Author: newshuntne

newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.

নিউজ ডেক্স, ৭ জুলাই,২০২৩ :কৃত্ৰিম বানৰ কবলত গেলেকীৰ এখন শতবৰ্ষ অতিক্ৰম কৰা নাজিৰা  প্ৰাথমিক বিদ্যালয় ৷বিপদ সংকূল অৱস্থাত অধ্যয়ন কৰে এই বিদ্যালয়ৰ কণ -কণ ছাত্ৰ ছাত্ৰী আৰু শিশু সকল।বৰষুণ দিলেই অভিভাৱক সকল চিন্তিত হৈ পৰে ৷  এই বিদ্যালয়তে অধ্যয়ন কৰা এগৰাকী প্ৰাক্তন ছাত্ৰ তথা অৱসৰ প্ৰাপ্ত শিক্ষক আব্দুল হেলিমে অসম চৰকাৰক এই বিদ্যালয় খনৰ প্ৰতি  সুদৃষ্টি দিবলৈ আৰু উন্মুক্ত বিদ্যালয় খনৰ চৌহদত পকী বেৰৰ ব্যৱস্থা কৰিবলৈ সংবাদ মাধ্যমৰ যোগেদি চৰকাৰক আহ্বান জনায়।

Read More

নিউজ ডেক্স, ১০ জুন, ২০২৩:  বিতৰ্কৰ অন্তত মুক্তি পোৱা শ্ৰীৰঘুপতিয়ে বৰ্তমান সময়ত  সমাদৰ লাভ কৰিছে  বহুজন দৰ্শকৰ মাজত । ব্যতিক্ৰম নহয় নাজিৰা বোলছবিৰ  পৰিৱেশ । পুৱাৰে পৰা দিঘলীয়া শাৰী দৈখিবলৈ পোৱা গৈছে নাজিৰা বোলছবি  গৃহত । শ্ৰী ৰঘুপতি মুক্তিৰ প্ৰথমটো  দিনৰে পৰা নাজিৰা বোলছবিত অসমীয়া ছবি খন চাবলৈ ভিৰ কৰিছে বহুজন দৰ্শকে  । ছবি খন চাবলৈ অহা দৰ্শক সকলে সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰি কয় যে , ৰঘুপতি এখন সুন্দৰ আৰু উপভোগ্য অসমীয়া ছবি; ৰঘুপতি উপভোগ কৰি  দক্ষিণৰ ছবি উপভোগ কৰাৰ দৰেই মাদকতা লাভ কৰিছে সৰ্বস্তৰৰ ৰাইজে । এনেদৰে অসমৰ ভিন্ন প্ৰান্তৰ ছবি গৃহ সমূহৰ সমান্তৰালকৈ নাজিৰা বোলছবিতো অসমীয়া…

Read More

নিউজ ডেক্স, ৫ জুন, ২০২৩ :  গেলেকী কমলাবাৰীত বিশ্ব পৰিবেশ দিৱস উদযাপন :দ্বিশতাধিক ভীমকল গছ ৰোপন নাজিৰাৰ গেলেকীৰ কমলাবাৰীত আজি দিনজোৰা কাৰ্যসূচীৰে বিশ্ব পৰিবেশ দিৱস উদযাপন কৰা হয়। গাৰোপৱন যৌথ বন পৰিচালনা সমিতিৰ উদ্যোগত আয়োজিত অনুষ্ঠানটোত শিৱসাগৰ জিলাৰ মাননীয় উপায়ুক্ত আদিত্য বিক্ৰম যাদৱ উপস্থিত থাকি ভাষণ প্ৰসঙ্গত পৰিৱেশ উন্নয়ণ আৰু প্ৰদূষণ মুক্ত কৰি ৰখাৰ বাবে প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰাৰ ওপৰত গুৰুত্ব দিয়ে। সভাত নাজিৰা মহকুমাৰ মহকুমাধিপতি আয়ুষী জৈন উপস্থিত থাকি প্লাষ্টিক পুৰ্নব্যৱহাৰৰ বাবে মহকুমা প্ৰশাসনে আৰম্ভ কৰা চাৰ্প কাৰ্যসূচীৰ বিষয়ে অৱগত কৰে। কমলাবাৰীৰ মুখ্য প্ৰতিষ্ঠাপক বনবন্ধু নিৰণ গগৈয়ে সভাৰ আদৰণী ভাষণ আগবঢ়ায়। অ’এনজিচিৰ জিএম শান্তনু মেদক, বন বিভাগৰ এচিএফ বুবুল…

Read More

নিউজ ডেক্স, ৪ জুন, ২০২৩:  নাজিৰাৰ নগৰৰ নাজিৰা ৰাজহুৱা শ্মশান শান্তিবনত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি শ্মশান পৰিচালনা সমিতিৰ উদ্যোগত আজি এক গছ পুলি ৰোপন কাৰ্যসূচী ৰূপায়ন কৰা হয়।গছ পুলি ৰোপন কাৰ্যসূচীৰ লগতে নাজিৰাৰ ৰাজহুৱা শ্মশান শান্তিবনৰ উন্নয়নৰ ক্ষেত্ৰত লʼবলগা পদক্ষেপৰ বিষয়ে ও আলোচনা কৰা হয়।উক্ত সভাত নাজিৰাৰ শ্মশান উন্নয়ন কমিটিৰ বিষয়ববীয়া সকলৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি আৰু ৰাইজে অংশগ্ৰহণ কৰে।

Read More

নিউজ ডেক্স, ৪জুন, ২০২৩ :  আজি নাজিৰা নগৰৰ কমাউনিটি কেন্দ্ৰত   পৌৰ কৰ বৃদ্ধি সন্দৰ্ভত নাজিৰাত পুনৰ ৰাজহুৱা সভা  অনুষ্ঠিত হয়। জেষ্ঠ নাগৰিক জীতেন ফুকনৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত প্ৰাক্তন অধ্যাপক প্ৰভাত বৰঠাকুৰ, বিমান বৰুৱা ,সত্যনাৰায়ণ কৰ, নাজিৰাৰ প্ৰাক্তন পৌৰপতি আব্দুৰ ৰহমান,জেষ্ঠ নাগৰিক চুলতান মাহমুদক,ৱাছিম আমদ, ৰাজেন চাহু , চৈয়দ মুস্তাক আহমেদ, পৱন আগৰৱালা, মুজিব চৌধৰীকে ধৰি নগৰখনৰ বহুসংখ্যক লোক উপস্থিত থাকে । সভাত বিভিন্ন বক্তাই  নাজিৰা পৌৰসভাই নতুনকৈ নিৰ্দ্ধাৰিত কৰা পৌৰকৰ বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ বাবে আহ্বান জনোৱাৰ লগতে নাগৰিক সকলৰ উমৈহতীয়া স্বাৰ্থত শ্ৰী প্ৰভাত বৰঠাকুৰক সভাপতি, সত্যনাৰায়ণ কৰক কাৰ্যকৰী সভাপতি, আবু কালাম শ্বাহ, জীতেন ফুকন আৰু প্ৰসাদ সন্দিকৈক উপ-সভাপতি, বিমল…

Read More

নিউজ ডেক্স, ৩ জুন,২০২৩ : অসম চৰকাৰে  বিদ্যুৎৰ বিল বৃদ্ধি কৰা  সন্দৰ্ভত কেউদিশে চৰ্চা হৈ থকাৰ সময়তে নাজিৰা সমষ্টিৰ বিধায়ক তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সংবাদমেল সম্বোধন কৰি কয় যে   বিদ্যুৎ উৎপাদনৰ প্ৰচুৰ সম্ভাৱানা থকা স্বত্বেও মুকলি বজাৰৰ পৰা বিদ্যুৎ ক্ৰয় কৰি আনি লাভৰ উপৰত লাভ লৈ ৰাইজক মাধমাৰ শোধাই অহা APDCL এ  দেশৰ আন ৰাজ্যৰ তুলনাত অসমত দুগুণ হাৰত আদায় কৰি আছে বিদ্যুৎ মাচুলৰ Fixed charge  । জুন মাহৰ পৰা প্ৰতি ইউনিত বিদ্যুৎ ৰ মূল্য ৭০ পইছা কৈ বৃদ্ধি পোৱাতো গ্ৰহণযোগ্য নহয়  আৰু সামগ্ৰিক ভাবে সমগ্ৰ বিষয়টো সম্পৰ্কট অসমৰ মাননীয় মুখ্যমন্ত্ৰীক ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে বিৰোধী দলপতি গৰাকীয়ে…

Read More

নিউজ ডেক্স, ৩ জুন,২০২৩:  এইখন অসমত দিনদুপৰতেই যেন সুৰক্ষিত নহয় মহিলা,যুৱতী ৷ এইবাৰ ইৰিক্সাৰ চালক আৰু সতীৰ্থ জড়িত হৈ পৰিছে মহিলা-যুৱতীক অপহৰণ কৰি যৌন নিৰ্যাতনৰ চেষ্টা চলোৱাত।এই ঘটনা সংঘটিত হৈছে নাজিৰাৰ লিগিৰী পুখুৰীত৷নাজিৰাৰ লিগিৰীপুখুৰীত অৱস্থিত নাজিৰা মহকুমা অসামৰিক চিকিৎসালয়লৈ যোৱা তথা চিকিৎসালয়খনতেই নাৰ্চৰ প্ৰশিক্ষণ লৈ থকা এগৰাকী যুৱতীক যৌন নিৰ্যাতন চলোৱাৰ চেষ্টা ইৰিক্সা চালকসহ সতীৰ্থৰ।যুৱতী গৰাকীক নাজিৰাৰ কলেজ তিনিআলিৰ পৰা ভাড়াতীয়া যাত্ৰী ৰূপে  AS04ER1106 নম্বৰৰ ইৰিক্সাত লৈ গৈছিল চালকসহ সতীৰ্থই৷নাজিৰাৰ লিগিৰীপুখুৰীত স্থিত নাজিৰা মহকুমা অসামৰিক চিকিৎসালয় নৌ পাওতেই যুৱতী গৰাকীক অশালীন মন্তব্য আৰু যৌন নিৰ্যাতনৰ চেষ্টা চলাই চালক সহ সতীৰ্থই।নাজিৰা মহকুমা অসামৰিক চিকিৎসালয়লৈ নগৈ আন ৰাষ্টাৰে চালকে ইৰিক্সাখন নিব বিচৰাত  উপায়ন্তৰ…

Read More

নিউজ ডেক্স, ৩১ মে’ , ২০২৩ :  নাজিৰাৰ জিকিৰ গায়িকা চৈয়দা নাবিহা ৰহমানে কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক বিভাগৰ অধীনত ছাত্ৰ বৃত্তি লাভ কৰাত উৎফুল্লিত হৈ পৰিছে স্থানীয় ৰাইজ৷  উল্লেখ্য যে দেশৰ বিভিন্ন প্ৰান্তৰ  সাংস্কৃতিক জগতৰ লগত জড়িত শিশুক উৎসাহিত কৰিবৰ বাবে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ অধীনত ১০- ১৪ বছৰ বয়সৰলৈকে বিভিন্ন বিদ্যালয়ত অধ্যয়নৰত তথা  সাংস্কৃতিক ক্ষেত্ৰৰ লগত জড়িত  শিশুৰ বাবে ১৯৮২ চনৰ পৰা ৰাষ্ট্ৰীয় ভিত্তিত এক বিশেষ জলপানি তথা বৃত্তিৰ ঘোষণা কৰি আহিছে৷ দেশজুৰি মুঠ ৬৫০ জন ছাত্ৰছাত্ৰীক নিৰ্বাচিত কৰা এই বৃত্তিৰ ১০০ খন আসন জনজাতিৰ বাবে, ১২৫ খন আসন পৰম্পৰাগত লোককলাৰ লগত জড়িত সকলৰ বাবে,  ২০ খন আসন বিশেষ ভাবে…

Read More

নিউজ ডেক্স, ২৪ মে’ , ২০২৩ :  বিহুবৰৰ মোচোৱা মুণ্ডা নামৰ লোকজনে গুপ্তধনৰ সন্ধানত বলি দিবলৈ যো-জা চলাইছিল এগৰাকী যুৱতীক৷যুৱতীৰ মাতৃক ২লাখ টকাৰ প্ৰলোভনেৰে  বলি দিয়াৰ চেষ্টা চলাইছিল   যুৱতীগৰাকীক ৷দক্ষিণা গোৱালা নামৰ যুৱতীগৰাকীয়ে কামলৈ যোৱাৰ পথত বলপূৰ্বকভাবে ধৰি নি নৰবলি দিয়াৰ  প্ৰচেষ্টা চলাইছিল মোচোৰা মুণ্ডা নামৰ অভিযুক্ত ব্যক্তি জনে ৷যুৱতী গৰাকীয়ে  আৰক্ষীক অভিযোগ দাখিল কৰাৰ পিছত  বৰ্তমান পলাতক অৱস্থাত আছে অভিযুক্ত মোচোৰা মুণ্ডা । বিহুবৰ আৰক্ষীৰ তদন্ত অব্যাহত ৰাখিছে ।

Read More

নিউজ ডেক্স, ২৩ মে’ , ২০২৩ :  অস্বাভাৱিক হাৰত পৌৰকৰ বৃদ্ধিৰ সন্দৰ্ভত নাজিৰা নগৰত বিগত কেইবামাহ ধৰি তীব্ৰ  প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে নাজিৰাৰ নাগৰিক সকলে বিগত ৫ মাৰ্চত নাজিৰা নাট্য মন্দিৰৰ প্ৰাংগণত এক বৃহৎ ৰাজহুৱা সভা অনুষ্ঠিত কৰি অসমৰ মুখ্যমন্ত্ৰী, পৌৰ প্ৰশাসন মন্ত্ৰী আৰু পৌৰ কৰ্তৃপক্ষক এই কৰ বৃদ্ধিৰ প্ৰস্তাৱ প্ৰত্যাহাৰৰ দাবীত স্মাৰকপত্ৰ পত্ৰ প্ৰদান কৰাৰ পিছত ২৭ এপ্ৰিলত নাজিৰা পৌৰসভাই  ৫% পৌৰকৰ বৃদ্ধি কৰি বিভিন্ন ক্ষেত্ৰত ৰেহাই প্ৰদানৰ দ্বাৰা মুঠ ২’৫% হাৰত পৌৰকৰ বৃদ্ধিৰ প্ৰস্তাৱেৰে নাজিৰা নাট্য মন্দিৰত এক ৰাজহুৱা সভাৰ আয়োজন কৰাৰ  পিছত বৰ্দ্ধিত পৌৰকৰৰ হাৰ কিছু হ্ৰাস কৰে যদিও নতুনকৈ নিদ্ধাৰণ কৰা পৌৰকৰৰ পৰিমাণ পুনৰ হ্ৰাস কৰাৰ…

Read More