Subscribe to Updates
Get the latest creative news from FooBar about art, design and business.
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
- নাজিৰা বিধানসভা সমষ্টিত ভূমি পট্টা বিতৰণ
- অসম অৰুণাচল সীমান্তৰ্বতী সাপেখাতীৰ হোলোঙামৰা গাঁওত এটুপি পানীৰ বাবে হাহাঁকাৰ কৰিছে ৰাইজে
- গাঁৱৰ প্ৰাকৃতিক পৰিবেশত আলি আই লৃগাঙ উদযাপনৰ আহ্বান জনালে অৱন্তী পামেগাম চেতিয়াই
Author: newshuntne
newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.
হাতত ত্ৰিৰংগা লৈ শিক্ষাৰ্থীৰ সৈতে সমদলত ভাগ ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই… আজিৰে পৰা তিনিদিনীয়াকৈ দেশত উদযাপন হ’ব স্বাধীনতা দিৱস। ঘৰে ঘৰে উৰিছে ত্ৰিৰংগা। দেশৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ বাবে আজাদী কা অমৃত মহোৎসৱ কাৰ্যসূচীৰ লগত সংগতি ৰাখি হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী হাতত লোৱা হৈছে। শনিবাৰে সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰভাত ফেৰী কাৰ্যসূচীৰে বিশাল সমদল উলিওৱা হৈছে। শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মহানগৰীত হাতত ত্ৰিৰংগা লৈ সমদলেৰে আজাদী কা অমৃত মহোৎসৱ কাৰ্যসূচী ৰূপায়ণ কৰে।
ভাৰতে মালয়েছিয়াক বিক্ৰী কৰিব ১৮ খনকৈ যুঁজাৰু বিমান ! নাজিৰা 6 আগষ্ট: মালয়েছিয়াক ১৮ খন লাইট কমবেট এয়াৰক্ৰাফ্ট (LCA) “তেজছ” বিক্ৰী কৰাৰ প্ৰস্তাৱ দিছে ভাৰতে। প্ৰাপ্ত তথ্য মতে ভাৰত চৰকাৰে যোৱা বছৰ চৰকাৰৰ মালিকানাধীন হিন্দুস্তান এৰোনটিক্স লিমিটেডক এটা ডাঙৰ চুক্তি দিছিল। প্ৰতিৰক্ষা মন্ত্ৰালয়ে ভাৰতীয় বায়ু সেনাৰ বাবে ৮৩ খন তেজছ লাইট কমবেট এয়াৰক্ৰাফ্ট ক্ৰয় কৰাৰ বাবে যোৱা বছৰ ফেব্ৰুৱাৰীত এইচএএলৰ সৈতে ৪৮,০০০ কোটি টকাৰ চুক্তি স্বাক্ষৰ কৰিছিল। এইচ.এ.এল.-য়ে ২০২৩ চনৰ পৰা এই বিমানসমূহৰ বিতৰণ আৰম্ভ কৰিব লাগিব।তেজস এখন বিশেষ বিমান। কিন্তু ইয়াৰ কিছুমান প্ৰত্যাহ্বান আছে। এবাৰ ভাৰতীয় নৌসেনাই ইয়াক অতি গধুৰ বিমান হোৱাৰ বাবে প্ৰত্যাখ্যান কৰিছিল। প্ৰতিৰক্ষা মন্ত্ৰালয়ে সংসদক…
ছিকিমত দুৰ্ঘটনাগ্ৰস্ত অসম বিধানসভাৰ উপাধ্যক্ষ নোমল মমিনৰ কনভয় নাজিৰা,৬ আগষ্ট: আজি পুৱা অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনৰ কনভয় এক দুৰ্ঘটনাত পতিত হয়। ছিকিমৰ গেংটকৰ পৰা বাগডোগ্ৰা বিমানবন্দৰ অভিমুখে গৈ থকা অৱস্থাত দুৰ্ঘটনাটো সংঘটিত হয়। ৰাণীপলত এখন ডাম্পাৰৰ সৈতে পাইলট গাড়ীখনৰ সংঘৰ্ষ হোৱাত এই দুৰ্ঘটনাটো ঘটে। দুৰ্ঘটনাটোত ৰোষণ নামৰ চালকজন সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হোৱাত তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ডাঃ নুমল মমিনে টুইটযোগে কয়, ‘আজি পুৱা প্ৰায় ৬.৪৫ বজাত আমাৰ পাইলট গাড়ীখনে বাগডোগ্ৰা বিমানবন্দৰলৈ যোৱাৰ পথত এটা ডাঙৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে’। এই দুৰ্ঘটনাটোত পাইট গাড়ীখনৰ চালকজন সামান্য পৰিমানে আঘাতপ্ৰাপ্ত হোৱা বুলি উল্লেখ কৰি তেওঁ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে…
কমনৱেল্থ গেইমছৰ পেৰা পাৱাৰ লিফ্টিঙত স্বৰ্ণ আৰু লং জাম্পত ৰূপৰ পদক ভাৰতৰ I নাজিৰা ৫ আগষ্ট: লং জাম্পতো ইতিহাস সৃষ্টি কৰিলে আন এগৰাকী ভাৰতীয় খেলুৱৈয়ে। শ্ৰীশংকৰে দ্বিতীয় ভাৰতীয় এথলীট হিচাপে এই ইভেণ্টত আঁজুৰি আনিলে পদক। লং জাম্পতো ইতিহাস সৃষ্টি কৰিলে আন এগৰাকী ভাৰতীয় খেলুৱৈয়ে। শ্ৰীশংকৰে দ্বিতীয় ভাৰতীয় এথলীট হিচাপে এই ইভেণ্টত আঁজুৰি আনিলে পদক। ভাৰতৰ সুধীৰে কমনৱেল্থ গেমছত পেৰা পাৱাৰ লিফ্টিং ইভেণ্টত পুৰুষ হেভিৱেট ফাইনেলত নতুন অভিলেখৰ সৈতে স্বৰ্ণপদক লাভ কৰিছে। লগে লগে ইতিহাস ৰচনা কৰিলে তেওঁ। সুধীৰে কমনৱেল্থ গেমছত পেৰা পাৱাৰ লিফ্টিং ইভেণ্টত স্বৰ্ণপদক জয়ী প্ৰথমগৰাকী এথলীট। আনহাতে, লং জাম্পতো ইতিহাস সৃষ্টি কৰিলে আন এগৰাকী ভাৰতীয় খেলুৱৈয়ে। শ্ৰীশংকৰে…
SAYED KHAIRUL HASSAN বৰ্তমান দুৰন্ত গতিত সমগ্ৰ বিশ্বতে প্ৰভাৱ বিস্তাৰ কৰা ছ’চিয়েল মিডিয়া তথা সামাজিক মাধ্যমে সাংবাদিকতাৰ ক্ষেত্ৰত এক আমূল পৰিবৰ্তন অনা পৰিলক্ষিত হৈছে৷ ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদন অনুসৰি সমগ্ৰ বিশ্বৰ মুঠ জনসংখ্যাৰ ৪৭ শতাংশৰো অধিক লোকে ইণ্টাৰনেট ব্যৱহাৰ কৰে আৰু এই লোকসকলৰ মাজত ছ’চিয়েল মিডিয়াৰ গুৰুত্ব ক্ৰমান্বয়ে বৃদ্ধি পোৱাৰ লগতে জনমত গঠনৰ ক্ষেত্ৰতো ই বলিষ্ঠ ভূমিকা গ্ৰহণ কৰি আহিছে ৷ বৰ্তমান বৃহৎ পুঁজিপতি গোষ্ঠীৰ দ্বাৰা স্ব আৰোপিত নিৰ্দ্দেশনাৰ ভিত্তিত প্ৰচাৰিত এক বিশেষ ধাৰণাৰ পৰম্পৰাগত সংবাদ মাধ্যমৰ বিপৰীতে সামাজিক মাধ্যমৰ জড়িয়তে এক স্বতন্ত্ৰ, মুক্ত সাংবাদিকতাই গঢ় লৈ উঠাৰ সময়ত সৃজনশীল আৰু গঠনমূলক মানসিকতাৰে ছাইৰ মাজতো ফিৰিঙতিৰ সন্ধাানত ,নেতিবাচক বাতৰিৰ মাজতো ইতিবাচক…
চৰকাৰী তথ্যানুসৰি দেশৰ ১১.৪০ লাখ লোক মাৰাত্মক কোকেইনৰ ৰাগীত আসক্ত : ২০ লাখ নাবালকে সেৱন কৰে গাঞ্জা৷
চৰকাৰী তথ্যানুসৰি দেশৰ ১১.৪০ লাখ লোক মাৰাত্মক কোকেইনৰ ৰাগীত আসক্ত : ২০ লাখ নাবালকে সেৱন কৰে গাঞ্জা৷ নাজিৰা, ৫ আগষ্ট :- মাদক দ্ৰব্যৰ বিৰুদ্ধে দেশত ব্যাপক অভিযান চলাই থকাৰ সময়ছোৱাতেই সংসদৰ বৰ্ষাকালীন অধিৱেশনত এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে৷ বহুলোক এতিয়া বিভিন্ন মাদক দ্ৰব্যত আসক্ত হৈছে৷ যি সময়ত চৰকাৰে মাদক দ্ৰব্যৰ বিৰুদ্ধে ব্যাপক অভিযান চলাই আছে, তেনে সময়তে কোটি কোটি লোক বিভিন্ন মাদক দ্ৰব্যৰ সেৱনত লিপ্ত হৈছে৷ বিভিন্ন মাদক দ্ৰব্যৰ সেৱনত এতিয়া শিশুসকলো নামি পৰিছে৷ নিজৰ ভৱিষ্যতক বিপদৰ মুখ্যলৈ ঠেলি লাখ লাখ শিশু এতিয়া দিনে-নিশাই মাদক দ্ৰব্যৰ সেৱনত লিপ্ত হৈ পৰিছে৷ দেশৰ কমেও ২০ লাখ নাবালকে সেৱন কৰে গাঁজাৰ দৰে মাদক…
नाजिरा में न्यूज हंट वेब पोर्टल का शुभारंभ। आधुनिक सूचना प्रौद्योगिकी के साथ आज नाजिरा के संवाद जगत में न्यूज हंट नामक वेब पोर्टल का औपचारिक रूप से शुभारंभ किया गया। नाजिरा के एम सी क्लब में आयोजित उद्घाटन समारोह में क्षेत्र से जुड़े प्रशासनिक, सामाजिक, बौद्धिक एवं राजनैतिक क्षेत्र से जुड़े गणमान्य लोगो सहित मीडिया कर्मी उपस्थित थे । इस अवसर पर न्यूज हंट वेब पोर्टल की ओर से हाल ही में घोषित मैट्रिक एवं हायर सेकंडरी परीक्षा में उत्तीर्ण मेधावियों का अभिनंदन किया गया। उल्लेखनीय है कि इस पोर्टल पर असमिया भाषा के साथ ही हिन्दी एवं अंग्रेजी…
অসমৰ ডিজিটেল সংবাদ জগতত নৱ সংযোজন “নিউজ হাণ্ট”ৰ(NEWSHUNT)শুভউদ্বোধন I অনুসন্ধানমূলক আৰু সত্যনিষ্ঠ বাতৰি প্ৰচাৰৰ প্ৰতিশ্ৰুতিৰে অসমৰ ডিজিতেল সংবাদ জগতত আজি প্ৰৱেশ ঘটিল “নিউজ হাণ্ট”(NEWSHUNT) নামৰ এক ৱেব পৰ্টেল । নাজিৰাৰ এম চি ক্লাবত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গন্যমাণ্য ব্যক্তিৰ উপস্থিতিত “নিউজ হাণ্টৰ”(NEWSHUNT) শুভউদ্বোধন কৰা হয় । স্কুলীয়া ছাত্ৰীৰ দ্বাৰা পৰিৱেশিত বৰগীত আৰু জিকিৰে আৰম্ভ হোৱা উদ্বোধনী অনুষ্ঠানতিৰ আঁত ধৰে নাজিৰা প্ৰেছ ক্লাবৰ সভাপতি বুলু চেতিয়াই । শিৱসাগৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি দুৰ্লভ বুঢ়াগোহাঁই, বিশিষ্ট সাংবাদিক বীৰেণ শৰ্মা, নাজিৰা মহকুমা তথ্য আৰু জনসংযোগ বিষয়া বৰ্ণালী দত্ত, জ্যেষ্ঠ সাংবাদিক এম আই বৰাকে আদি কৰে বহু বিশিষ্ট ব্যক্তি অনুষ্ঠানত উপস্থিত থাকি ‘নিউজ…
শিমলুগুৰি আৰক্ষী থানাত নৱনিৰ্মিত শিৱ মন্দিৰ শুভউদ্বোধন। শিৱ, পাৰ্ৱতী, গনেশ আৰু কাৰ্তিকৰ প্ৰতিমা স্থাপন৷ শিৱসাগৰ জিলাৰ শিমলুগুৰি আৰক্ষী থানাৰ চৌহদত আজি এটি নৱনিৰ্মীত শিৱ মন্দিৰৰ শুভউদ্বোধন কৰা হয়। শিমলুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সূৰ্য্য বৰাৰ প্ৰচেষ্টাত নিৰ্মিত শিৱ মন্দিৰটোত শিৱ পাৰ্ৱতীৰ লগতে গনেশ আৰু কাৰ্তিকৰ প্ৰতিমাৰে নৱ নিৰ্মিত সুন্দৰ মন্দিৰটি পুজা-পাৰ্ৱনেৰে মুকলি কৰে কেইবাজনো পুৰুহিতে। থানাখনৰ চৌহদত নিৰ্মাণ কৰা মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত স্থানীয় বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ আনহাতে থানা চৌহদত নিৰ্মাণ কৰা এই মন্দিৰটোৰ জৰিয়তে অঞ্চলটোত ভক্তি ভাৱৰ মহিমা বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰে স্থানীয় লোক সকলে৷
নাজিৰাৰ ৰজাপুলত কণ কণ লৰা ছোৱালীৰ অংকীয়া ভাওনা প্ৰৰ্দশন, ছাত্ৰ-ছাত্ৰীৰ অভিনয়ে সকলোকে মুগ্ধ কৰে I বৃহস্পতি বাৰৰ নিশা নাজিৰাৰ ৰজাপুলত কণ কণ লৰা-ছোৱালীৰ অংকীয়া ভাওনা প্ৰৰ্দশনে দৰ্শনাৰ্থীক আপ্লুত কৰে । অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ শিমলুগুৰি সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত প্ৰাইম এণ্টাৰপ্ৰাইজ আৰু ৰজাপুল আঞ্চলিক ভাওনা সমিতিৰ সহযোগত ৰজাপুল ৰংগ মঞ্চত অনুষ্ঠিত অংকীয়া ভাওনা প্ৰৰ্দশনত অঞ্চলটোৰ প্ৰায় উনত্ৰিশ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহন কৰে । তেওঁলোকৰ অভিনয় শৈলীয়ে সকলোকে মুগ্ধ কৰে । চৈধ্য দিনীয়া অংকীয়া ভাওনা কৰ্মশালাৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি অংকীয়া ভাওনা প্ৰদৰ্শন কৰা হয় । কৰ্মশালাৰ মুখ্য প্ৰশিক্ষক আছিল অচিন্ত মহন্ত । নাজিৰাৰ বিধায়ক তথা অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত…

