিভিন্ন বৰ্ণাঢ্য কাৰ্য্যসূচী,বংশলতিকা আৰু স্মৃতিগ্ৰন্থ উন্মোচনী সভা,প্ৰতিনিধি সভাকে আদি কৰি জনগোষ্ঠীয় সাজপাৰ মেলা,জনগোষ্ঠীয় খাদ্য মেলা। অহা ২৯জানুৱাৰীত সামৰণি পৰিব এই শতবৰ্ষীয় বৰগোহাঞি বংশাৱলীৰ পূৰ্ণাংগ অধিৱেশন।
নাজিৰা মহকুমা প্ৰশাসনৰ উদ্যোগত নাজিৰা ক্ৰীড়া সন্থাৰ খেলপথাৰত ৭৫সংখ্যক গণৰাজ্য দিৱস উদ্যাপন
নিউজডেক্স,২৬ জানুৱাৰী,২০২৪ :ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নাজিৰাৰ ক্ৰীড়া সন্থাৰ খেলপথাৰতো নাজিৰা মহকুমা প্ৰশাসনৰ উদ্যোগত উলহ মালহেৰে উদ্যাপন কৰা হয় ৭৫সংখ্যক গণৰাজ্য দিৱস।নাজিৰা মহকুমা প্ৰশাসনৰ উদ্যোগত আজি নাজিৰাৰ ক্ৰীড়া সন্থাৰ খেলপথাৰত উদ্যাপিত ৭৫সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে নাজিৰা মহকুমাধিপতি আয়ুসী জৈনে।৭৫সংখ্যক গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি নাজিৰাৰ ক্ৰীড়া সন্থাৰ খেলপথাৰত স্কাউট গাইডকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত কৰা হয়।
নাজিৰাত পুনৰ সাংবাদিকক আক্ৰমণৰ ঘটনা: এইবাৰ আক্ৰমণৰ ঘটনাৰ বলি হ’ল NB নিউজৰ নাজিৰাৰ সাংবাদিক সৌৰভ কোঁচ।
নিউজডেক্স,২৪ জানুৱাৰী,২০২৪ :নাজিৰাৰ NB Newsৰ সাংবাদিক সৌৰভ কোঁচক যোৱানিশা প্ৰায় এক বজাত নিজ ঘৰৰ সন্মুখতে দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰি প্ৰাণে মৰাৰ চেষ্টা কৰাৰ লগতে তেওঁৰ বাসগৃহ জ্বলাই দিয়াৰ ভাবুকি দি ঘৰৰ পৰ্দা জ্বলাই দিয়ে । ঘটনাৰ কিছু সময় পিছতেই স্থানীয় শিমলুগুৰি আৰক্ষীক সাংবাদিক গৰাকীয়ে অৱগত কৰাৰ পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত সাংবাদিক গৰাকীক নাজিৰা লিগিৰীপুখুৰী চিকিৎসালয়ত প্ৰাৰ্থমিক চিকিৎসা কৰাৰ পিছত উন্নত চিকিৎসাৰ বাবে শিৱসাগৰ জয়সাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। তেওঁ বৰ্তমান জয়সাগৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
নাজিৰাৰ চকীমুখত ৰেচন কাৰ্ড বিতৰণৰ আনুষ্ঠানিক কাৰ্যসূচীত অংশগ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
নিউজডেক্স,২৪ জানুৱাৰী,২০২৪ : আজি শিৱসাগৰ জিলাৰ ৯৭নং নাজিৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত চকীমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয়। অসম চৰকাৰৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ “পৰিপুষ্ট সমাজৰ দিশে অবিৰত যাত্ৰা অসম চৰকাৰৰ আন এক প্ৰতিশ্ৰুতি পূৰণ”ৰ শ্লগান লৈ অসমৰ বিভিন্ন প্ৰান্তৰ দৰে নাজিৰাতো ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৯৭নং নাজিৰা বিধান সভা সমষ্টিত আজি ৩৪হাজাৰ ৫ শ ৮৪ গৰাকী নতুন হিতাধিকাৰীৰ মাজত ৮ হাজাৰ ৪১১ খন নতুন ৰেচন কাৰ্ড বিতৰণ কৰা হয়।
নিউজডেক্স,২০ জানুৱাৰী,২০২৪ : অহা ২২ জানুৱাৰীত অযোধ্যাত ৰাম লাল্লাৰ মূৰ্তিৰ অভিষেক অনুষ্ঠান অনুষ্ঠিত হ’ব য’ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।২২ জানুৱাৰীত ৰাম লল্লাৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে দেশজোৰা উদযাপনৰ পূৰ্বে ২০ জানুৱাৰীত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে সংবাদ মাধ্যমক কোনো ধৰণৰ ভুৱা বা হেতালি খেলা, পৰীক্ষা নকৰা, উচটনিমূলক বা সাম্প্ৰদায়িক সম্প্ৰীতি তথা জনশৃংখলা বিঘ্নিত কৰিব পৰা কোনো বিষয়বস্তু প্ৰকাশ বা টেলিকাষ্টৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ বা নিৰ্দেশ জাৰি কৰে। প্ৰাণ প্ৰতিষ্ঠা’ৰ বাবে মাত্ৰ কেইঘণ্টামান বাকী থকা অৱস্থাত বৰ্তমান অযোধ্যা উৎসৱমুখৰ হৈ পৰিছে ৷ সংবাদ মাধ্যম তথা ডিজিটেল মিডিয়া আৰু ছ’চিয়েল মিডিয়া প্লেটফৰ্মত বাতৰি কাকত, টিভি নিউজ চেনেলৰ বাতৰি…
শিৱসাগৰ বকতাত আপুৰুগীয়া ঢেঁকীয়া ফুল উদ্ধাৰ : বাৰীত বাঁহ কাটিবলৈ যাওঁতে উদ্ধাৰ হয় এই ঢেকীয়া ফুল।
নিউজডেক্স, ২০ জানুৱাৰী,২০২৪ :শিৱসাগৰ জিলাৰ বকতা কৰঙা গাৱঁৰ ৰূপকুমাৰ ৰাজখোৱাৰ বাৰীত ওলাইছে ইপাহৰ পাছত সিপাহ ঢেঁকীয়াফুল ৷ মাঘ বিহুৰ ভেলাঘৰ বনাবলৈ বাঁহ কাটিবলৈ যাওঁতে দেখা পাই দুপাহ ফুল ৷ এই খৱৰ জানিব পাৰি বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকৰ কেমেৰাত বন্দী হ’ল আৰু আন দুপাহ ঢেঁকীয়াফুল ৷ এই আপুৰুগীয়া ঢেকীয়া ফুল উদ্ধাৰ কৰি ধুপ-চাকি জ্বলাই সযতনে ৰাখিছে গৃহস্থই। এনে ঘটনাই সমগ্ৰ অঞ্চলটোতে কৌতূহলৰ সৃষ্টি কৰিছে ৷
নিউজডেক্স,১৭ জানুৱাৰী,২০২৪ : আজি শিল্পী দিৱসৰ দিনাই অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে ২০২৩-২৪ বৰ্ষৰ শিল্পী পেঞ্চন ঘোষণা কৰিছে৷ৰাজ্যখনৰ কলা-সংস্কৃতি জগতৰ ৬২ গৰাকী শিল্পীলৈ আগবঢ়োৱা হৈছে শিল্পী পেঞ্চন। চৰকাৰে ঘোষণা কৰা শিল্পী পেঞ্চনৰ তালিকা অনুসৰি ০২৩ – ২৪ বৰ্ষৰ বাবে শিল্পী পেঞ্চন লাভ কৰা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ শিল্পীসকল হ’ল : ১) ৰজনী পাটগিৰি ( ৭৫ বছৰ, বজালী ) : সংগীত, নৃত্য ২) ভগীৰাম দাস ( ৭৭ বছৰ, বজালী ) : সুকনান্নী ওজাপালি ৩) উত্তম বৰ্মণ ( ৭২ বছৰ, বজালী ) : লোকগীতৰ শিল্পী ৪) পদ্মধৰ বসুমতাৰী ( ৭৬ বছৰ, বাক্সা ) : কণ্ঠশিল্পী ৫) অচ্যুত ওজা ( ৭৯ বছৰ, বৰপেটা )…
নাজিৰাৰ মেজেঙ্গাস্থিত চেইন্ট পিটাৰ্চ বিদ্যালয়ত চিত্ৰকলা – হস্তকলা আৰু বিজ্ঞান প্ৰদৰ্শনী
নিউজডেক্স,১২ জানুৱাৰী,২০২৪ :নাজিৰাৰ মেজেঙ্গাস্থিত ইংৰাজী মাধ্যমৰ আগশাৰীৰ শিক্ষানুষ্ঠান চেইন্ট পিটাৰ্চ বিদ্যালয়ত আজি ছাত্ৰ – ছাত্ৰী সকলৰ দ্বাৰা চিত্ৰকলা , হস্তকলা আৰু বিজ্ঞানৰ প্ৰদৰ্শনী আয়োজন কৰা হয়। দ্বিতীয় বাৰৰ বাবে আয়োজিত এই প্ৰদৰ্শনীত ছাত্ৰ – ছাত্ৰী সকলৰ হাতৰ পৰশত উদ্ভাৱিত হোৱা বিজ্ঞান প্ৰদৰ্শনীত প্ৰায় ২০০ জন ছাত্ৰ-ছাত্ৰী,চিত্ৰকলাত প্ৰায় ১৫০ জন ছাত্ৰ-ছাত্ৰী আৰু হস্তকলাত প্ৰায় ১৫০ জন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । এই প্ৰদৰ্শনীত অংশগ্ৰহণ কৰি বিজয়ী হোৱা ছাত্ৰ – ছাত্ৰীসকলৰ উৎসাহিত কৰাৰ উদ্দেশ্যে প্ৰদান কৰা হ’ব পুৰস্কাৰ।এনেধৰণৰ কাৰ্যসূচীৰ জৰিয়তে ছাত্ৰ – ছাত্ৰী সকলৰ প্ৰতিভা বিকাশৰ লগতে মানসিক আৰু বৌদ্ধিক উৎকৰ্ষ সাধনত সহায়ক হ’ব বুলি আশা ব্যক্ত কৰিছে বিদ্যালয়ৰ শিক্ষক – শিক্ষয়িত্ৰী আৰু…
অথলে গল নেকি ৰাইজৰ প্ৰতিবাদ : আৰ- টি- আই ৰ উত্তৰত উদ্ভাসিত হ’ল প্ৰকৃত তথ্য: বৰ্দ্ধিত পৌৰ কৰৰ সিদ্ধান্তই বৰ্তি থাকিল নাজিৰা পৌৰ সভাত
নিউজডেক্স,০৯ জানুৱাৰী,২০২৪: অস্বাভাৱিক হাৰত পৌৰকৰ বৃদ্ধিৰ সন্দৰ্ভত নাজিৰা নগৰত বহু দিন ধৰি তীব প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে নাজিৰাৰ নাগৰিক সকলে বিগত ২০২৩ চনৰ ৫ মাৰ্চত নাজিৰা নাট্য মন্দিৰৰ প্ৰাংগণত এক বৃহৎ ৰাজহুৱা সভা অনুষ্ঠিত কৰি অসমৰ মুখ্যমন্ত্ৰী, পৌৰ প্ৰশাসন মন্ত্ৰী আৰু পৌৰ কৰ্তৃপক্ষক এই কৰ বৃদ্ধিৰ প্ৰস্তাৱ প্ৰত্যাহাৰৰ দাবীত স্মাৰকপত্ৰ পত্ৰ প্ৰদান কৰাৰ পিছত গত বৰ্ষৰ ২৭ এপ্ৰিলত নাজিৰা পৌৰসভাই ৫% পৌৰকৰ বৃদ্ধি কৰি বিভিন্ন ক্ষেত্ৰত ৰেহাই প্ৰদানৰ দ্বাৰা মুঠ ২’৫% হাৰত পৌৰকৰ বৃদ্ধিৰ প্ৰস্তাৱেৰে নাজিৰা নাট্য মন্দিৰত এক ৰাজহুৱা সভাৰ আয়োজন কৰিছিল৷নাজিৰাৰ পৌৰ সভানেত্ৰী বৰ্ণালী চেতিয়াৰ পৌৰাহিত্যত অনুষ্ঠিত হোৱা উক্ত সভাত কাৰ্যবাহী বিষয়া প্ৰিতম গগৈ , ৱাৰ্ড পাৰিষদ সকলৰ…

