Author: newshuntne

newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.

নিউজ ডেস্ক, ১৬ জানুৱাৰী,২০২৩: অসমৰ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলীৰ ১৩ বছৰীয়া উত্তম তাঁতীক ২০২৩ বৰ্ষৰ ৰাষ্ট্ৰীয় সাহসিকতা বঁটা প্ৰদান কৰা হ’ব।বিগত ২০১৯ চনত মাত্ৰ ১০ বছৰ বয়সতে  এগৰাকী মহিলা আৰু তেওঁৰ পুত্ৰক বানপানীত উটি যোৱাৰ সময়ত জীৱন ৰক্ষা কৰাৰ বাবে উত্তমক এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হয়৷ অহা ২৬ জানুৱাৰীত গণতন্ত্ৰ দিৱসৰ দিনা নতুন দিল্লীত এই বঁটা প্ৰদান কৰা হ’ব ৷

Read More

নিউজ ডেক্স,১৫ জানুৱাৰী,২০২৩ : আজি বাংগালোৰস্থ গোবিন্দস্বামী পেৰেড গ্ৰাউণ্ডত সেনা দিৱসৰ কাৰ্যসূচী আৰম্ভ হয়। অনুষ্ঠানটোত সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডেৰ লগতে বহু উচ্চ পদস্থ বিষয়া উপস্থিত আছিল। এইবাৰ সেনা দিৱসৰ বিষয়বস্তু হৈছে ‘ৰক্তদান কৰক – জীৱন ৰক্ষা কৰক’। উল্লেখ্য যে প্ৰথমবাৰৰ বাবে দিল্লীৰ বাহিৰত সেনা দিৱস উদযাপন কৰা হয়৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৫ সংখ্যক সেনা দিৱস উপলক্ষে সেনা জোৱান, প্ৰাক্তন সৈনিক আৰু তেওঁলোকৰ পৰিয়ালক শুভেচ্ছা জনাইছে। প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিজন ভাৰতীয়ই সেনাবাহিনীক লৈ গৌৰৱান্বিত। আমি আমাৰ সৈনিকসকলৰ প্ৰতি সদায় কৃতজ্ঞ হৈ থাকিম। সৈন্যসকলে সদায় দেশখন সুৰক্ষিত ৰাখিছে।

Read More

নিউজ ডেক্স, ১৫ জানুৱাৰী,২০২৩ : তামিলনাডুৰ দেওবাৰে পোংগল উপলক্ষে জাল্লিকাট্টু অনুষ্ঠানৰ সময়ত কমেও ২৩ জন লোক আহত হয়।আহতসকলৰ ১৩ জনক মাদুৰাই ৰাজাজী চৰকাৰী চিকিত্‍সা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে৷জাল্লিকাট্টুৰ খেলত,খেলুৱৈসকলে মুকলিকৈ খুলি দিয়া এটা ষাঁড় গৰু নিয়ন্ত্ৰণ কৰিব লাগে। এই খেলটো পোংগল উপলক্ষে উদযাপন কৰা হয়।বিজয়ীসকলক দুচকীয়া বাহন, কাপোৰ, গহনা আৰু ধন প্ৰদান কৰা হয়।পোংগল হৈছে তামিলনাডুৰ আটাইতকৈ ডাঙৰ উত্‍সৱ, যাক ১৫ ৰ পৰা ১৮ জানুৱাৰীলৈ উদযাপন কৰা হয় আৰু জাল্লিকাট্টুৰ খেল পোংগলৰ  এক অংশস্বৰূপ৷

Read More

নিউজ ডেক্স,১৫ জানুৱাৰী,২০২৩ :  ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নাজিৰাৰ দৰিকীয়াল গাওঁতো ভোগালীৰ মেজি প্ৰজ্জ্বলন কৰিসমগ্ৰ অসমবাসীৰ মংগল কামনাৰে  মেজিৰ অগ্নিত সেৱা ললে অজস্ৰজনে।

Read More

न्यूज डेस्क -13जनवरी पूर्वोत्तर के राज्य असम के लोक जीवन में परंपरागत उत्सव एवं संस्कृति के रूप में मनाए जाने वाले पर्व बिहू ने आज पूरे विश्व में अपनी एक खास पहचान बनाई है। देश के विभिन्न क्षेत्रों में मकर संक्रान्ति का पर्व मनाए जाने की परंपरा रही है,भले ही स्थान भेद के कारण इस पर्व को अलग अलग नामों से पुकारा जाता रहा हो। असम भी मुख्य रूप से कृषि प्रधान राज्य के रुप में जाना जाता है। अपने खेत खलिहानों से धान की फसल को पकने के बाद ,अपने घरों में लेकर आने की खुशी में यहां के…

Read More

নিউজ ডেক্স, ১১ জানুৱাৰী ২০২৩ : আজি নাজিৰা মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান তথা অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযানৰ সহযোগত নাজিৰা বৰবৰুৱা পুখুৰী পাৰত তিনিদিনীয়া কাৰ্যসূচীৰে পৰম্পৰাগত খাদ্য, বস্ত্ৰ প্ৰদৰ্শনী ও বিক্ৰী “প্ৰাক ভোগালী মেলা, ২০২৩” ৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত নাজিৰা মহকুমাৰ মহকুমাধিপতি আয়ুষী জৈনৰ উপস্থিতিত, নাজিৰা বিধান সভা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াই মেলা খনৰ শুভ উদ্বোধন কৰে। মহকুমাধিপতি আয়ুষী জৈনে উপস্থিত সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাই কয় যে, “আমি মহিলা আত্মসহায়ক গোট সমূহৰ দ্বাৰা উৎপাদিত পিঠা -পনা আৰু অন্যান্য সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ এই মেলাৰ আয়োজন কৰিছো। তেওঁলোকক আৰ্থিক ভাৱে সবল আৰু…

Read More

নিউজ ডেক্স ,১১ জানুৱাৰী ২০২৩ : অসমৰ বিশিষ্ট লেখক , অনুবাদক আৰুণি কাশ্যপলৈ আগবঢ়োৱা হৈছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ২০২৩ বৰ্ষৰ নেশ্যনেল এণ্ডাউমেণ্ট ফৰ দ্য আর্টছ ফেল’শ্বিপ। পোন প্ৰথমবাৰৰ বাবে অসমীয়া ভাষালৈ আগবঢ়োৱা হৈছে এই সন্মান ৷ অসমীয়া আৰু ইংৰাজী ভাষাৰ চুটিগল্প, উপন্যাস আৰু কবিতাৰ লেখক অৰুণী কাশ্যপে অসমীয়াৰ পৰা আন ভাষালৈ অনুবাদ কৰিছে বহু সাহিত্য ৷

Read More

নিউজ ডেক্স,১০ জানুৱাৰী,২০২৩ : নাজিৰাত যোৱা ৯ জানুৱাৰীত উপস্থিত হয় অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী,দক্ষতা,নিয়োগ আৰু উদ্যমিতা,পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত বিজেপিৰ নাজিৰা বিধান সভা সমষ্টিৰ নাজিৰা নগৰ মণ্ডল আৰু শিমলুগুৰি নগৰ মণ্ডল বিজেপিৰ বুথ সভাপতি,শতাধিক সদস্য-সদস্যা,বিষয়ববীয়াৰে এই দলীয় সভা অনুস্থিত হয় নাজিৰাৰ মিলন মন্দিৰত। দলটো কি দৰে অধিক শক্তিশালী দল হিচাপে আগুৱাই নিব পাৰি,আগন্তুক লোকসভা নিৰ্বাচনত কিদৰে বিজেপিয়ে ৰাইজৰ আস্থাভাজন হৈ নিৰ্বাচনত জয়ী হ’ব সেই সম্পৰ্কে এই দলীয় সভাত আলোচনা কৰা হয়।এই দলীয় সভাতেই সমষ্টি পুনঃনিৰ্ধাৰণ আৰু বিলুপ্তকৰণ প্ৰক্ৰিয়া সম্পৰ্কতো মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আগবঢ়াই গুৰুত্ব পূৰ্ণ মন্তব্য।অসমৰ সমষ্টি পুনঃনিৰ্ধাৰণ আৰু বিলুপ্তকৰণ প্ৰক্ৰিয়া এনেকুৱা হিচাপত…

Read More

অহা ৩ ফেব্ৰুৱাৰীত দেশজুৰি মুকলি হ’ব ড০ বেজবৰুৱা–২ : বিভিন্ন স্থানৰ ১০০খনতকৈও অধিক স্ক্ৰীণত একেলগে মুক্তি পাব ছবিখন নিউজ ডেক্স, ৯ জানুৱাৰী : অহা ৩ ফেব্ৰুৱাৰীত দেশজুৰি মুকলি হ’ব অসমীয়া কথাছবি ড° বেজবৰুৱা-২। অসমৰ লগতে দেশৰ কেইবাখনো চহৰত মুকলি হ’বলগা ড০ বেজবৰুৱা একেলগে ১০০ খনতকৈও অধিক স্ক্ৰীণত একেদিনাই শুভমুক্তি হ’ব। সোমবাৰে শক্তিপীঠ মা কামাখ্যা মন্দিৰৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হ’ল ছবিখনৰ প্ৰমোশ্যন। আজি কামাখ্যাত সেৱা লৈ মন্দিৰ প্ৰদক্ষিণ কৰে জুবিন গাৰ্গৰ লগতে ছবিখনৰ প্ৰযোজক সঞ্জীৱ নাৰায়ণ, অভিনেতা সিদ্ধাৰ্থ গোস্বামী, কিংকিনী ভট্টাচাৰ্যৰ লগতে কলা কুশলীসকলে। ৰাইজলৈ জুবিন গাৰ্গৰ আহ্বান – ‘দৌৰি দৌৰি আহক ড০ বেজবৰুৱা চাওক।’ ছবিখনত দৰ্শকে সকলো দিশতে নতুন সোৱাদ…

Read More

নিউজ ডেক্স,৯ জানুৱাৰী ২০২৩: যোৱা নিশা প্ৰায় ১১ বজাত শিৱসাগৰৰ দিখৌ দলঙৰ সমীপত পথ দুৰ্ঘটনাত পতিত হয় কণ্ঠশিল্পী মহেন্দ্র হাজৰিকাৰ বাহন দুৰ্ঘটনাগ্রস্ত বাহনখনে নিয়ন্ত্রণ হেৰুৱাই দলঙৰ কাষৰ এজোপা গছত খুন্দোৱাৰ ফলত আহত হয় শিল্পীগৰাকী। জয়সাগৰৰ পৰা শিৱসাগৰ অভিমুখে আহি থকাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা। শিল্পীগৰাকীক ততাতৈয়াকৈ শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। মূৰ আৰু হাতত আঘাত পোৱা শিল্পীগৰাকীৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি চিকিৎসকে জানাইছে৷

Read More